--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত '২৪ৰ লোকসভা নিৰ্বাচন৷নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে সলনি হৈছে দেশৰ ৰাজনৈতিক বতাহ৷বিৰোধী ইণ্ডিয়া ব্লকৰ বিপৰ্যয়ৰ সময়ত নেশ্যনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে কয় যে আব্দুল্লাৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত সকলো আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ভৱিষ্যতে তেওঁ পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এত যোগদান কৰিব পাৰে বুলি ইংগিত দিয়ে।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাই কয় যে অন্য ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰাকৈ নেশ্যনেল কনফাৰেন্সে নিজৰ যোগ্যতাৰ ওপৰত নিৰ্বাচনত অৱতীৰ্ণ হ’ব। 

ইণ্ডিয়া মিত্ৰজোঁটৰ  সৈতে আসন ভাগ-বতৰাৰ আলোচনা ব্যৰ্থ হোৱা বুলি জে এণ্ড কেৰ প্ৰবীণ নেতাগৰাকীয়ে উল্লেখ কৰে। সাংবাদিকৰ আগত আব্দুল্লাই কয় যে, "যিমানদূৰ আসনৰ ভাগ-বতৰাৰ কথা, মই স্পষ্টকৈ ক'ব বিচাৰো যে নেশ্যনেল কনফাৰেন্স নিজৰ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব।এই সন্দৰ্ভত কোনো দ্বিমত নাই।"

উল্লেখ্য যে, INDIA ব্লক আৰু নেশ্যনেল কনফাৰেন্সৰ মাজত হোৱা ফাট যোৱা মাহৰ পৰাই দেখা গৈছে। জানুৱাৰী মাহত প্রাক্তন মুখ্যমন্ত্রীজনে কয় যে যদিহে আসন ভাগ-বতৰাৰ সূত্রৰ সিদ্ধান্ত শীঘ্রে নহয় তেন্তে বিৰোধী একাংশ দলে সুকীয়া মিত্রতা গঠন কৰিব পাৰে৷

যোৱা মাহত নেশ্যনেল কনফাৰেন্সৰ কেইবাগৰাকীও শীৰ্ষ নেতাই বিজেপিত যোগদান কৰিছিল।২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু আব্দুল্লাৰ দলে তিনিখনকৈ আসন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ