--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনাই হতভম্ব কৰি তুলিছে উত্তৰ প্ৰদেশৰ চিকিৎসকক৷ ১৪ দিনৰ কেঁচুৱা এটিৰ গৰ্ভত তিনিটাকৈ ভ্ৰূণৰ উপস্থিতি ধৰা পৰাৰ পিছতে বহুতে আচৰিত হৈ পৰিছে৷  চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছতনৱজাতকটিৰ শৰীৰৰ পৰা ভ্ৰূণ তিনিটা আঁতৰ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান বাৰানসীৰ বি.এইচ.ইউৰ চিকিৎসকৰ নিৰীক্ষণত আছে ১৪  দিনৰ কেঁচুৱাটি৷ 

এয়া আচৰিত ঘটনা যেন লাগে যদিও কোনো প্ৰকাৰে অবাস্তৱ ঘটনা নহয় বুলি বহু চিকিৎসকে মন্তব্য কৰিছে৷  চিকিৎসকে প্ৰকাশ কৰিছে যে এয়া এটা চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বিশেষ  পৰিস্থিতি৷ য'ত মাতৃ গৰ্ভত থাকোতে শিশুটোৰ শৰীৰলৈ ভ্ৰূণৰ আগমণ ঘটে৷ এনে ঘটনা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও বিশ্বৰ বহু ঠাইত এনে ঘটনা ঘটিছে৷ ভ্ৰূণে কেৱল শিশুৰ গৰ্ভাশয়তে স্থিতি নলয়, মগজুতো ল’ব পাৰে। শেহতীয়াকৈ তেনে এক ঘটনাৰেই প্ৰমাণ পাইছে এদল চিকিৎসকে।

 চীনৰ  এদল চিকিৎসকে এটি  এবছৰীয়া ল’ৰা সন্তানৰ মগজুত যমজ সন্তানৰ উপস্থিতি ধৰা পৰাৰ পিছতে আচৰিত হৈ পৰিছিল। নিউৰোলজী আলোচনীত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছিল যে  শিশুটিয়ে  মস্তিষ্কৰ সমস্যাত ভুগি আছিল। এই সময়ছোৱাত তেওঁৰ মূৰৰ আকাৰ বাঢ়ি গৈ আছিল। ছাংহাইৰ চিকিৎসকসকলে শিশুটোৰ চিকিৎসা কৰাৰ আগতে মগজুৰ  স্কেন কৰিছিল। 

তেতিয়াই চিকিৎসকে লক্ষ্য কৰিলে  যে শিশুটোৰ মগজুত দুটা যমজ ভ্ৰূণ আছে! চিকিৎসা বিজ্ঞানৰ  ভাষাত, এনে ঘটনাক  মনোকোৰিঅনিক ডায়েনেটিক বুলি কোৱা হয়। যদি  শিশুৰ শৰীৰত কোনো ভ্ৰূণ পোৱা যায়, ইয়াক পৰজীৱী যমজ বুলি কোৱা হয়।  যদিও এনে ধৰণৰ ঘটনা বিৰল, ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছে । ১৯৯৭ চনত ইজিপ্তত এজন ১৬ বছৰীয়া কিশোৰৰ  পেটৰ ভিতৰত এটা ভ্ৰূণ আৱিষ্কাৰ কৰা হৈছিল, যিটো তেওঁৰ পেটত ১৬ বছৰ ধৰি  আছিল।

যোৱা বছৰ নৱেম্বৰত ভাৰতৰ ঝাৰখণ্ডৰ ৰাঁচীৰ চিকিৎসকসকলে এগৰাকী ২১ দিনীয়া ছোৱালীৰ পেটৰ পৰা আঠটা ভ্ৰূণ আঁতৰ কৰিছিল। চিকিৎসকসকলে কৈছিল যে ভ্ৰূণবোৰৰ  আকাৰ ৩ চেমিৰ পৰা ৫ চেমিলৈকে আছিল আৰু সেইবোৰ পেটৰ এটা থলীৰ ভিতৰত আছিল।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন