--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ গুগলে ঘোষণা কৰিছে নতুন কোৱাণ্টাম কম্পিউটিং চিপ ‘উইলো’৷ এতিয়া সমগ্ৰ টেক জগতৰ দৃষ্টি আকৰ্ষণ কৰিছে ‘উইলো চিপে’।বৰ্তমানৰ কম্পিউটাৰতকৈ বহুগুণে শক্তিশালী এই চিপে দ্ৰুতগতিত কঠিন গণনা কৰিব পাৰে। গুগলৰ এই নতুন প্ৰযুক্তিয়ে বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সীৰ ভৱিষ্যত বিপন্ন কৰিব নেকি? সেয়ে ‘উইলো’ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷

আজিৰ ডিজিটেল জগতত অতি জনপ্ৰিয় বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সী। কিন্তু এতিয়া কোৱাণ্টাম কম্পিউটিং নামৰ নতুন প্ৰযুক্তিৰ বাবে বিপদত পৰিছে বিটকইনকে ধৰি অন্যান্য ক্ৰিপ্টোকাৰেন্সী। শেহতীয়াকৈ গুগলে ঘোষণা কৰা নতুন কোৱাণ্টাম চিপ উইলোৱে এই ভাবুকি আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে৷

কোৱাণ্টাম কম্পিউটিং কি ই কেনেকৈ বিটকইনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে জানো আহক...

কোৱাণ্টাম কম্পিউটাৰ বৰ্তমানৰ কম্পিউটাৰৰ পৰা পৃথক৷ সাধাৰণ কম্পিউটাৰে ০ আৰু ১ ত তথ্য বুজি পায় কিন্তু কোৱাণ্টাম কম্পিউটাৰে ‘কিউবিট’ ব্যৱহাৰ কৰে। এই ক্যুবিটবোৰ একে সময়তে ০ আৰু ১ দুয়োটা হ’ব পাৰে। ইয়াৰ দ্বাৰা কোৱাণ্টাম কম্পিউটাৰে কঠিন কামো অত্যন্ত দ্ৰুত গতিৰে  কৰিব পাৰে। গুগলৰ নতুন চিপ উইলো কোৱাণ্টাম কম্পিউটিঙৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ৷ এই পদক্ষেপে কম্পিউটাৰক দ্ৰুত আৰু সঠিক কৰি তোলে।

কোৱাণ্টাম কম্পিউটাৰ ইমানেই শক্তিশালী যে মিনিটৰ ভিতৰতে কঠিন এনক্ৰিপচনো ভাঙিব পাৰিব।যিহেতু বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সী সুৰক্ষিত ৰাখিবলৈ এনক্ৰিপচন ব্যৱহাৰ কৰা হয়। এই এনক্ৰিপচন ইমানেই শক্তিশালী যে সাধাৰণ কম্পিউটাৰৰ সহায়ত ইয়াক ভাঙি পেলোৱাটো অতি কঠিন। কিন্তু এতিয়া ‘উইলো চিপে’ এয়া সম্ভৱ কৰি তুলিছে৷

১৯৯৪ চনত সৃষ্টি হোৱা বিশেষ এলগৰিদমৰ সহায়ত কোৱাণ্টাম কম্পিউটাৰে বৃহৎ সংখ্যাৰ সমাধান দ্ৰুতভাৱে কৰিব পাৰে যাৰ বাবে বিটকইনৰ নিৰাপত্তা ভংগ হোৱাৰ লগতে ডিজিটেল ৱালেটত ৰখা মুদ্ৰাবোৰ চুৰি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

যিহেতু এই কোৱাণ্টাম কম্পিউটাৰ কোনো চৰকাৰী বা নিয়ন্ত্ৰকৰ সুৰক্ষা অবিহনে চলি থাকে। সেয়ে যদি বিটকইন চুৰি হয় তেন্তে ঘূৰাই পোৱাৰ কোনো নিশ্চয়তা নাথাকিব। বহুতো প্ৰাৰম্ভিক বিটকইন ঠিকনাৰ পাব্লীক কি ইতিমধ্যে উন্মোচিত হৈছে আৰু সেইবিলাক সহজেই কোৱাণ্টাম হেকিঙৰ বলি হ’ব পাৰে। এই ঠিকনাসমূহত প্ৰায় ১৭.২ লাখ বিটকইন ৰখা হৈছে যি প্ৰায় ১৩ লাখ কোটি মূল্যৰ হ’ব।

উল্লেখযোগ্য যে গুগলৰ নতুন কোৱাণ্টাম চিপে সমগ্ৰ বিশ্বতে ডিজিটেল সুৰক্ষাৰ স্তৰ সলনি কৰিব পাৰে। যদি গুগলে সঠিক দিশত লৈ যাব পাৰে তেন্তে ই বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সীৰ বাবে উন্নত সুৰক্ষা আৰু দ্ৰুত লেনদেনৰ পথো মুকলি কৰিব পাৰে। ই অনলাইন বেংকিং, স্বাস্থ্য তথ্য, চৰকাৰী ব্যৱস্থাৰ দৰে খণ্ডতো প্ৰভাৱিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ