--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দীপাৱলীলৈ মাজত মাথো কেইটামান মুহুৰ্ত বাকী। সমগ্ৰ দেশবাসী এতিয়া ব্যস্ত দীপাৱলী আনন্দত বিলীন হবলৈ৷ কিন্তু এইবাৰ দীপাৱলীয়ে ভয়ংকৰ বিপদৰ আগজাননী কঢ়িয়াই আনিছে এখন চহৰলৈ৷


প্ৰতিকুল বতৰৰ বাবে দেশৰ ৰাজধানী চহৰ দিল্লীয়ে সদায়েই সংবাদ শিৰোনাম দখল কৰি থাকে৷ চহৰখনত দিনক-দিনে বৃদ্ধি পাই অহা উদ্যোগিক প্ৰতিষ্ঠানৰ বাবে জলবায়ু ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে৷ তদুপৰি ৰাজধানী চহৰখনত ব্যাপক হাৰত বৃদ্ধি পাই অহা যান-বাহনৰ সংখ্যাও সঘন এই জলবায়ু পৰিৱৰ্তনত ইন্ধন যোগাইছে৷ শেহতীয়াকৈ দিল্লীত প্ৰতিকুল বতৰৰ বাবে পুনৰ স্তব্ধ হৈ পৰিছে সাধাৰণ জন-জীৱন৷ ৰাজধানী চহৰখনত বৰ্তমান ঠাণ্ডাৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে য়ে, গোটেই দিনজুৰি সমগ্ৰ চহৰখনৰ আকাশ-বতাহ ঘন কুঁৱলীয়ে আঁৱৰি ৰাখিছে৷ দিল্লীবাসীৰ বাবে সঘনাই হোৱা বতৰ পৰিৱৰ্তন কোনো ডাঙৰ কথা নহয় যদিও, এইবাৰ ঠাণ্ডা পূৰ্বতকৈ সোনকালে হোৱাৰ বাবে তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছে৷ বিগত দুদিন ধৰি চহৰখনত ঘন কুঁৱলীৰ মাত্ৰা কোনোধৰণৰ পৰিৱৰ্তন হোৱা নাই৷

দিল্লীত প্ৰতিকুল বতৰৰ বাবে পুনৰ স্তব্ধ হৈ পৰিছে সাধাৰণ জন-জীৱন


দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই এইবাৰ দিল্লীৰ জলবায়ুক লৈ ভয়ংকৰ ভৱিষ্যতবাণী কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, আগন্তুক দীপাৱলীত দিল্লীবাসীয়ে যদি অনিয়ন্ত্ৰিতভাৱে আতচবাজী ফুটাই তেনেহ’লে দিল্লীৰ আকাশ চূড়ান্ত হাৰত প্ৰদূষিত হ’ব আৰু হয়তো চহৰখনৰ বায়ু একেবাৰে বিষাক্ত হৈ যাব পাৰে, যাৰ ফলত মানুহে উশাহ-নিশাহ লোৱাতো কষ্ট হ’ব পাৰে৷ দিল্লীত এতিয়া সৰ্বনিম্ন তাপমাত্ৰ ১৫ ডিগ্ৰী ছেলছিয়াছ আৰু দিপাৱলীত ইয়াৰ মাত্ৰ ১৩ ডিগ্ৰী ছেলছিয়াছলৈ হ্ৰাস পোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে আতচবাজী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ব্যাপক নিষেধাজ্ঞ জাৰি কৰিছে আৰু প্ৰশাসনৰ ফালৰ পৰা দিল্লীবাসীক যথেষ্ট সাৱধানতাৰে দেৱালী উদযাপন কৰিবলৈ আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে