--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰিয়হৰ তেল স্বাস্থ্য আৰু চুলিৰ বাবে অতি উপকাৰী। ইয়াক প্ৰয়োগ কৰিলে বহুতো ৰোগ আৰু বিষ নাইকিয়া হয়। ইয়াত পুষ্টিকৰ উপাদান থাকে যিবোৰ যথেষ্ট উপকাৰী। যদি আপুনি কিছুমান বস্তু সৰিয়হৰ তেলত মিহলাই লগায় তেন্তে বহু সমস্যা নাইকিয়া হয়।

১) সৰিয়হ তেলত কৰ্পূৰঃ  সৰিয়হ তেলত কৰ্পূৰ মিহলাই শৰীৰত লগালে আপোনাৰ চৰ্দি আৰু কাহ বহু পৰিমাণে ভাল হ’ব। বুকু আৰু পিঠিত লগালে সোনকালে সকাহ পাব। গাঁঠিৰ বিষৰ পৰা আৰম্ভ কৰি বহু সমস্যা ভাল হ’ব।

২) সৰিয়হ তেলত এলোভেৰা জেলঃ  সৰিয়হৰ তেলৰ লগত এলোভেৰা জেল মিহলাই চুলিত লগালে চুলি জিলিকি উঠিব আৰু চুলিও দীঘল আৰু ক’লা হৈ পৰিব। এইটো আপুনি সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিব পাৰে।

৩) সৰিয়হ তেলত দৈঃ সৰিয়হ তেলত দৈ মিহলাই লগালে উফিৰ পৰা সকাহ পাব পাৰে। মূৰৰ ছালৰ সমস্যা দূৰ কৰাত ই অতি উপকাৰী।

৪) সৰিয়হ তেলত আমলখিঃ  সৰিয়হ তেলত আমলখি মিহলাইও প্ৰয়োগ কৰিব পাৰে। চুলিত লগালে চুলি সৰা বহু পৰিমাণে কমি যায় আৰু চুলিৰ বাবেও ই অতি উপকাৰী।

৫) সৰিয়হ তেলত ফিটকিৰিঃ সৰিয়হৰ তেলৰ সৈতে মিহলি কৰা ফিটকিৰি কৰিলে মূৰৰ খজুৱতি আৰু এলাৰ্জী বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি। সেয়েহে চুলিত লগাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement