--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া একাংশ চিকিৎসক যেন যমদূতৰ ৰূপতহে অৱতীৰ্ণ হৈছে৷ বন্ধ্যাকৰণৰ দৰে অস্ত্ৰোপচাৰ কৰাৰ সময়ত কোনো চেতননাশক দৰব ব্যৱহাৰ নকৰাকৈয়ে ২৪ গৰাকীকৈ মহিলাৰ জীৱন বিপন্ন কৰি তোলৰ এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে৷ 

বিহাৰৰ খাগৰীয়া গাঁৱত ২৪ গৰাকী মহিলাৰ অস্ত্ৰোপচাৰ কোনো অচেতনানাশক ঔষধ অবিহনে  স্থানীয় স্বাস্থ্য কেন্দ্ৰত সম্পন্ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ ভুক্তভোগী মহিলাসকলেই৷ খাগৰীয়া জিলাৰ গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰত মহিলাসকলক মূৰ্চ্ছা নোযোৱাকৈ অস্ত্ৰোপচাৰ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে৷। এটা নিৰ্দিষ্ট সময়ৰ পিছত গৰ্ভধাৰণ প্ৰতিৰোধ কৰিবলৈ মহিলাসকলৰ শৰীৰত 'টিউবেকটমী' নামৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। 

বিহাৰৰ খাগৰীয়া গাঁৱৰ ২৪ গৰাকী মহিলাৰ ক্ষেত্ৰত কোনো চেতননশক ব্যৱহাৰ নকৰাকৈয়ে এনে  অস্ত্ৰোপচাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। এনে গুৰুতৰ অভিযোগ উত্থাপনৰ পিছতে প্ৰশাসনে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য বন্ধ্যাকৰণৰ এক উত্তম উপায় হৈছে  টিউবেকটমী৷ এই  অস্ত্ৰোপচাৰ কৰাৰ পিছত  মহিলাসকলে এক নিৰ্দিষ্ট সময়ৰ পিছত গৰ্ভৱতী হ'ব নোৱাৰে। এই প্ৰক্ৰিয়াটোত অস্ত্ৰোপচাৰ কৰিবলৈ সংশ্লিষ্ট মহিলাগৰাকীৰ শৰীৰত এক নিৰ্দিষ্ট পৰিমাণৰ চেতনানাশক ঔষধ প্ৰয়োগ কৰাটো প্ৰয়োজনীয় কথা । কিন্তু বিহাৰৰ খাগৰীয়া গাঁৱত কোনো চেতনানাশক ঔষধ অবিহনেই ২৪ গৰাকী মহিলাৰ ওপৰত এনে অস্ত্ৰোপচাৰ কৰা হৈছে। ঘটনাটো গাঁৱখনৰ কেইবাটাও স্থানীয় স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছিল।

খাগৰীয়াৰ জিলা দণ্ডাধীশ আলোক ৰঞ্জন ঘোষে  বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। যিসকল মহিলাৰ ওপৰত অস্ত্ৰোপচাৰ কৰা হৈছে তেওঁলোকৰ ভিতৰত কুমাৰী প্ৰতিমা নামৰ এগৰাকী মহিলাও আছিল । তেওঁক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। কুমাৰী প্ৰতিমাই কয় "অস্ত্ৰোপচাৰ কৰাৰ সময়ত কোঠাটোৰ ভিতৰত চাৰিজন লোক আছিল। মই বিষত চিঞৰি থকাৰ সময়তে  তেওঁলোকে মোৰ হাত আৰু ভৰি জোৰকৈ ধৰ লৈছিল। আন এগৰাকী মহিলায়ো একেই অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে সংবাদমাধ্যমৰ আগত  কয়, "মই অনুভৱ কৰিছিলো যে মোৰ শৰীৰত এখন  ব্লেড ভৰাই দিয়া হৈছে। মই বিষত চিঞৰি আছিলো। ''

উল্লেখ্য এই  অস্ত্ৰোপচাৰৰ প্ৰকল্পটো চৰকাৰে পৰিচালনা কৰি আহিছে। এটা সামাজিক সংগঠনে যুটীয়াভাৱে চৰকাৰৰ সৈতে হাত মিলাই  অস্ত্ৰোপচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। মুঠ ৫৩ গৰাকী মহিলাই 'টিউবকটমী' অস্ত্ৰোপচাৰৰ বাবে নাম ভৰ্তি কৰিছিল। ইয়াৰ ভিতৰত ২৪ গৰাকী মহিলাক 'ভুল' ধৰণে অস্ত্ৰোপচাৰ কৰা হৈছিল। এজন স্থানীয় চিকিৎসকে কয়  যে এতিয়ালৈকে দুটা স্বাস্থ্য কেন্দ্ৰত   "ভুল" ধৰণে চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে। যদি কোনোবা  দোষী সাব্যস্ত হয় তেন্তে  তেনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব।

আনহাতে এখন   স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষই  দাবী কৰিছে যে সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিয়ই অস্ত্ৰোপচাৰ কৰা হৈছিল। স্বাস্থ্য কেন্দ্ৰটোৰ  এজন বিষয়াই কয়, "এটা ঔষধে সকলোৰে শৰীৰত একেধৰণে কাম কৰিব বুলি অৰ্থ নাই। অস্ত্ৰোপচাৰৰ আগতে অজ্ঞান কৰাৰ  ঔষধ প্ৰয়োগ কৰা হৈছিল। কিন্তু কিছুমানৰ ক্ষেত্ৰত  ই কাম নকৰিলে। ''

এনে ঘটনা এয়াই  প্ৰথম  নহয়। আগতেও এনে ঘটনা  বিহাৰত ঘটিছিল। ২০১২ চনত বিহাৰৰ আৰিয়া জিলাত চেতনানাশক দৰব নিদিয়াকৈয়ে দুঘণ্টাৰ ভিতৰত ৫৩ গৰাকী মহিলাৰ 'টিউবেকটমী' কৰোৱা হৈছিল। ঘটনাটো সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু ইমানৰ পিছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। দহ বছৰৰ পিছত বিহাৰত একেটা ঘটনাৰেই পুনৰাবৃত্তি ঘটিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু