--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বেই ৰণবীৰ কাপুৰৰ 'ৰামায়ণ'ক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে নিজেই।ছবি খনৰ সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ইতিমধ্যে সলনি হোৱা বুলিও খবৰ ওলাইছে। ইয়াৰ মাজতে চৰ্চা হৈছে 'ৰামায়ণ'ত কোনে  সূৰ্পনখাৰ চৰিত্ৰটোত অভিনয় কৰিব?  জানিব পৰা মতে পৰিচালক নিতেশ তিৱাৰীয়ে এই গুৰুত্বপূৰ্ণ চৰিত্ৰটোৰ বাবে বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীক বাছনি কৰিছে। 

সেই  ধুনীয়া অভিনেত্ৰীগৰাকী কোন? জানিব পৰা মতে সূৰ্পনখাৰ  চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেত্ৰীগৰাকী হৈছে   ৰকুল প্ৰীত সিং। শুনা গৈছে যে পৰিচালক নিতেশ  তিৱাৰীয়ে তেওঁক এই চৰিত্ৰটো আগবঢ়াইছে। ৰামায়ণত এই চৰিত্ৰটো অতি গুৰুত্বপূৰ্ণ। ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণ সূৰ্পনখাও এটা । যি কি নহওক, এতিয়া ৰকুল প্ৰীত এতিয়া তেওঁৰ নিজৰ বিয়াৰ বাবে ব্যস্ত, তেওঁ ২২ ফেব্ৰুৱাৰীত অভিনেতা-প্ৰযোজক জেকি ভাগনানিৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব।  ৰকুল প্ৰীতে  এতিয়ালৈকে অৱশ্যে  'ৰামায়ণ'ত অভিনয় কৰাৰ বিষয়ত কোনো মন্তব্য কৰা নাই।


ৰণবীৰৰ 'ৰামায়ণ'ৰ   শ্বুটিং   মাৰ্চ মাহৰ পৰা  আৰম্ভ হ’ব। কিন্তু জানিব পৰা মতে 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ৰণবীৰৰ 'ৰামায়ণ'ৰ সীতা সলনি হৈছে। ইয়াৰ আগতে এই চৰিত্ৰত দক্ষিণৰ অভিনেত্ৰী চাই পল্লৱীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছিল।   কিন্তু এতিয়া আন এগৰাকী  তাৰকাৰ নামহে সীতাৰ চৰিত্ৰৰ বাবে ওলাইছে। 
তেন্তে ৰণবীৰৰ  বিপৰীতে সীতা হিচাপে কাক দেখা যাব? শুনা গৈছে যে শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰক চাই পল্লৱীৰ পৰিৱৰ্তে সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছনি কৰা হৈছে। জাহ্নৱীয়ে নিতেশ  তিৱাৰীৰ দ্বাৰা পৰিচালিত 'বাৱাল' ছবিখনত সুন্দৰ অভিনয় কৰিছে। সেই অভিনয় চাই পৰিচালকে তেওঁক সীতাৰ চৰিত্ৰৰ বাবে বাছনি কৰা বুলি এটা মহলে প্ৰকাশ কৰিছে। পৰিচালকে  ভাবিছে যে জাহ্নৱীয়েই  সীতাৰ চৰিত্ৰটোৰ বাবে সৰ্বশ্ৰেষ্ঠ উপযুক্ত হ'ব। জানিব পৰা মতে ছবিখনত 'কেজিএফ' তাৰকা যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব। বিজয় সেতুপতিয়ে বিভীষণৰ চৰিত্ৰত অভিনয় কৰিব আৰু হনুমানৰ চৰিত্ৰত দেখা যাব  ছানী দেওলক।ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য। কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই  তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে। 

ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ   ১২০  দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নিতেশ  তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা  বিতৰ্কৰ পৰা  বহু কথাই শিকিছে। 
নিতেশৰ ছবি  'ৰামায়ণ'ৰ বেছিভাগ  দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ'ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে  লণ্ডনলৈ উৰা মাৰিব।  দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব।  দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement