--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পুনৰ বিজেপি তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেৰালা চৰকাৰ৷সমগ্ৰ কেৰালাৰ ৰেচনৰ দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো থকা চাইনবৰ্ড আৰু ফ্লেক্স বৰ্ড প্ৰদৰ্শনৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক ‘নিৰ্বাচনী ষ্টাণ্ট’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে যোৱা ১২ ফেব্ৰুৱাৰীত (সোমবাৰে) কেৰালা বিধানসভাত কয় যে ৰাজ্য চৰকাৰে এই নিয়ম কেন্দ্ৰীয় চৰকাৰক কাৰ্যকৰী নকৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিব।

খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী জি আৰ অনিলে বিষয়টোৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়ত হস্তক্ষেপ কৰি বিজয়নে কয় যে চৰকাৰে এই বিষয়ত নিৰ্বাচন আয়োগক অৱগত কৰাৰ কথাও বিবেচনা কৰিব।

'দ্য হিন্দু’ৰ প্ৰতিবেদন অনুসৰি বিজয়নে কয় যে, ‘ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু ৰেচনৰ দোকান কেৰালাত দীৰ্ঘদিন ধৰি আছে। কিন্তু কেন্দ্রীয় চৰকাৰে এতিয়া এক অভূতপূর্ব নির্দেশ জাৰি কৰিছে৷ যি সময়ত লোকসভা নির্বাচন চমু চাপিছে, নিশ্চিতভাৱে তেওঁলোকে ইয়াক নির্বাচনী প্রচাৰত ব্যৱহাৰ কৰাৰ মনস্থ কৰিছে৷ এই বিষয়সমূহৰ উদ্ধৃতি দি আমি কেন্দ্ৰীয় চৰকাৰক জনাই দিম যে আমি নিৰ্দেশনাসমূহ কাৰ্যকৰী নকৰোঁ।’

ইয়াৰ পূৰ্বে জি আৰ অনিলে সদনত কয় যে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় খাদ্য নিগম (এফ চি আই) আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগক ১০ হাজাৰ ৰেচন দোকানত প্ৰধানমন্ত্ৰী মোদীৰ ছবি থকা ফ্লেক্স বৰ্ড স্থাপন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৫৫০খন ৰেচনৰ দোকানত প্ৰধানমন্ত্ৰীৰ চেলফি পইণ্ট স্থাপন কৰিব লাগে বুলিও কেন্দ্ৰই নিৰ্দেশ দিছে। গ্ৰাহকক কেন্দ্ৰীয় চৰকাৰৰ ব্ৰেণ্ডিং থকা কেৰী বেগো যোগান ধৰিবলৈ কোৱা হৈছে।

ভাৰত চাউল প্ৰতি কেজিত ২৯ টকাকৈ বিতৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপক ফেডাৰেল নীতি উলংঘা বুলিও অনিলে সমালোচনা কৰে।তেওঁ কয় যে ৰাজ্য চৰকাৰে মুক্ত বজাৰ বিক্ৰী আঁচনিৰ জৰিয়তে এফচিআইৰ পৰা খাদ্য শস্য ক্ৰয় কৰি প্ৰতি কেজিত ২৪ টকাৰ হাৰত গ্ৰাহকক যোগান ধৰিছে।

কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ জৰিয়তে ৰাজ্যসমূহে ক্ৰয় কৰিব নোৱাৰাৰ বাবে নীতি-নিয়ম সলনি কৰি এই বজাৰ হস্তক্ষেপৰ প্ৰচেষ্টাক বাধা দিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পাছতে ৰাজ্যৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু ৰেচনৰ দোকানসমূহ বাইপাছ কৰি অন্য দোকানৰ জৰিয়তে ভাৰত ব্ৰেণ্ডৰ চাউল বিতৰণ আৰম্ভ কৰে। এই দোকানসমূহৰ জৰিয়তে সকলো যোগ্য লোকে নিশ্চিত পৰিমাণৰ শস্য লাভ কৰিছে নে নাই পৰীক্ষা কৰাৰ কোনো উপায় চৰকাৰৰ হাতত নাই বুলি চৰকাৰে উল্লেখ কৰে।

উল্লেখ্য যে,খাদ্য সুৰক্ষা আইনৰ অধীনত কেৰালাৰ জনসংখ্যাৰ মাত্ৰ ৪৩ শতাংশ লোককহে কেন্দ্রীয় চৰকাৰে খাদ্য শস্যৰ যোগান ধৰিছে বুলি মন্ত্রীগৰাকীয়ে কয়৷ বাকী ৫৭ শতাংশৰ বাবে ৰাজ্য চৰকাৰে ৰেহাই হাৰত খাদ্য শস্যৰ যোগান ধৰিছে বুলি ভাষণত সন্নিৱিষ্ট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু