--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘটনাটো ২০০৭ চনত সংঘটিত হৈছিল। এক অনুষ্ঠানত ভাগ লৈ থকাৰ সময়তে হলিউডৰ তাৰকা ৰিচাৰ্ড গেৰে  বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক গবা মাৰি ধৰি চুমা খাইছিল। ৰাজুৱা স্থানত এনে আচৰণৰ বাবে এটা গোচৰ ৰুজু হৈছিল। গোচৰটোৰ ৰায় ২০২৩ চনত প্ৰদান কৰা হৈছে। শিল্পা চেট্টীক  হলিউড তাৰকা ৰিচাৰ্ড গেৰেই এনেদৰে চুম্বন  কৰাটো অশ্লীল কাৰ্য বুলি  অভিযোগ কৰা হৈছিল।  আদালতে পিছত  গোচৰটো  খাৰিজ কৰিছিল।

কিংবদন্তী হলিউড অভিনেতা ৰিচাৰ্ড গেৰে ২০০৭ চনত ৰাজস্থানত এইডছ সজাগতা শিবিৰত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। শিল্পাও সেই শিবিৰতে আছিল। হঠাতে ৰিচাৰ্ডে শিল্পাক সকলোৰে সন্মুখতে সাৱটি ধৰি চুমা খাইছিল। 

এই ঘটনাটোক লৈ বহু বিতৰ্কহৈছিল। হলিউড আৰু বলীউডৰ দুয়োগৰাকী তাৰকাৰ বিৰুদ্ধে  অশালীনতাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। পিছত, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটো মুম্বাই আদালতলৈ স্থানান্তৰিত কৰা হয়। মুম্বাইৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতে ২০২২ চনত  গোচৰটো খাৰিজ কৰিছিল। দৰাচলতে শিল্পা হলিউড তাৰকাগৰাকীৰ কু- আচৰণৰ ভুক্তভোগী হৈছিল বুলিও  বিচাৰকে গোচৰটো খাৰিজ কৰি কৈছিল।

কিন্তু ৰাজস্থান আৰক্ষীয়ে আদালতৰ গোচৰ খাৰিজ কৰাৰ  ৰায়টোৰ বিৰুদ্ধে পুনৰ আবেদন  কৰিছিল। অৱশেষত শেহতীয়াকৈ আদালতে গোচৰটো সম্পূৰ্ণৰূপে খাৰিজ কৰে।  ফলত সকাহ পাইছে  শিল্পা চেট্টীৰ লগতে ৰিচাৰ্ড গেৰেই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী