--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে মনোজ তিৱাৰীয়ে। বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। অৰ্থাৎ তেওঁ আৰু বংগৰ হৈ খেলা দেখা নাযাব। ৩৭ বছৰ বয়সত ক্ৰিকেটৰ পৰা বিদায় দিয়ে বংগৰ অধিনায়কগৰাকীয়ে। উল্লেখ্য যে ক্ৰিকেটাৰ হোৱাৰ লগে লগে পশ্চিমবংগৰ ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে মনোজে।

মনোজে ইনষ্টাগ্ৰামত লিখিছে, ‘মই ক্ৰিকেট খেলৰ পৰা বিদায় লৈছিলো। এই খেলখনে মোক সকলো দিলে।  জীৱনত বহু সমস্যাৰ সন্মুখীন হৈছো। ক্ৰিকেট খেলৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিম।’’

মনোজে দেশৰ হৈ ১২খন এদিনীয়া খেল খেলিছিল। মুঠ ২৮৭ ৰান সংগ্ৰহ কৰে। এটা শতক আৰু এটা অৰ্ধশতক তেওঁৰ নামত আচে। তিনিখন টি-২০ মেচত ১৫ ৰান সংগ্ৰহ কৰে। তেওঁ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছকে ধৰি কেইবাটাও দলত খেলিছে। ২০১২ চনত কলকাতাৰ প্ৰথম আই পি এল জয়ৰ সময়ত অন্তিম অভাৰত দুটা বাউণ্ডেৰী মাৰিছিল মনোজে।

কেইবছৰমান আগতে তেওঁ ৰাজনীতিতো প্ৰৱেশ কৰিছিল। শিৱপুৰৰ বিধায়ক হয়। তৃণমূল কংগ্ৰেছৰ হৈ তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক