--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে মনোজ তিৱাৰীয়ে। বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। অৰ্থাৎ তেওঁ আৰু বংগৰ হৈ খেলা দেখা নাযাব। ৩৭ বছৰ বয়সত ক্ৰিকেটৰ পৰা বিদায় দিয়ে বংগৰ অধিনায়কগৰাকীয়ে। উল্লেখ্য যে ক্ৰিকেটাৰ হোৱাৰ লগে লগে পশ্চিমবংগৰ ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে মনোজে।

মনোজে ইনষ্টাগ্ৰামত লিখিছে, ‘মই ক্ৰিকেট খেলৰ পৰা বিদায় লৈছিলো। এই খেলখনে মোক সকলো দিলে।  জীৱনত বহু সমস্যাৰ সন্মুখীন হৈছো। ক্ৰিকেট খেলৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিম।’’

মনোজে দেশৰ হৈ ১২খন এদিনীয়া খেল খেলিছিল। মুঠ ২৮৭ ৰান সংগ্ৰহ কৰে। এটা শতক আৰু এটা অৰ্ধশতক তেওঁৰ নামত আচে। তিনিখন টি-২০ মেচত ১৫ ৰান সংগ্ৰহ কৰে। তেওঁ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছকে ধৰি কেইবাটাও দলত খেলিছে। ২০১২ চনত কলকাতাৰ প্ৰথম আই পি এল জয়ৰ সময়ত অন্তিম অভাৰত দুটা বাউণ্ডেৰী মাৰিছিল মনোজে।

কেইবছৰমান আগতে তেওঁ ৰাজনীতিতো প্ৰৱেশ কৰিছিল। শিৱপুৰৰ বিধায়ক হয়। তৃণমূল কংগ্ৰেছৰ হৈ তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক