--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত '২৪ৰ লোকসভা নিৰ্বাচন৷নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে সলনি হৈছে দেশৰ ৰাজনৈতিক বতাহ৷বিৰোধী ইণ্ডিয়া ব্লকৰ বিপৰ্যয়ৰ সময়ত নেশ্যনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে কয় যে আব্দুল্লাৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত সকলো আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ভৱিষ্যতে তেওঁ পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এত যোগদান কৰিব পাৰে বুলি ইংগিত দিয়ে।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাই কয় যে অন্য ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰাকৈ নেশ্যনেল কনফাৰেন্সে নিজৰ যোগ্যতাৰ ওপৰত নিৰ্বাচনত অৱতীৰ্ণ হ’ব। 

ইণ্ডিয়া মিত্ৰজোঁটৰ  সৈতে আসন ভাগ-বতৰাৰ আলোচনা ব্যৰ্থ হোৱা বুলি জে এণ্ড কেৰ প্ৰবীণ নেতাগৰাকীয়ে উল্লেখ কৰে। সাংবাদিকৰ আগত আব্দুল্লাই কয় যে, "যিমানদূৰ আসনৰ ভাগ-বতৰাৰ কথা, মই স্পষ্টকৈ ক'ব বিচাৰো যে নেশ্যনেল কনফাৰেন্স নিজৰ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব।এই সন্দৰ্ভত কোনো দ্বিমত নাই।"

উল্লেখ্য যে, INDIA ব্লক আৰু নেশ্যনেল কনফাৰেন্সৰ মাজত হোৱা ফাট যোৱা মাহৰ পৰাই দেখা গৈছে। জানুৱাৰী মাহত প্রাক্তন মুখ্যমন্ত্রীজনে কয় যে যদিহে আসন ভাগ-বতৰাৰ সূত্রৰ সিদ্ধান্ত শীঘ্রে নহয় তেন্তে বিৰোধী একাংশ দলে সুকীয়া মিত্রতা গঠন কৰিব পাৰে৷

যোৱা মাহত নেশ্যনেল কনফাৰেন্সৰ কেইবাগৰাকীও শীৰ্ষ নেতাই বিজেপিত যোগদান কৰিছিল।২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু আব্দুল্লাৰ দলে তিনিখনকৈ আসন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু