--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰিয়হৰ ডুলিতে ওলাল  ভূত! ১৫ লাখ টকা উৎকোচ গ্ৰহণ কৰি  ধৰা পৰিল  ইডিৰ বিষয়া। ঘটনা ৰাজস্থানৰ।  এচিবিৰ সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়দৰ্শিনীয়ে বৃহস্পতিবাৰে কয়  যে গ্ৰেপ্তাৰ কৰা ইডি বিষয়াজনক নৌলকিশোৰ মীনা বুলি চিনাক্ত কৰা হৈছে।  তেওঁ এজন মানুহৰ বিৰুদ্ধে এটা গোচৰ গাপ দিবলৈ  উৎকোচ লৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজস্থানৰ দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)ৰ দ্বাৰা এজন প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াক নগদ ১৫ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্য খনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই  ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে।

ৰাজস্থান এচিবিৰ সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়দৰ্শিনীয়ে  কয়  "এজন ব্যক্তিয়ে আমাক অভিযোগ কৰিছিল যে মণিপুৰত থকা এজন ইডি বিষয়াই  তেওঁৰ পৰা  ১৭ লাখ টকাৰ উৎকোচ বিচাৰিছে।’’। 

অবৈধভাবে ধন সৰবৰাহৰ গোচৰ থকা লোক জনক  সম্পত্তি জব্দ নকৰাৰ বিনিময়ত এনেদৰে  উৎকোচ দাবী কৰা হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে কয় "প্ৰাথমিক তদন্তৰ পিছত, আমি অভিযুক্ত ইডি বিষয়াজনক ধৰিবলৈ  ফান্দ পাতিছিলো। বৃহস্পতিবাৰে, জয়পুৰৰ ডিআইজি ৰবিৰ নেতৃত্বত এচিবিৰ এটা দলে নৌল আৰু তেওঁৰ সহযোগী বাবুলাল মীনাক উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।’’ ঘটনাক্ৰমে বৃহস্পতিবাৰে, ইডিয়ে ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটিৰ (আৰপিচিচি) সভাপতি গোবিন্দ সিং দোতাছৰাৰ পুত্ৰক চৰকাৰী চাকৰি পৰীক্ষাৰ প্ৰশ্ন লিক গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল।
বিৰোধী কংগ্ৰেছে ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত ইডিৰ "সক্ৰিয়তা"ৰ বিষয়টোকলৈ প্ৰশ্ন  উত্থাপন কৰি আহিছে। এনে পৰিস্থিতিত, উৎকোচ গ্ৰহণ কৰাৰ বাবে এজন ইডি বিষয়াক গ্ৰেপ্তাৰ কৰাটো ৰাজস্থানৰ বিৰোধীৰ বাবে এক প্ৰচাৰৰ অস্ত্ৰ হৈ পৰিছে। 

২৬ অক্টোবৰত কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডটাছৰা আৰু দলৰ শীৰ্ষ নেতা ওম প্ৰকাশ হুদলাৰ ঘৰ আদিত  তালাচী চলাইছিল। মুখ্যমন্ত্ৰী গেহলটৰ পুত্ৰ আৰু কংগ্ৰেছ নেতা বৈভৱ গেহলটক সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল। ইয়াৰ পিছত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ইডি আৰু আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ