--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা আৰম্ভ কৰিলে অ’য়’ৰ স্বত্বাধিকাৰী ৰিতেশ আগৰৱালে জীৱনৰ এক নতুন অধ্যায়। নতুন দিল্লীৰ এখন বিলাসী হোটেলত তেওঁৰ বিয়া হয়। গীতাংশা সুদৰ লগত ৰিতেশে সংসাৰ তৰে।

বৰ্তমান ৰিতেশ আঠ হাজাৰ কোটি সম্পত্তিৰ মালিক। ২৯ বছৰীয়া ৰিতেশে তীব্ৰ পৰিশ্ৰমেৰে কোটি কোটি টকাৰ সাম্ৰাজ্য গঢ়ি তুলিছে।

১৯৯৩ চনৰ ১০ নৱেম্বৰত উৰিষ্যাৰ বিছাম কটকত জন্মগ্ৰহণ কৰিছিল ৰিতেশে। তেওঁ তিতলাগড়ত ডাঙৰ-দীঘল হৈছিল। মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰিতেশৰ জীৱনত কোনো বিলাসীতা নাছিল।

ৰিতেশৰ পৰিয়ালৰ ৰায়গড়ত এখন সৰু দোকান আছিল। সেই দোকানৰ পৰা যি উপাৰ্জন হৈছিল সেইখিনিয়েই তেওঁলোকৰ পৰিয়ালটোক পোহপাল দিছিল। ১৩ বছৰ বয়সত ৰিতেশে অতিৰিক্ত ধন উপাৰ্জনৰ বাবে ফোনৰ চিম কাৰ্ড বিক্ৰী কৰিছিল।

ৰিতেশে উৰিষ্যাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাজস্থানৰ কোটালৈ যায়। ইঞ্জিনিয়াৰিং পঢ়িম বুলি কোটাত পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিলে। ২০১১ চনত ৰাজস্থানৰ পৰা পোনে পোনে ৰাজধানীলৈ গুচি যায় ৰিতেশ।

ৰিতেশ কলেজত নামভৰ্তি কৰিবলৈ নতুন দিল্লীলৈ আহিছিল। কিন্তু কলেজত বেছি দিন পঢ়িব পৰা নাছিল। কলেজৰ পৰা মাজভাগত এৰি তেওঁ এটা ‘ফেল’শ্বিপ প্ৰগ্ৰেম’ত যোগদান কৰিলে।

জাৰ্মান-আমেৰিকান উদ্যোগী পিটাৰ থিলে এই ফেল’শ্বিপ কাৰ্যসূচীৰ আয়োজন কৰিছিল য’ত ২২ বছৰ আৰু তাতকৈ কম বয়সীয়া যুৱ প্ৰাপ্তবয়স্কসকলে নিজৰ ব্যৱসায়িক পৰিকল্পনাত কাম কৰিব পাৰে।

কলেজ এৰি ৰিতেশে ‘অৰেভেল ষ্টেজ’ নামৰ নিজা কোম্পানী এটাত কাম কৰিবলৈ আৰম্ভ কৰিলে। এই সংস্থাটোৰ জৰিয়তে দেশৰ ক’ত, কোনবোৰ হোটেল কম খৰচত পোৱা যায়, সেইটো বিচাৰি উলিওৱা সম্ভৱ  হয়।

২০১২ চনত ৰিতেশে ফেল’শ্বিপ প্ৰগ্ৰেম লাভ কৰিছিল। তেওঁ লাভ কৰিছিল এক লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৮২ লাখ টকা)। ৰিতেশে গোটেই টকা খৰচ কৰি ‘অয়ো ৰুমছ’ কোম্পানী গঢ়ি তুলিছিল।

ৰিতেশে গুগলৰ পৰাও বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ লৈ নিজাকৈ কোম্পানী গঢ়ি তুলিছে। ২০১৩ চনৰ মে’ মাহত তেওঁ অয়’ ৰুমছ স্থাপন কৰে।

ৰিতেশে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন হোটেললৈ গৈও তেওঁৰ কোম্পানীয়ে বজাৰত কাম কৰিব নে নকৰে পৰীক্ষা কৰি চাইছিল।  হোটেলত থকাৰ অভিজ্ঞতা কেনেকুৱা, কিবা দোষ আছে নেকি - ৰিতেশে সকলোতে চকু ৰাখিছিল।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ আটাইতকৈ কম বয়সীয়া স্ব-নিৰ্মিত কোটিপতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল ৰিতেশে। ইনষ্টাগ্ৰামতো তেওঁৰ বৃহৎ সংখ্যক অনুৰাগী আছে। বৰ্তমানলৈকে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় ৩ লাখ হৈছেগৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক