--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধিঙৰ টুকটুকীত সংঘটিত হৈছে এনে এক ভয়ংকৰ চাইবাৰ অপৰাধজনিত ঘটনা । টুকটুকীৰ এজন যুৱ ব্যৱসায়ীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

ডিজিটেল ডেস্কঃ  আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App। যদি আহিছে তেন্তে সাৱধান হওঁক আপুনিও । নহ'লে ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট, ফেচবুক, Whatsapp, Instagram আদি সকলো হেকাৰৰ কবলত পৰিব।


ধিঙৰ টুকটুকীত সংঘটিত হৈছে এনে এক ভয়ংকৰ চাইবাৰ অপৰাধজনিত ঘটনা । টুকটুকীৰ এজন যুৱ ব্যৱসায়ীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।


টুকটুকীৰ যুৱ ব্যৱসায়ী মুজাহিদুল আলমৰ WhatsAppত এম পৰিবহন নামৰ এটা মোবাইল এপচ প্ৰেৰণ কৰিছিল জুৰীয়াৰ শিঙ্গাৰীৰ ওৱাছিম আক্ৰাম নামৰ এটা প্ৰৱঞ্চকে।


য'ত লিখা আছিল " এই আবেদনত আপুনি মাত্ৰ এক টকা দি সকলো গাড়ীৰ মুলতবি চালান পৰিশোধ কৰিব পাৰিব ।


যুৱকজনে App টো ইনষ্টল কৰাৰ লগে লগেই ওলাই পৰিল এই প্ৰৱঞ্চনামূলক অফাৰৰ আচল কাহিনী ।


ব্যৱসায়ী মুজাহিদুল আলমৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধী চক্ৰটোৱে কেইবাবাৰো কাটি নিলে বৃহৎ পৰিমাণৰ ধন।


অচল হৈ পৰিছে ব্যৱসায়িক মুজাহিদুল আলমৰ আন কেইবাটাও বেংক একাউণ্ট ।


অকল এয়াই নহয়, মুজাহিদুল আলমৰ ফেচবুক, Whatsapp, Instagram আদি সকলো এতিয়া হেকাৰৰ কবলত আছে ।


ইফালে, সমগ্ৰ বিষয়টো আৰক্ষীক নজনাবলৈ প্ৰৱঞ্চকটোৱে ফোনযোগে মৃত্যুৰ ভাবুকি দিয়ে ব্যৱসায়ী মুজাহিদুল আলমক।


অৱশেষত উপায়হীন হৈ মুজাহিদুল আলমে অনলাইনৰ জৰিয়তে জুৰীয়াৰ শিঙ্গাৰীৰ প্ৰৱঞ্চকৰূপী এইজন যুৱক ৱাচিম আক্ৰামৰ বিৰুদ্ধে চাইবাৰ চেলত দাখিল কৰিছে অভিযোগ ।


এই অভিযোগৰ ভিত্তিত যোৱা নিশা ধিঙৰ আহোমগাঁও আৰক্ষীয়ে আটক কৰিছে ৱাচিম আক্ৰামক।


বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে প্ৰৱঞ্চক ৱাচিম আক্ৰামক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান