--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদিত ভুক্তভোগীৰ কাষত উপস্থিত হৈ তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে ভুক্তভোগীসকলৰ লগত মত বিনিময়ো কৰে। দলটোৱে সাধাৰণ জনতাৰ ওপৰত অভিযান চলোৱা চৰকাৰে আজিলৈকে জিঞ্জাৰ হোটেলৰ নোম এডালো কিয় লৰাব পৰা নাই বুলি প্ৰশ্ন কৰে। চৰকাৰৰ 'খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে' নীতি নচলিব বুলি অসম তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৱে সকীয়াই দিয়ে।

আনহাতে মহানগৰীৰ কমাৰ্চ পইণ্টৰ ওচৰৰ ৰাজগড় সংযোগী উপ-পথত জলবোৰ্ডৰ পাইপ ফুটি আজি দুপৰীয়াৰ ভাগত জলবিস্ফোৰণ সংঘটিত হোৱা স্হলীত অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে বাৰে বাৰে এইদৰে মহানগৰীৰ ভিন্ন প্ৰান্তত পানীৰ পাইপ ফুটি জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাত উদ্বেগ প্ৰকাশ কৰে। নিম্নমানৰ কামৰ বাবেই এইধৰণৰ কাণ্ড সংঘটিত হৈ অহা বুলি মন্তব্য কৰি দলটোৱে সঠিক তদন্ত কৰি এই কামৰ লগত জড়িত দোষীক উপযুক্ত বিহাৰ দাবী জনায়।

দলটোত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু,  সাধাৰণ সম্পাদক (সংগঠন) অৰূপজ্যোতি ভূঞা, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকা, অঞ্জলি ব্ৰহ্ম, সম্পাদিকা ৰুণু বৈশ্য, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইকে ধৰি কেইবাগৰাকীও দলীয় সতীৰ্থ উপস্থিত থাকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু