--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনাই হতভম্ব কৰি তুলিছে উত্তৰ প্ৰদেশৰ চিকিৎসকক৷ ১৪ দিনৰ কেঁচুৱা এটিৰ গৰ্ভত তিনিটাকৈ ভ্ৰূণৰ উপস্থিতি ধৰা পৰাৰ পিছতে বহুতে আচৰিত হৈ পৰিছে৷  চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছতনৱজাতকটিৰ শৰীৰৰ পৰা ভ্ৰূণ তিনিটা আঁতৰ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান বাৰানসীৰ বি.এইচ.ইউৰ চিকিৎসকৰ নিৰীক্ষণত আছে ১৪  দিনৰ কেঁচুৱাটি৷ 

এয়া আচৰিত ঘটনা যেন লাগে যদিও কোনো প্ৰকাৰে অবাস্তৱ ঘটনা নহয় বুলি বহু চিকিৎসকে মন্তব্য কৰিছে৷  চিকিৎসকে প্ৰকাশ কৰিছে যে এয়া এটা চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বিশেষ  পৰিস্থিতি৷ য'ত মাতৃ গৰ্ভত থাকোতে শিশুটোৰ শৰীৰলৈ ভ্ৰূণৰ আগমণ ঘটে৷ এনে ঘটনা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও বিশ্বৰ বহু ঠাইত এনে ঘটনা ঘটিছে৷ ভ্ৰূণে কেৱল শিশুৰ গৰ্ভাশয়তে স্থিতি নলয়, মগজুতো ল’ব পাৰে। শেহতীয়াকৈ তেনে এক ঘটনাৰেই প্ৰমাণ পাইছে এদল চিকিৎসকে।

 চীনৰ  এদল চিকিৎসকে এটি  এবছৰীয়া ল’ৰা সন্তানৰ মগজুত যমজ সন্তানৰ উপস্থিতি ধৰা পৰাৰ পিছতে আচৰিত হৈ পৰিছিল। নিউৰোলজী আলোচনীত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছিল যে  শিশুটিয়ে  মস্তিষ্কৰ সমস্যাত ভুগি আছিল। এই সময়ছোৱাত তেওঁৰ মূৰৰ আকাৰ বাঢ়ি গৈ আছিল। ছাংহাইৰ চিকিৎসকসকলে শিশুটোৰ চিকিৎসা কৰাৰ আগতে মগজুৰ  স্কেন কৰিছিল। 

তেতিয়াই চিকিৎসকে লক্ষ্য কৰিলে  যে শিশুটোৰ মগজুত দুটা যমজ ভ্ৰূণ আছে! চিকিৎসা বিজ্ঞানৰ  ভাষাত, এনে ঘটনাক  মনোকোৰিঅনিক ডায়েনেটিক বুলি কোৱা হয়। যদি  শিশুৰ শৰীৰত কোনো ভ্ৰূণ পোৱা যায়, ইয়াক পৰজীৱী যমজ বুলি কোৱা হয়।  যদিও এনে ধৰণৰ ঘটনা বিৰল, ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছে । ১৯৯৭ চনত ইজিপ্তত এজন ১৬ বছৰীয়া কিশোৰৰ  পেটৰ ভিতৰত এটা ভ্ৰূণ আৱিষ্কাৰ কৰা হৈছিল, যিটো তেওঁৰ পেটত ১৬ বছৰ ধৰি  আছিল।

যোৱা বছৰ নৱেম্বৰত ভাৰতৰ ঝাৰখণ্ডৰ ৰাঁচীৰ চিকিৎসকসকলে এগৰাকী ২১ দিনীয়া ছোৱালীৰ পেটৰ পৰা আঠটা ভ্ৰূণ আঁতৰ কৰিছিল। চিকিৎসকসকলে কৈছিল যে ভ্ৰূণবোৰৰ  আকাৰ ৩ চেমিৰ পৰা ৫ চেমিলৈকে আছিল আৰু সেইবোৰ পেটৰ এটা থলীৰ ভিতৰত আছিল।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ