--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধিঙৰ টুকটুকীত সংঘটিত হৈছে এনে এক ভয়ংকৰ চাইবাৰ অপৰাধজনিত ঘটনা । টুকটুকীৰ এজন যুৱ ব্যৱসায়ীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

ডিজিটেল ডেস্কঃ  আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App। যদি আহিছে তেন্তে সাৱধান হওঁক আপুনিও । নহ'লে ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট, ফেচবুক, Whatsapp, Instagram আদি সকলো হেকাৰৰ কবলত পৰিব।


ধিঙৰ টুকটুকীত সংঘটিত হৈছে এনে এক ভয়ংকৰ চাইবাৰ অপৰাধজনিত ঘটনা । টুকটুকীৰ এজন যুৱ ব্যৱসায়ীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।


টুকটুকীৰ যুৱ ব্যৱসায়ী মুজাহিদুল আলমৰ WhatsAppত এম পৰিবহন নামৰ এটা মোবাইল এপচ প্ৰেৰণ কৰিছিল জুৰীয়াৰ শিঙ্গাৰীৰ ওৱাছিম আক্ৰাম নামৰ এটা প্ৰৱঞ্চকে।


য'ত লিখা আছিল " এই আবেদনত আপুনি মাত্ৰ এক টকা দি সকলো গাড়ীৰ মুলতবি চালান পৰিশোধ কৰিব পাৰিব ।


যুৱকজনে App টো ইনষ্টল কৰাৰ লগে লগেই ওলাই পৰিল এই প্ৰৱঞ্চনামূলক অফাৰৰ আচল কাহিনী ।


ব্যৱসায়ী মুজাহিদুল আলমৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধী চক্ৰটোৱে কেইবাবাৰো কাটি নিলে বৃহৎ পৰিমাণৰ ধন।


অচল হৈ পৰিছে ব্যৱসায়িক মুজাহিদুল আলমৰ আন কেইবাটাও বেংক একাউণ্ট ।


অকল এয়াই নহয়, মুজাহিদুল আলমৰ ফেচবুক, Whatsapp, Instagram আদি সকলো এতিয়া হেকাৰৰ কবলত আছে ।


ইফালে, সমগ্ৰ বিষয়টো আৰক্ষীক নজনাবলৈ প্ৰৱঞ্চকটোৱে ফোনযোগে মৃত্যুৰ ভাবুকি দিয়ে ব্যৱসায়ী মুজাহিদুল আলমক।


অৱশেষত উপায়হীন হৈ মুজাহিদুল আলমে অনলাইনৰ জৰিয়তে জুৰীয়াৰ শিঙ্গাৰীৰ প্ৰৱঞ্চকৰূপী এইজন যুৱক ৱাচিম আক্ৰামৰ বিৰুদ্ধে চাইবাৰ চেলত দাখিল কৰিছে অভিযোগ ।


এই অভিযোগৰ ভিত্তিত যোৱা নিশা ধিঙৰ আহোমগাঁও আৰক্ষীয়ে আটক কৰিছে ৱাচিম আক্ৰামক।


বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে প্ৰৱঞ্চক ৱাচিম আক্ৰামক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ