--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিজেপিৰ বিৰুদ্ধে ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে প্ৰাক্তন সহযোগী দল শিৱসেনাৰ। পুৰণি সহযোগী দলটোৰ বিৰুদ্ধে নজিৰবিহীন আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক। শুকুৰবাৰে বিজেপিক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয়, ‘ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ডাউড ইব্ৰাহিমৰ নামত ভোট বিচাৰিব নেকি? উল্লেখ্য যে, এনচিপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ পদত্যাগৰ দাবীৰে সৰৱ হৈ উঠিছে বিজেপি শিবিৰ। তাৰ প্ৰত্যুত্তৰতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে উদ্ধৱ থাকৰে। উল্লেখ্য যে, ধনৰ অবৈধ লেনদেনক এটা গোচৰত নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছিল ইডি-এ। কেন্দ্ৰীয় সংস্থাটোৱে দাবী কৰিছিল যে আণ্ডাৰৱৰ্ল্ড ডন ডাউড ইব্ৰাহিমৰ সৈতে সম্পৰ্ক আছে নৱাব মালিকৰ। আৰু এই অভিযোগক লৈয়েই বিজেপিয়ে নৱাব মালিকৰ পদত্যাগ দাবী কৰিছে। আজি মহাৰাষ্ট্ৰ বিধানসভাত উদ্ধৱ ঠাকৰেই বিষয়টো উত্থাপন কৰিছিল। তেওঁ বিজেপিক সমালোচনা কৰি কয় যে, ‘ডাউড ইব্ৰাহিম ক'ত আছে? তেওঁ ক'ত আছে কোনোবাই জানে নেকি? আপোনালোকে ৰাম মন্দিৰৰ নামত যোৱা নিৰ্বাচনত যুঁজিছিল। আপুনি এতিয়া ডউদৰ নামত ভোট বিচাৰিব নেকি? অ’বামাই কেতিয়াবা বিন লাডেনৰ নামত ভোট বিচাৰিছিল নেকি? যদি আপোনাৰ ক্ষমতা আছে, ডাউডক হত্যা কৰক। আপোনালোকে সেইটো কৰিব পাৰিব জানো?’ উদ্ধৱে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ বৰ্তমানৰ নেতা দেৱেন্দ্ৰ ফাড়নৱিছকো লক্ষ্য কৰি লৈছিল। তেওঁ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ সততাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। ‘নৱাব মালিকৰ বহু বছৰ ধৰি ডাউড ইব্ৰাহিমৰ সৈতে সম্পৰ্ক আছে বুলি অভিযোগ কৰা হৈছে। যদি সেইটোৱেই হয়, কেন্দ্ৰীয় সংস্থাবোৰে ইমান দিন ধৰি কি কৰি আছিল? মই ভাবোঁ ইডিয়েই ৰাজ্যখনৰ বিৰোধী দলৰ নেতা দেৱেন্দ্ৰ ফাডনাবিছক নিযুক্তি দিছে। আৰু সেইকাৰণে তেওঁ ঘটনাটোৰ সৈতে সম্পৰ্কিত বিভিন্ন নথিপত্ৰ ইডিক প্ৰদান কৰি আছে! এই কথা তেওঁ নিজেই এবাৰ দাবী কৰিছে!’ উল্লেখ্য যে, নৱাব মালিকক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ এতিয়া ন্যায়িক জিম্মাত আছে আৰু সমগ্ৰ বিষয়টো বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে। উদ্ধৱ ঠাকৰেই সেই বিষয়টো উল্লেখ কৰি বিজেপিয়ে ইয়াত অযথা হস্তক্ষেপ কৰাৰ অভিযোগ কৰে। উল্লেখ্য যে, বিগত দীঘলীয়া সময় ধৰি নৱাব মালিকে বিভিন্ন বিষয়ত গেৰুৱা শিবিৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ আহিছে। যাৰ প্ৰতিশোধ কল্পেই এতিয়া বিজেপিয়ে তেওঁৰ বিৰু্দ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা বুলি থাকৰেই অভিযোগ কৰে। তেওঁ কয় যে, ‘বিজেপিয়ে নৱাব মালিকৰ পদত্যাগৰ দাবী জনাইছেয। কিন্তু তাৰ আগতে তেওঁলোকে মোক এটা কথাৰ উত্তৰ দিয়ক যে, আপোনালোকে মেহবুবা মুফটীক কিয় সমৰ্থন কৰিছিল? আপোনালোকেতো জানিছিল যে, তেওঁৰ আফজল গুৰু আৰু বুৰহান ৱানীৰ প্ৰতি সহানুভূতি আছে!’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু