--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে মুম্বাই আদালতে শিল্পা শ্বেট্টীক সকাহ প্ৰদান কৰে। হলিউডৰ অভিনেতা ৰিচাৰ্ড গেৰেৰ সৈতে ৰাজহুৱাভাৱে চুমা খোৱাৰ ঘটনাত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অশ্লীলতাৰ গোচৰ আদালতে খাৰিজ কৰে।

উল্লেখ্য যে ২০০৭ চনত অভিনেতা ৰিচাৰ্ড গেৰে ভাৰতলৈ আহিছিল। ৰাজস্থানৰ এইডছ সজাগতা শিবিৰত সংঘটিত এটা ‘অনিচ্ছাকৃত’ ঘটনাই বিৰাট হুলস্থুলৰ সৃষ্টি কৰে। প্ৰচাৰ অনুষ্ঠানৰ মাজতে বলীউডৰ অভিনেত্ৰী শিল্পাক ধৰি চুমা খাই বিতৰ্কত লিপ্ত হৈছিল ৰিচাৰ্ড।

এই ঘটনাত দুয়োগৰাকী তাৰকাৰ বিৰুদ্ধে ভাৰতীয় আইনৰ বিভিন্ন ধাৰাত আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই গোচৰটো মুম্বাই আদালতত উত্থাপন কৰা হয়।

২০২২ চনৰ জানুৱাৰী মাহত মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আদালতে এই গোচৰ খাৰিজ কৰে। ন্যায়াধীশে ৰায় দিয়ে যে শিল্পা ৰিচাৰ্ডৰ এই আচৰণৰ বলি হৈছিল আৰু তেওঁৰ কোনো দোষ নাই।

কিন্তু বিতৰ্ক ইয়াতেই শেষ নহ’ল। এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীয়ে আবেদন জনাইছিল, শিল্পৰ অধিবক্তাই পুনৰ আবেদনক প্ৰত্যাহ্বান জনাইছিল।

অৱশ্যে এইবাৰ মুম্বাই আদালতে সম্পূৰ্ণ নিষ্পত্তিৰ পথত খোজ দিলে। সোমবাৰে ৰাজ্যখনে দাখিল কৰা আবেদন খাৰিজ কৰে। ১৬ বছৰীয়া গোচৰটো নিষ্পত্তি হোৱাত মঙলবাৰে শিল্পই সকাহ অনুভৱ কৰিছে।

১৬ বছৰ আগতে ৰিচাৰ্ড আৰু শিল্পাৰ চুমা খোৱাৰ ঘটনাই সমগ্ৰ দেশতে জুইত জাহ গৈছিল। গোটেই বছৰটো তীব্ৰ প্ৰতিবাদ অব্যাহত আছিল। ৰাজপথত জ্বলাই দিয়া হৈছিল তেওঁলোকৰ প্ৰতিমূৰ্তি। সেই অধ্যায়টো সময়ৰ লগে লগে এতিয়া নিষ্পত্তি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী