--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিজেপিৰ বিৰুদ্ধে ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে প্ৰাক্তন সহযোগী দল শিৱসেনাৰ। পুৰণি সহযোগী দলটোৰ বিৰুদ্ধে নজিৰবিহীন আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক। শুকুৰবাৰে বিজেপিক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয়, ‘ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ডাউড ইব্ৰাহিমৰ নামত ভোট বিচাৰিব নেকি? উল্লেখ্য যে, এনচিপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ পদত্যাগৰ দাবীৰে সৰৱ হৈ উঠিছে বিজেপি শিবিৰ। তাৰ প্ৰত্যুত্তৰতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে উদ্ধৱ থাকৰে। উল্লেখ্য যে, ধনৰ অবৈধ লেনদেনক এটা গোচৰত নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছিল ইডি-এ। কেন্দ্ৰীয় সংস্থাটোৱে দাবী কৰিছিল যে আণ্ডাৰৱৰ্ল্ড ডন ডাউড ইব্ৰাহিমৰ সৈতে সম্পৰ্ক আছে নৱাব মালিকৰ। আৰু এই অভিযোগক লৈয়েই বিজেপিয়ে নৱাব মালিকৰ পদত্যাগ দাবী কৰিছে। আজি মহাৰাষ্ট্ৰ বিধানসভাত উদ্ধৱ ঠাকৰেই বিষয়টো উত্থাপন কৰিছিল। তেওঁ বিজেপিক সমালোচনা কৰি কয় যে, ‘ডাউড ইব্ৰাহিম ক'ত আছে? তেওঁ ক'ত আছে কোনোবাই জানে নেকি? আপোনালোকে ৰাম মন্দিৰৰ নামত যোৱা নিৰ্বাচনত যুঁজিছিল। আপুনি এতিয়া ডউদৰ নামত ভোট বিচাৰিব নেকি? অ’বামাই কেতিয়াবা বিন লাডেনৰ নামত ভোট বিচাৰিছিল নেকি? যদি আপোনাৰ ক্ষমতা আছে, ডাউডক হত্যা কৰক। আপোনালোকে সেইটো কৰিব পাৰিব জানো?’ উদ্ধৱে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ বৰ্তমানৰ নেতা দেৱেন্দ্ৰ ফাড়নৱিছকো লক্ষ্য কৰি লৈছিল। তেওঁ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ সততাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। ‘নৱাব মালিকৰ বহু বছৰ ধৰি ডাউড ইব্ৰাহিমৰ সৈতে সম্পৰ্ক আছে বুলি অভিযোগ কৰা হৈছে। যদি সেইটোৱেই হয়, কেন্দ্ৰীয় সংস্থাবোৰে ইমান দিন ধৰি কি কৰি আছিল? মই ভাবোঁ ইডিয়েই ৰাজ্যখনৰ বিৰোধী দলৰ নেতা দেৱেন্দ্ৰ ফাডনাবিছক নিযুক্তি দিছে। আৰু সেইকাৰণে তেওঁ ঘটনাটোৰ সৈতে সম্পৰ্কিত বিভিন্ন নথিপত্ৰ ইডিক প্ৰদান কৰি আছে! এই কথা তেওঁ নিজেই এবাৰ দাবী কৰিছে!’ উল্লেখ্য যে, নৱাব মালিকক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ এতিয়া ন্যায়িক জিম্মাত আছে আৰু সমগ্ৰ বিষয়টো বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে। উদ্ধৱ ঠাকৰেই সেই বিষয়টো উল্লেখ কৰি বিজেপিয়ে ইয়াত অযথা হস্তক্ষেপ কৰাৰ অভিযোগ কৰে। উল্লেখ্য যে, বিগত দীঘলীয়া সময় ধৰি নৱাব মালিকে বিভিন্ন বিষয়ত গেৰুৱা শিবিৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ আহিছে। যাৰ প্ৰতিশোধ কল্পেই এতিয়া বিজেপিয়ে তেওঁৰ বিৰু্দ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা বুলি থাকৰেই অভিযোগ কৰে। তেওঁ কয় যে, ‘বিজেপিয়ে নৱাব মালিকৰ পদত্যাগৰ দাবী জনাইছেয। কিন্তু তাৰ আগতে তেওঁলোকে মোক এটা কথাৰ উত্তৰ দিয়ক যে, আপোনালোকে মেহবুবা মুফটীক কিয় সমৰ্থন কৰিছিল? আপোনালোকেতো জানিছিল যে, তেওঁৰ আফজল গুৰু আৰু বুৰহান ৱানীৰ প্ৰতি সহানুভূতি আছে!’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ