--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে মুম্বাই আদালতে শিল্পা শ্বেট্টীক সকাহ প্ৰদান কৰে। হলিউডৰ অভিনেতা ৰিচাৰ্ড গেৰেৰ সৈতে ৰাজহুৱাভাৱে চুমা খোৱাৰ ঘটনাত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অশ্লীলতাৰ গোচৰ আদালতে খাৰিজ কৰে।

উল্লেখ্য যে ২০০৭ চনত অভিনেতা ৰিচাৰ্ড গেৰে ভাৰতলৈ আহিছিল। ৰাজস্থানৰ এইডছ সজাগতা শিবিৰত সংঘটিত এটা ‘অনিচ্ছাকৃত’ ঘটনাই বিৰাট হুলস্থুলৰ সৃষ্টি কৰে। প্ৰচাৰ অনুষ্ঠানৰ মাজতে বলীউডৰ অভিনেত্ৰী শিল্পাক ধৰি চুমা খাই বিতৰ্কত লিপ্ত হৈছিল ৰিচাৰ্ড।

এই ঘটনাত দুয়োগৰাকী তাৰকাৰ বিৰুদ্ধে ভাৰতীয় আইনৰ বিভিন্ন ধাৰাত আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই গোচৰটো মুম্বাই আদালতত উত্থাপন কৰা হয়।

২০২২ চনৰ জানুৱাৰী মাহত মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আদালতে এই গোচৰ খাৰিজ কৰে। ন্যায়াধীশে ৰায় দিয়ে যে শিল্পা ৰিচাৰ্ডৰ এই আচৰণৰ বলি হৈছিল আৰু তেওঁৰ কোনো দোষ নাই।

কিন্তু বিতৰ্ক ইয়াতেই শেষ নহ’ল। এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীয়ে আবেদন জনাইছিল, শিল্পৰ অধিবক্তাই পুনৰ আবেদনক প্ৰত্যাহ্বান জনাইছিল।

অৱশ্যে এইবাৰ মুম্বাই আদালতে সম্পূৰ্ণ নিষ্পত্তিৰ পথত খোজ দিলে। সোমবাৰে ৰাজ্যখনে দাখিল কৰা আবেদন খাৰিজ কৰে। ১৬ বছৰীয়া গোচৰটো নিষ্পত্তি হোৱাত মঙলবাৰে শিল্পই সকাহ অনুভৱ কৰিছে।

১৬ বছৰ আগতে ৰিচাৰ্ড আৰু শিল্পাৰ চুমা খোৱাৰ ঘটনাই সমগ্ৰ দেশতে জুইত জাহ গৈছিল। গোটেই বছৰটো তীব্ৰ প্ৰতিবাদ অব্যাহত আছিল। ৰাজপথত জ্বলাই দিয়া হৈছিল তেওঁলোকৰ প্ৰতিমূৰ্তি। সেই অধ্যায়টো সময়ৰ লগে লগে এতিয়া নিষ্পত্তি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ