--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে৷ কালি সৰ্বশিক্ষা মিছনৰ কাহিলীপাৰাৰ কাৰ্যালয় ঘেৰাও কৰিছিল প্ৰতিবাদী শিক্ষকে৷ ৪০ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ আন্দোলনৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়ায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ শিক্ষকৰ সমস্যা সমাধানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই৷ শিক্ষকৰ সমস্যালৈ পিঠি দি আন্দোলনকাৰী শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়া অসম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ খালী হৈ থকা শিক্ষকৰ পদসমূহ অচিৰেই পূৰণ কৰাৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ অভিযোগ, বাজেটত ধার্য ১০০ কোটিৰ এটকাও আজিলৈ লাভ কৰা নাই কটন বিশ্ববিদ্যালয়ে৷ ছাত্ৰ মুক্তিৰ মতে, ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত অসমৰ শিক্ষা ক্ষেত্ৰক আগুৱাই নিব পৰাকৈ বিশেষ একো নাই৷ তাৰ বিপৰীতে ছাত্ৰীক স্কুটি দিয়াতহে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে গুৰুত্ব দিছে বুলি মন্তব্য সংগঠনটোৰ নেতৃবৰ্গৰ৷ লগতে, শিক্ষকৰ সমস্যা সমাধান নকৰিলে অচিৰেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি মন্তব্য কৰে৷ সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন এগৰাকী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী, কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু