--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাপ্ত হল দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। পঞ্জাৱক বাদ দি দেশৰ পাঁচখন ৰাজ্যতে বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে। কিন্তু এইবাৰ পঞ্জাৱৰ নিৰ্বাচনী ফলাফলক লৈ দেশৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। এফালে বিজেপিৰ উত্থান আনফালে পঞ্জাৱৰ পৰা কংগ্ৰেছক উৎখাত কৰি আপে চৰকাৰ গঠন কৰাটো মুঠেই সহজ নাছিল, কিন্তু বাস্তৱত আপে সেইয়া কৰি দেখুৱালে। পঞ্জাব বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত আম আদমি পাৰ্টীয়ে এতিয়া দেশৰ আন ৰাজ্যতো সংগঠনৰ প্ৰসাৰ কৰা আৰম্ভ কৰিছে। বিশেষকৈ এই বছৰ গুজৰাটত হবলগীয়া নিৰ্বাচনত বা অহা বছৰ নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহত বিশেষ নজৰ দিছে দলটোৱে। পঞ্জাৱ দখলৰ পাছত আম আদমী পাৰ্টিয়ে গুজৰাটত শাসনাধিষ্ঠিত বিজেপিৰ মুখ্য প্ৰতিদ্বন্দী হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। য'ত এই বছৰৰ ডিচেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ বিভাজনমুখী ৰাজনীতি, কংগ্ৰেছৰ সু-নেতৃত্ব অভাৱৰ পূৰ্ণ সুযোগ লব আপে। ইফালে দেশখনৰ শিক্ষিত চামেও আপৰ পক্ষত আছে বুলিও দেশৰ ৰাজনৈতিক মহলে কৱ খোজে। দেশৰ বিৰোধী শিবিৰো অৱগত যে, গুৰাটত যদি বিজেপিৰ একমাত্ৰ প্ৰতিদ্বন্দী আছে সেইয়া হল আপ, আপৰ ক্ৰমাগত উত্থানৰ বিষয়ে এতিয়া বিজেপিয়েও ভালদৰে বুজি উঠিছে। ইফালে গুজৰাটৰ বিধানসভাৰ নিৰ্বাচন নৰেন্দ্ৰ মোদীৰ বাবেও সন্মান ৰক্ষাৰ যুঁজ হব, এনে পৰিস্থিতিত গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনে যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইফালে, বিজেপিয়ে এতিয়া আপৰ উত্থানক লৈ ৰচিছে ৰণকৌশল। বিভিন্ন প্ৰলোভন দি আম আদমী পাৰ্টিৰ (আপ) কেইবাজনো বিষয়াক বিজেপিয়ে তেওঁলোকৰ দলত যোগ কৰালে। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু নৱনিযুক্ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ আহমেদাবাদ ভ্ৰমণ আৰু ৰোড শ্ব'ৰ পূৰ্বে তেওঁলোকে বিজেপিৰ গান্ধী নগৰমুখ্য কাৰ্যালয়ত গেৰুৱা দলত যোগদান কৰাটো এখ লক্ষ্যণীয় বিষয় হিচাপে পৰিগণিত হৈছে। অৱশ্যে, স্থানীয় আপ নেতাসকলে দলত্যাগক "লজ্জাজনক" বুলি অভিহিত কৰে আৰু কয় যে বিজেপিত যোগদান কৰা লোকসকল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৰ সৈতে কোনো সম্পৰ্ক নাই। গুজৰাটৰ এজন আপ নেতাই দাবী কৰিছে যে এইবাৰ গুজৰাটত স্থিতি সকলোৰে বাবে সলনি হ'ব। কেইবা দশকধৰি, বিজেপি আৰু কংগ্ৰেছে গুজৰাটত আধিপত্য বিস্তাৰ কৰি আহিছে,কিন্তু কিছুমান ৰাজনৈতিক পৰ্যবেক্ষকে কয় যে দিল্লী, পঞ্জাৱৰ পিছত আপৰ হাতত এতিয়া বিজেপিৰ সৈতে খেলিবলৈ আন এটা ভাল সুযোগ আহি আছে। আপ গুজৰাটৰ মুখপাত্ৰ যোগেশ পেটেলে কয়, “গুজৰাটৰ জনসাধাৰণৰ আশীৰ্বাদত গুজৰাটত বিজেপিৰ মুখ্য প্ৰতিদ্বন্দী হিচাপে আপ আত্মপ্ৰকাশ কৰিব। যোৱা ২৭ বছৰ ধৰি ইয়াত মানুহে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি আহিছে,এইবাৰ বিজেপিকো কৰিব"। তেওঁ লগতে কয়,"গুজৰাটত আমি দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰৰ কামৰ আধাৰত উন্নয়নৰ এক বিকল্প আৰ্হি আগবঢ়াইছো।বিজেপিৰ অপশাসনৰ ২৭ বছৰৰ পিছত মানুহ ভাগৰি পৰিছে আৰু সেইবাবে আপক সুযোগ দিব।শিক্ষা, বিদ্যুৎ, স্বাস্থ্য বা পানী হওক, বিজেপিয়ে ৰাজ্যখনৰ জনসাধাৰণক প্ৰাথমিক সুবিধাসমূহ প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই আৰু আমি আশা কৰোঁ যে এইকথা বিবেচনা কৰিলে ৰাইজে আমাক এটা সুযোগ দিব।" PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ