--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি তেওঁৰ কণ্ঠক লৈ উন্মাদনা, অথচ এজন সাধাৰণ লোকৰ দৰেই ৰেলত উঠি যাত্ৰা কৰিছে অৰিজিৎ সিঙে। মঙলবাৰে পুৱা ভাইৰেল হৈ পৰে অৰিসিৎ সিঙৰ ৰেল ভ্ৰমণৰ ভিডিঅ’। অহা ৪ এপ্ৰিল মঙলবাৰে সন্ধিয়া শিলিগুৰিৰ কাঞ্চনজুংগা ষ্টেডিয়ামত এক কনচাৰ্ট পৰিবেশন কৰিব অৰিজিতে। তাক লৈ যথেষ্ট চৰ্চা চলিছে।

সাধাৰণতে বলিউডৰ শিল্পীসকলে বিলাসী জীৱন কটায়। হেলিকপ্টাৰ বা বিমান যাত্ৰা কৰে। কিন্তু শিলিগুৰিলৈ অৰিজিতে ৰেলত যোৱাক লৈ তেওঁৰ অনুৰাগীসকলে আনন্দ প্ৰকাশ কৰে। তেওঁলোকে কয় যে অশেষ খ্যাতি অৰ্জনেও কমাব পৰা নাই গায়কগৰাকীৰ সাধাৰণ জীৱনযাপন।

বুধবাৰে দিনৰ প্ৰায় ২.৩০ বজাত নিউ জলপাইগুৰি ষ্টেচনত প্ৰৱেশ কৰে তীস্তা টৰ্ছা এক্সপ্ৰেছ। প্লেটফৰ্মত অপেক্ষা কৰি আছে অগণন অনুৰাগী। সকলোৰে মোবাইল কেমেৰা খোলা থাকে। তেওঁলোকৰ প্ৰিয় গায়কগৰাকীৰ ফটো তোলাৰ হেঁপাহ তেওঁলোকৰ। অৱশেষত অৰিজিত ৰেলৰ পৰা উলাই আহিল। সেউজীয়া ৰঙৰ হুডী পিন্ধি অনুৰাগীৰ স’তে ধৰা দিয়ে অৰিজিতে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’টোত দেখা গৈছে যে অৰিজিতে প্লেটফৰ্মত নামি মূৰৰ পৰা হুডিটো আঁতৰাই পেলায়। নিৰাপত্তাৰক্ষীয়ে শিল্পীজনক ষ্টেচনৰ পৰা উলিয়াই আনে। ইয়াৰ পিছত তেওঁ নিৰ্দিষ্ট গাড়ীখনৰ ওচৰলৈ গ’ল।

কিন্তু এয়া প্ৰথম নহয়, অৰিজিতৰ জীৱনশৈলীত সৰলতাৰ উদাহৰণ ইয়াৰ আগতেও কেইবাবাৰো ধৰা পৰিছে। বংগৰ মূৰ্চিদাবাদৰ জিয়াগাঞ্জত ডাঙৰ-দীঘল হৈছিল অৰিজিত। তাত কেতিয়াবা চাইকেল চলাই থকা দেখা যায় তেওঁক। তাতে অৰিজিতে স্কুলৰ পৰা 
নিজৰ সন্তানৰ বাবে সাধাৰণ লোকৰ দৰেই ৰৈ থাকে৷ তেওঁ গাড়ীত নহয়, স্কুটিত উঠি ভোট দিবলৈ যায়।

কিন্তু এই জীৱনশৈলী কেৱল জিয়াগঞ্জতে নহয়, মুম্বাইতো একে। মুম্বাইত অৰিজিতৰ ফ্লেট আৰু অফিচ থকা এলেকাটো এনে এজন প্ৰখ্যাত সংগীতজ্ঞৰ বাসগৃহ বুলি বহুতে কল্পনা কৰিব নকৰে। থকা ঠাইখনৰ পিছফালে এখন শাক-পাচলিৰ বজাৰ। তাতে অৰিজিতক প্ৰায়েই ঘৈণীয়েকৰ সৈতে বজাৰ কৰা দেখা যায়। তাতো তেওঁৰ বাহনখন স্কুটি।

স্কুটি তেওঁৰ বৰ প্ৰিয় বুলিও শুনা যায়। গাড়ীখন কিনিবলৈ তেওঁৰ মন নাছিল। কিন্তু পিছত পৰিয়ালটোৰ সৈতে যাত্ৰা কৰিবলৈ এখন সৰু গাড়ী কিনিলে। অৱশ্যে তেওঁৰ মেনেজাৰৰ হেঁচাত ডাঙৰ গাড়ী এখন কিনিবলৈ বাধ্য হয়। মেনেজাৰে তেওঁক বুজাই দিলে যে এই সৰু গাড়ীখনৰ পৰা অৰিজিত সিঙৰ দৰে শিল্পী নামিলে সংগীত পৰিচালকসকলে বিশেষ গুৰুত্ব নিদিয়ে।

অৰিজিতে অৱশ্যে এই সকলোবোৰৰ পৰা নিজকে আঁতৰাই ৰখাটো বেছি পছন্দ কৰে। সেয়ে তেওঁ বাৰে বাৰে মুম্বাই এৰি নিজৰ গৃহ চহৰ জিয়াগাঞ্জলৈ আহে। অৰিজিতে এতিয়া বছৰৰ বেছিভাগ সময় জিয়াগঞ্জত কটায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ