--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰিয়হৰ ডুলিতে ওলাল  ভূত! ১৫ লাখ টকা উৎকোচ গ্ৰহণ কৰি  ধৰা পৰিল  ইডিৰ বিষয়া। ঘটনা ৰাজস্থানৰ।  এচিবিৰ সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়দৰ্শিনীয়ে বৃহস্পতিবাৰে কয়  যে গ্ৰেপ্তাৰ কৰা ইডি বিষয়াজনক নৌলকিশোৰ মীনা বুলি চিনাক্ত কৰা হৈছে।  তেওঁ এজন মানুহৰ বিৰুদ্ধে এটা গোচৰ গাপ দিবলৈ  উৎকোচ লৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজস্থানৰ দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)ৰ দ্বাৰা এজন প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াক নগদ ১৫ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্য খনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই  ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে।

ৰাজস্থান এচিবিৰ সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়দৰ্শিনীয়ে  কয়  "এজন ব্যক্তিয়ে আমাক অভিযোগ কৰিছিল যে মণিপুৰত থকা এজন ইডি বিষয়াই  তেওঁৰ পৰা  ১৭ লাখ টকাৰ উৎকোচ বিচাৰিছে।’’। 

অবৈধভাবে ধন সৰবৰাহৰ গোচৰ থকা লোক জনক  সম্পত্তি জব্দ নকৰাৰ বিনিময়ত এনেদৰে  উৎকোচ দাবী কৰা হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে কয় "প্ৰাথমিক তদন্তৰ পিছত, আমি অভিযুক্ত ইডি বিষয়াজনক ধৰিবলৈ  ফান্দ পাতিছিলো। বৃহস্পতিবাৰে, জয়পুৰৰ ডিআইজি ৰবিৰ নেতৃত্বত এচিবিৰ এটা দলে নৌল আৰু তেওঁৰ সহযোগী বাবুলাল মীনাক উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।’’ ঘটনাক্ৰমে বৃহস্পতিবাৰে, ইডিয়ে ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটিৰ (আৰপিচিচি) সভাপতি গোবিন্দ সিং দোতাছৰাৰ পুত্ৰক চৰকাৰী চাকৰি পৰীক্ষাৰ প্ৰশ্ন লিক গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল।
বিৰোধী কংগ্ৰেছে ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত ইডিৰ "সক্ৰিয়তা"ৰ বিষয়টোকলৈ প্ৰশ্ন  উত্থাপন কৰি আহিছে। এনে পৰিস্থিতিত, উৎকোচ গ্ৰহণ কৰাৰ বাবে এজন ইডি বিষয়াক গ্ৰেপ্তাৰ কৰাটো ৰাজস্থানৰ বিৰোধীৰ বাবে এক প্ৰচাৰৰ অস্ত্ৰ হৈ পৰিছে। 

২৬ অক্টোবৰত কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডটাছৰা আৰু দলৰ শীৰ্ষ নেতা ওম প্ৰকাশ হুদলাৰ ঘৰ আদিত  তালাচী চলাইছিল। মুখ্যমন্ত্ৰী গেহলটৰ পুত্ৰ আৰু কংগ্ৰেছ নেতা বৈভৱ গেহলটক সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল। ইয়াৰ পিছত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ইডি আৰু আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু