--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমোবাইল ফোনটোত চাৰ্জ নাথাকিলে যদি কাৰোবাক চাৰ্জাৰ বিচাৰিবলগীয়া হয় তেন্তে বহুতে সোধা প্ৰশ্নটো হ’ল- আপোনাৰ চাৰ্জাৰটো টাইপ চি নে? এতিয়াৰে পৰা আৰু তেনে প্ৰশ্ন সুধিবলগীয়া নহ’ব। সকলো স্মাৰ্টফোনতে ব্যৱহাৰ হ’ব কেৱল টাইপ-চি চাৰ্জিং পোৰ্ট।

সকলো  ডিভাইচৰ বাবে এটা ইউএছবি টাইপ চি চাৰ্জাৰ থাকিব। আনহাতে কম মূল্যৰ  ফোনৰ বাবে এটা পৃথক 'ষ্টেণ্ডাৰ্ড' চাৰ্জাৰ থাকিব। ফলস্বৰূপে ভাৰতত ইউনিভাৰ্চেল কমন চাৰ্জাৰৰ নিয়ম অনাগত দিনবোৰত প্ৰযোজ্য হ'ব। ই কেৱল গ্ৰাহকসকলক লাভান্বিত নকৰে। দেশত বৃহৎ পৰিমাণৰ ই-আৱৰ্জনা হ্ৰাস কৰাতো সহায় কৰিব।

কেন্দ্ৰীয় উপভোক্তা সচিব ৰোহিত কুমাৰ সিঙে  এই প্ৰসংগত কয় যে প্ৰতিটো ফোনৰ বাবে কোনো পৃথক চাৰ্জাৰ নাথাকিব। ভাৰতৰ সকলো স্মাৰ্ট ফোনত এটা ইউএছবি টাইপ চি চাৰ্জিং পোৰ্ট থাকিব লাগিব।  তেওঁ কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰালয়ৰ টাস্ক ফ'ৰ্চৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। চৰকাৰী বিশেষজ্ঞসকলে বৰ্তমান দুয়োটা ৰাষ্ট্ৰীয় চাৰ্জাৰৰ নিয়ম ৰূপায়ণৰ বিষয়ে আলোচনা কৰি আছে। সেই দুটা চাৰ্জাৰ নীতি হৈছে সকলো সুসঙ্গত ফোনৰ বাবে এটা ইউএছবি টাইপ চি চাৰ্জাৰ থাকিব। 

আনহাতে কম ব্যয়ৰ  ফোনৰ বাবে এটা পৃথক 'ষ্টেণ্ডাৰ্ড' চাৰ্জাৰ থাকিব।  এনে নিয়ম প্ৰযোজ্য হোৱাৰ পিছত আপুনি বিভিন্ন ফোনৰ বাবে বেলেগ চাৰ্জাৰ ব্যৱহাৰ  কৰিব নালাগে। বেছিভাগ কোম্পানীয়ে এতিয়া ইউএছবি টাইপ-চি চাৰ্জিং পোৰ্ট আগবঢ়ায়। অৱশ্যে, সাধাৰণতে এপলৰ দৰে কিছুমান কোম্পানীৰ  ফোনৰ  বাবে এটা পৃথক চাৰ্জাৰ ক্ৰয় কৰিবলগীয়া হয়।

ৰোহিত কুমাৰ সিঙে কয় যে বৈঠকত সকলোৱে স্মাৰ্টফোন, টেবলেট আৰু লেপটপৰ দৰে ইলেক্ট্ৰনিক সঁজুলিৰ চাৰ্জিং পোৰ্ট হিচাপে ইউএছবি টাইপ-চি ব্যৱহাৰ কৰাৰ বিষয়টোত সহমত প্ৰকাশ কৰিছে। উল্লেখ্য বহুতো উন্নত অৰ্থনীতিত এই 'ষ্টেণ্ডাৰ্ড চাৰ্জিং ডিভাইচ' আৰু পোৰ্টৰ নিয়ম ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে। ইউৰোপীয় ইউনিয়নেও সকলো ডিভাইচৰ বাবে ইউএছবি-চি পোৰ্ট ব্যৱহাৰৰ নীতি গ্ৰহণ কৰিছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি এই বছৰৰ ৭ জুনত, ইউৰোপীয় ইউনিয়নে এই সন্দৰ্ভত এখন আইন গৃহীত কৰিছে। এই আইন খনে  ইউৰোপীয় ইউনিয়নত বিক্ৰী হোৱা সকলো স্মাৰ্টফোনত ইউএছবি-চি পোৰ্ট  চাৰ্জাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে।

এপলৰ আইফোনৰ লগতে আন ফোনতো  এনে ধৰণৰ চাৰ্জাৰৰ ব্যৱস্থা কৰিবলৈ  স্মাৰ্টফোন নিৰ্মাতাসকলক ২০২৪  চনৰ মাজভাগলৈকে সময় বান্ধি দিয়া হৈছে। উল্লেখ্য ভাৰত চৰকাৰৰ শেহতীয়া বৈঠক খনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ, মহাৰাজা আগ্ৰাসেন ইনষ্টিটিউট অৱ টেকন'লজী, ভাৰতীয় উদ্যোগ পৰিষদ, ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ আৰু পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত