--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিন ফলৰ ৰজা আম সকলোৰে প্ৰিয়৷বিগত বৰ্ষৰ দৰেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উপহাৰ হিচাপে সুস্বাদু আম প্ৰেৰণ কৰিছে। কালি কইনাধাৰা ৰাজ্যিক অতিথিশালাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে পত্নী ড০ নবনিতা হোকেৰ সৈতে ৩০০ কিলোগ্ৰাম উন্নত জাত ‘হিমসাগৰ’ আৰু ‘লেঙৰা’ আম মুখ্যমন্ত্ৰীক অৰ্পণ কৰে। বাংলাদেশৰ পৰা ঋতুভিত্তিক, ৰসাল ফল পঠোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্বেইখ হাছিনাক ধন্যবাদ জ্ঞাপন কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া, নাগৰিক সমাজৰ সদস্যলৈও আম প্ৰেৰণ কৰা হৈছে৷ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে কয় যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে উত্তম আম প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত উৎকৃষ্ট সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলিও তেওঁ লগতে কয়।

উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈয়ো ৬০০ কেজি আম উপহাৰ হিচাপে প্ৰেৰণ কৰিছে বুলি সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে