--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে৷ কালি সৰ্বশিক্ষা মিছনৰ কাহিলীপাৰাৰ কাৰ্যালয় ঘেৰাও কৰিছিল প্ৰতিবাদী শিক্ষকে৷ ৪০ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ আন্দোলনৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়ায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ শিক্ষকৰ সমস্যা সমাধানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই৷ শিক্ষকৰ সমস্যালৈ পিঠি দি আন্দোলনকাৰী শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়া অসম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ খালী হৈ থকা শিক্ষকৰ পদসমূহ অচিৰেই পূৰণ কৰাৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ অভিযোগ, বাজেটত ধার্য ১০০ কোটিৰ এটকাও আজিলৈ লাভ কৰা নাই কটন বিশ্ববিদ্যালয়ে৷ ছাত্ৰ মুক্তিৰ মতে, ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত অসমৰ শিক্ষা ক্ষেত্ৰক আগুৱাই নিব পৰাকৈ বিশেষ একো নাই৷ তাৰ বিপৰীতে ছাত্ৰীক স্কুটি দিয়াতহে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে গুৰুত্ব দিছে বুলি মন্তব্য সংগঠনটোৰ নেতৃবৰ্গৰ৷ লগতে, শিক্ষকৰ সমস্যা সমাধান নকৰিলে অচিৰেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি মন্তব্য কৰে৷ সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন এগৰাকী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী, কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক