--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পিতৃৰ আদৰ্শ আৰু ৰাজনৈতিক কেৰিয়াৰৰ বিপৰীতে অৱস্থান এগৰাকী পুত্ৰৰ৷ পিতৃ আঞ্চলিক ৰাজনৈতিক শিবিৰৰ এগৰাকী অন্যতম গুৰু্ত্বপূৰ্ণ এগৰাকী নেতা৷ তাৰ বিপৰীতে, পুত্ৰৰ শেহতীয়া মন্তব্য আৰু কাম-কাজে হতচকিত কৰি তুলিছে সকলোকে৷ হয়, ক’বলৈ বিচৰা হৈছে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু তেওঁৰ পুত্ৰ শান্তনু চৌধুৰীৰ কথা৷ [caption id="attachment_140389" align="aligncenter" width="300"] (File Photo)[/caption] সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ফণীভূষণ চৌধুৰীয়ে ৰাজ্যখনৰ বিগত পৌৰসভা নিৰ্বাচনৰ সময়ত সংবাদ শিৰোনাম দখল কৰিছিল৷ বঙাইগাঁও সমষ্টিত ক্ৰমশঃ খোপনি পুতিবলৈ লোৱা ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক তৎপৰতা দেখি ভীতগ্ৰস্ত হৈ পৰা চৌধুৰীয়ে অসমৰ আঞ্চলিকতাবাদী শক্তি সম্পৰ্কত কৰিছিল কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য৷ অসমত আঞ্চলিকতাবাদৰ উত্থান, আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰাসংগিকতা আদি সম্পৰ্কত মন্তব্য কৰিছিল ফণীভূষণ চৌধুৰীয়ে৷ বিগত পৌৰসভা নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বঙাইগাঁও সমষ্টিত৷ আৰু বঙাইগাঁও সমষ্টিত পৌৰসভা নিৰ্বাচনত বিধ্বস্ত হৈ পৰিছিল অসম গণ পৰিষদ৷ সমষ্টিটোৰ পৰা সপ্তমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণীভূষণ চৌধুৰীৰ গুৰুত্ব আৰু প্ৰাসংগিকতা যেন দিনে দিনে কমি আহিছে সমষ্টিটোত৷ পৌৰসভা নিৰ্বাচনৰ ফলাফল তাৰেই প্ৰতিফলন বুলি ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছিল৷ আৰু, তাৰ মাজতে প্ৰেক্ষাপটলৈ আহিছে ফণীভূষণ চৌধুৰীৰ তনয় শান্তনু চৌধুৰী৷ শেহতীয়াকৈ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল শান্তনু চৌধুৰীয়ে৷ বিধায়কপুত্ৰ হিচাপে শান্তনু চৌধুৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা বিষয়টোত কোনো অস্বাভাৱিকতা নাই যদিও তেওঁৰ এটা ফেচবুক পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ ফেচবুকত শান্তনু চৌধুৰীয়ে লিখিছে, I urge each and every member of AGP bongaigaon to join Bharatiya Janata party. Jai shri ram.’ মন্ত্ৰীগৰাকীৰ পুত্ৰই তেওঁৰ ফেচবুকৰ পোষ্টৰ জৰিয়তে বঙাইগাঁও অগপৰ সমূহ সদস্যকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আহ্বান জনাইছে৷ শান্তনু চৌধুৰীৰ এই পোষ্টটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিয়নো, অসম গণ পৰিষদৰ পৰা দীৰ্ঘকাল ফণীভূষণ চৌধুৰীয়ে প্ৰতিনিধিত্ব কৰি অহা সমষ্টিটোত স্বয়ং মন্ত্ৰীগৰাকীৰ পুত্ৰই এনেদৰে ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ আহ্বান জনোৱা কাৰ্যই বঙাইগাঁৱৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ ইংগিত বহন কৰিছে৷ পিতৃৰ বিৰুদ্ধেই তেওঁ ৰাজনৈতিক ৰণ আৰম্ভ কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।

কি হ’ব পাৰে ভৱিষ্যতৰ বঙাইগাঁৱৰ ৰাজনীতিত ?

যিহেতু সমষ্টিটোত অগপৰ সাংগঠনিক শক্তি স্তিমিত হৈ আহিছে, সেয়ে অগপৰ জ্যেষ্ঠ নেতা তথা একেৰাহে আঠবাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ জৰিয়তে পুত্ৰক ৰাজনৈতিকভাৱে সংস্থাপিত কৰিবলৈ চেষ্টা কৰিব পাৰে৷ যিহেতু, অগপ দলটোৱে স্বকীয়তা হেৰুৱাই বিজেপিৰ অনুগ্ৰহতহে জীয়াই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে পৰিপ্ৰেক্ষিতত ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ জৰিয়তে বঙাইগাঁও সমষ্টিত পুত্ৰক সংস্থাপিত কৰিব খোজা বিষয়টোতো কোনো অস্বাভাৱিকতা নাই৷ পূৰ্বেও পিতৃৰ সৈতে নিৰ্বাচনী প্ৰচাৰত দেখা গৈছিল শান্তনু চৌধুৰীক৷ আৰু ঠিক পৌৰসভা নিৰ্বাচনত অগপ বিধ্বস্ত হোৱাৰ পাছতেই প্ৰেক্ষাপটত আৱিৰ্ভাৱ হৈছিল মন্ত্ৰীতনয় শান্তনু চৌধুৰীৰ৷ এতিয়া সময়েহে ক’ব, শান্তনু চৌধুৰীয়ে পৰৱৰ্তী সময়ত পিতৃৰ আদৰ্শক ভূলুণ্ঠিত কৰি বিজেপিত যোগদান কৰি বিধায়ক হোৱাৰ মন মেলিবনে নেমেলে? একেদৰে পুত্ৰৰ এনে মন্তব্য আৰু বিজেপিৰ সপক্ষে গ্ৰহণ কৰা স্থিতি সম্পৰ্কত স্থিতি স্পষ্ট কৰিবনে জাতীয়তাবাদৰ অন্যতম গুৰি ধৰোঁতা ফণীভূষণ চৌধুৰীয়ে? New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য