--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘটনাটো ২০০৭ চনত সংঘটিত হৈছিল। এক অনুষ্ঠানত ভাগ লৈ থকাৰ সময়তে হলিউডৰ তাৰকা ৰিচাৰ্ড গেৰে  বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক গবা মাৰি ধৰি চুমা খাইছিল। ৰাজুৱা স্থানত এনে আচৰণৰ বাবে এটা গোচৰ ৰুজু হৈছিল। গোচৰটোৰ ৰায় ২০২৩ চনত প্ৰদান কৰা হৈছে। শিল্পা চেট্টীক  হলিউড তাৰকা ৰিচাৰ্ড গেৰেই এনেদৰে চুম্বন  কৰাটো অশ্লীল কাৰ্য বুলি  অভিযোগ কৰা হৈছিল।  আদালতে পিছত  গোচৰটো  খাৰিজ কৰিছিল।

কিংবদন্তী হলিউড অভিনেতা ৰিচাৰ্ড গেৰে ২০০৭ চনত ৰাজস্থানত এইডছ সজাগতা শিবিৰত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। শিল্পাও সেই শিবিৰতে আছিল। হঠাতে ৰিচাৰ্ডে শিল্পাক সকলোৰে সন্মুখতে সাৱটি ধৰি চুমা খাইছিল। 

এই ঘটনাটোক লৈ বহু বিতৰ্কহৈছিল। হলিউড আৰু বলীউডৰ দুয়োগৰাকী তাৰকাৰ বিৰুদ্ধে  অশালীনতাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। পিছত, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটো মুম্বাই আদালতলৈ স্থানান্তৰিত কৰা হয়। মুম্বাইৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতে ২০২২ চনত  গোচৰটো খাৰিজ কৰিছিল। দৰাচলতে শিল্পা হলিউড তাৰকাগৰাকীৰ কু- আচৰণৰ ভুক্তভোগী হৈছিল বুলিও  বিচাৰকে গোচৰটো খাৰিজ কৰি কৈছিল।

কিন্তু ৰাজস্থান আৰক্ষীয়ে আদালতৰ গোচৰ খাৰিজ কৰাৰ  ৰায়টোৰ বিৰুদ্ধে পুনৰ আবেদন  কৰিছিল। অৱশেষত শেহতীয়াকৈ আদালতে গোচৰটো সম্পূৰ্ণৰূপে খাৰিজ কৰে।  ফলত সকাহ পাইছে  শিল্পা চেট্টীৰ লগতে ৰিচাৰ্ড গেৰেই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ