--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদিত ভুক্তভোগীৰ কাষত উপস্থিত হৈ তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে ভুক্তভোগীসকলৰ লগত মত বিনিময়ো কৰে। দলটোৱে সাধাৰণ জনতাৰ ওপৰত অভিযান চলোৱা চৰকাৰে আজিলৈকে জিঞ্জাৰ হোটেলৰ নোম এডালো কিয় লৰাব পৰা নাই বুলি প্ৰশ্ন কৰে। চৰকাৰৰ 'খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে' নীতি নচলিব বুলি অসম তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৱে সকীয়াই দিয়ে।

আনহাতে মহানগৰীৰ কমাৰ্চ পইণ্টৰ ওচৰৰ ৰাজগড় সংযোগী উপ-পথত জলবোৰ্ডৰ পাইপ ফুটি আজি দুপৰীয়াৰ ভাগত জলবিস্ফোৰণ সংঘটিত হোৱা স্হলীত অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে বাৰে বাৰে এইদৰে মহানগৰীৰ ভিন্ন প্ৰান্তত পানীৰ পাইপ ফুটি জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাত উদ্বেগ প্ৰকাশ কৰে। নিম্নমানৰ কামৰ বাবেই এইধৰণৰ কাণ্ড সংঘটিত হৈ অহা বুলি মন্তব্য কৰি দলটোৱে সঠিক তদন্ত কৰি এই কামৰ লগত জড়িত দোষীক উপযুক্ত বিহাৰ দাবী জনায়।

দলটোত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু,  সাধাৰণ সম্পাদক (সংগঠন) অৰূপজ্যোতি ভূঞা, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকা, অঞ্জলি ব্ৰহ্ম, সম্পাদিকা ৰুণু বৈশ্য, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইকে ধৰি কেইবাগৰাকীও দলীয় সতীৰ্থ উপস্থিত থাকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে