--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ জ্যেষ্ঠ কন্যা এছা দেউলৰ বিবাহ বিচ্ছেদ হৈছে। হীৰা ব্যৱসায়ী ভাৰত তখতানিৰ সৈতে ১২ বছৰীয়া বিবাহৰ অন্ত পৰিবলৈ ওলাইছে।

এছাৰ অনুৰাগীসকল অলপ আচৰিত হৈছে। কাৰণ এশা আৰু ভাৰতৰ সম্পৰ্কৰ উত্থান-পতন কেতিয়াও পোহৰলৈ অহা নাছিল। বৰঞ্চ বহু সাক্ষাৎকাৰত দুয়োকে একেলগে দেখি এনে লাগে যেন তেওঁলোকে সুখী বিবাহ জীৱন কটাব ধৰিছে।

কেৱল সেয়াই নহয়, প্ৰতিবাৰেই এশা আৰু ভাৰতে সাক্ষাৎকাৰৰ বাবে কাষে কাষে বহি থকাৰ সময়ত দুয়োজনে ইজনে সিজনৰ প্ৰশংসাৰে ভৰি পৰিছে। এক সাক্ষাৎকাৰত এশাই কয় যে, "ভাৰতৰ দৰে আৱেগিক ব্যক্তি মই খুব কমেইহে দেখিছো।"

এছা তেওঁৰ জীৱনলৈ অহাত তেওঁ কিমান সুখী হৈছিল সেই কথাও ভাৰতেও প্ৰকাশ কৰিছিল। সেয়ে মানি ল’বলৈ অসুবিধা যে সুখী দম্পতীহালৰ ছবিখনে ইমান ফাট মেলিছে।

২০১২ চনত এশা আৰু ভাৰতৰ বিবাহ হয়। তাৰ আগতে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক দীঘলীয়া আছিল। বিয়াৰ পিছত দুয়োৰে এটা পৰিপাটি পৰিয়াল আছিল। বিবাহৰ পাঁচ বছৰৰ পাছত তেওঁলোকৰ প্ৰথম সন্তান ৰাধ্যাৰ জন্ম হয়। দুবছৰৰ পাছত দ্বিতীয় সন্তান মীৰা ঘৰলৈ আহিল।

এছা দুয়োজনী ছোৱালীৰ লগত ব্যস্ত আছিল। আৰু তেতিয়াৰ পৰাই সম্পৰ্কটো অলপ অলপকৈ ভাঙিবলৈ ধৰিলে। যোৱা বছৰৰ মাজভাগৰ পৰাই এশাক অকলে দেখা গৈছে। ভাৰত লগত নাছিল। 

দুবছৰমান আগতে এশাই কৈছিল ভাৰতে তাইৰ আৰু ল’ৰা-ছোৱালীবোৰৰ কিমান যত্ন লৈছিল। এই প্ৰসংগত এশাই কয়, "ভাৰতে পৰিয়ালৰ সকলোকে বৰ ভাল পায়।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement