--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিন ফলৰ ৰজা আম সকলোৰে প্ৰিয়৷বিগত বৰ্ষৰ দৰেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উপহাৰ হিচাপে সুস্বাদু আম প্ৰেৰণ কৰিছে। কালি কইনাধাৰা ৰাজ্যিক অতিথিশালাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে পত্নী ড০ নবনিতা হোকেৰ সৈতে ৩০০ কিলোগ্ৰাম উন্নত জাত ‘হিমসাগৰ’ আৰু ‘লেঙৰা’ আম মুখ্যমন্ত্ৰীক অৰ্পণ কৰে। বাংলাদেশৰ পৰা ঋতুভিত্তিক, ৰসাল ফল পঠোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্বেইখ হাছিনাক ধন্যবাদ জ্ঞাপন কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া, নাগৰিক সমাজৰ সদস্যলৈও আম প্ৰেৰণ কৰা হৈছে৷ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে কয় যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে উত্তম আম প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত উৎকৃষ্ট সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলিও তেওঁ লগতে কয়।

উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈয়ো ৬০০ কেজি আম উপহাৰ হিচাপে প্ৰেৰণ কৰিছে বুলি সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু