--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে আৰ বি আইৰ তথ্য অনুসৰি ভাৰতৰ চলিত একাউণ্ট ঘাটি ১.৩ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ জিডিপিৰ ০.২ শতাংশলৈ হ্ৰাস পাইছে, মূলতঃ বাণিজ্যিক ঘাটিৰ মধ্যমীয়া আৰু সেৱা ৰপ্তানিৰ ক্ষেত্ৰত শক্তিশালী বৃদ্ধিৰ বাবে জিডিপিৰ এই তাৰতম্যতা দেখিবলৈ পোৱা গৈছে৷

যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত চলিত একাউণ্ট ঘাটিৰ ক্ৰমবৰ্ধমান হ্ৰাসৰ মূল কাৰণ হৈছে বাণিজ্যিক ঘাটিৰ মধ্যমীয়া হোৱাৰ বাবে পূৰ্বৰ ত্ৰৈমাসিকত ৭১.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৫২.৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ হোৱা তাৰতম্যতা আৰু লগতে শক্তিশালী সেৱা ৰপ্তানিও এক অন্যতম কাৰণ আছিল৷

কম্পিউটাৰ সেৱাৰ পৰা নিকা উপাৰ্জন বৃদ্ধিৰ ফলত ক্ৰমাগতভাৱে আৰু বছৰৰ পিছত বছৰ ধৰি  নিকা সেৱাৰ লাভ বৃদ্ধি পাইছে বুলি আৰ বি আইয়ে জানিবলৈ দিয়ে৷

২০২১-২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ১৬.০ বিলিয়ন মাৰ্কিন ডলাৰৰ হ্ৰাসৰ বিপৰীতে বৈদেশিক মুদ্ৰাৰ মজুত (বি অ’ পি ভিত্তিত) ৫.৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰিমাণ বৃদ্ধি পাইছে।২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ২০২১-২২ চনত ১.২ শতাংশ ঘাটিৰ তুলনাত চলিত একাউণ্টৰ বেলেঞ্চত জিডিপিৰ ২ শতাংশ ঘাটি ৰেকৰ্ড কৰা হৈছে, কাৰণ বাণিজ্যিক ঘাটি এবছৰৰ পূৰ্বে ১৮৯.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২৬৫.৩ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক