--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ গুগলে ঘোষণা কৰিছে নতুন কোৱাণ্টাম কম্পিউটিং চিপ ‘উইলো’৷ এতিয়া সমগ্ৰ টেক জগতৰ দৃষ্টি আকৰ্ষণ কৰিছে ‘উইলো চিপে’।বৰ্তমানৰ কম্পিউটাৰতকৈ বহুগুণে শক্তিশালী এই চিপে দ্ৰুতগতিত কঠিন গণনা কৰিব পাৰে। গুগলৰ এই নতুন প্ৰযুক্তিয়ে বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সীৰ ভৱিষ্যত বিপন্ন কৰিব নেকি? সেয়ে ‘উইলো’ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷

আজিৰ ডিজিটেল জগতত অতি জনপ্ৰিয় বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সী। কিন্তু এতিয়া কোৱাণ্টাম কম্পিউটিং নামৰ নতুন প্ৰযুক্তিৰ বাবে বিপদত পৰিছে বিটকইনকে ধৰি অন্যান্য ক্ৰিপ্টোকাৰেন্সী। শেহতীয়াকৈ গুগলে ঘোষণা কৰা নতুন কোৱাণ্টাম চিপ উইলোৱে এই ভাবুকি আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে৷

কোৱাণ্টাম কম্পিউটিং কি ই কেনেকৈ বিটকইনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে জানো আহক...

কোৱাণ্টাম কম্পিউটাৰ বৰ্তমানৰ কম্পিউটাৰৰ পৰা পৃথক৷ সাধাৰণ কম্পিউটাৰে ০ আৰু ১ ত তথ্য বুজি পায় কিন্তু কোৱাণ্টাম কম্পিউটাৰে ‘কিউবিট’ ব্যৱহাৰ কৰে। এই ক্যুবিটবোৰ একে সময়তে ০ আৰু ১ দুয়োটা হ’ব পাৰে। ইয়াৰ দ্বাৰা কোৱাণ্টাম কম্পিউটাৰে কঠিন কামো অত্যন্ত দ্ৰুত গতিৰে  কৰিব পাৰে। গুগলৰ নতুন চিপ উইলো কোৱাণ্টাম কম্পিউটিঙৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ৷ এই পদক্ষেপে কম্পিউটাৰক দ্ৰুত আৰু সঠিক কৰি তোলে।

কোৱাণ্টাম কম্পিউটাৰ ইমানেই শক্তিশালী যে মিনিটৰ ভিতৰতে কঠিন এনক্ৰিপচনো ভাঙিব পাৰিব।যিহেতু বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সী সুৰক্ষিত ৰাখিবলৈ এনক্ৰিপচন ব্যৱহাৰ কৰা হয়। এই এনক্ৰিপচন ইমানেই শক্তিশালী যে সাধাৰণ কম্পিউটাৰৰ সহায়ত ইয়াক ভাঙি পেলোৱাটো অতি কঠিন। কিন্তু এতিয়া ‘উইলো চিপে’ এয়া সম্ভৱ কৰি তুলিছে৷

১৯৯৪ চনত সৃষ্টি হোৱা বিশেষ এলগৰিদমৰ সহায়ত কোৱাণ্টাম কম্পিউটাৰে বৃহৎ সংখ্যাৰ সমাধান দ্ৰুতভাৱে কৰিব পাৰে যাৰ বাবে বিটকইনৰ নিৰাপত্তা ভংগ হোৱাৰ লগতে ডিজিটেল ৱালেটত ৰখা মুদ্ৰাবোৰ চুৰি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

যিহেতু এই কোৱাণ্টাম কম্পিউটাৰ কোনো চৰকাৰী বা নিয়ন্ত্ৰকৰ সুৰক্ষা অবিহনে চলি থাকে। সেয়ে যদি বিটকইন চুৰি হয় তেন্তে ঘূৰাই পোৱাৰ কোনো নিশ্চয়তা নাথাকিব। বহুতো প্ৰাৰম্ভিক বিটকইন ঠিকনাৰ পাব্লীক কি ইতিমধ্যে উন্মোচিত হৈছে আৰু সেইবিলাক সহজেই কোৱাণ্টাম হেকিঙৰ বলি হ’ব পাৰে। এই ঠিকনাসমূহত প্ৰায় ১৭.২ লাখ বিটকইন ৰখা হৈছে যি প্ৰায় ১৩ লাখ কোটি মূল্যৰ হ’ব।

উল্লেখযোগ্য যে গুগলৰ নতুন কোৱাণ্টাম চিপে সমগ্ৰ বিশ্বতে ডিজিটেল সুৰক্ষাৰ স্তৰ সলনি কৰিব পাৰে। যদি গুগলে সঠিক দিশত লৈ যাব পাৰে তেন্তে ই বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সীৰ বাবে উন্নত সুৰক্ষা আৰু দ্ৰুত লেনদেনৰ পথো মুকলি কৰিব পাৰে। ই অনলাইন বেংকিং, স্বাস্থ্য তথ্য, চৰকাৰী ব্যৱস্থাৰ দৰে খণ্ডতো প্ৰভাৱিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু