--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দীপাৱলীলৈ মাজত মাথো কেইটামান মুহুৰ্ত বাকী। সমগ্ৰ দেশবাসী এতিয়া ব্যস্ত দীপাৱলী আনন্দত বিলীন হবলৈ৷ কিন্তু এইবাৰ দীপাৱলীয়ে ভয়ংকৰ বিপদৰ আগজাননী কঢ়িয়াই আনিছে এখন চহৰলৈ৷


প্ৰতিকুল বতৰৰ বাবে দেশৰ ৰাজধানী চহৰ দিল্লীয়ে সদায়েই সংবাদ শিৰোনাম দখল কৰি থাকে৷ চহৰখনত দিনক-দিনে বৃদ্ধি পাই অহা উদ্যোগিক প্ৰতিষ্ঠানৰ বাবে জলবায়ু ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে৷ তদুপৰি ৰাজধানী চহৰখনত ব্যাপক হাৰত বৃদ্ধি পাই অহা যান-বাহনৰ সংখ্যাও সঘন এই জলবায়ু পৰিৱৰ্তনত ইন্ধন যোগাইছে৷ শেহতীয়াকৈ দিল্লীত প্ৰতিকুল বতৰৰ বাবে পুনৰ স্তব্ধ হৈ পৰিছে সাধাৰণ জন-জীৱন৷ ৰাজধানী চহৰখনত বৰ্তমান ঠাণ্ডাৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে য়ে, গোটেই দিনজুৰি সমগ্ৰ চহৰখনৰ আকাশ-বতাহ ঘন কুঁৱলীয়ে আঁৱৰি ৰাখিছে৷ দিল্লীবাসীৰ বাবে সঘনাই হোৱা বতৰ পৰিৱৰ্তন কোনো ডাঙৰ কথা নহয় যদিও, এইবাৰ ঠাণ্ডা পূৰ্বতকৈ সোনকালে হোৱাৰ বাবে তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছে৷ বিগত দুদিন ধৰি চহৰখনত ঘন কুঁৱলীৰ মাত্ৰা কোনোধৰণৰ পৰিৱৰ্তন হোৱা নাই৷

দিল্লীত প্ৰতিকুল বতৰৰ বাবে পুনৰ স্তব্ধ হৈ পৰিছে সাধাৰণ জন-জীৱন


দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই এইবাৰ দিল্লীৰ জলবায়ুক লৈ ভয়ংকৰ ভৱিষ্যতবাণী কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, আগন্তুক দীপাৱলীত দিল্লীবাসীয়ে যদি অনিয়ন্ত্ৰিতভাৱে আতচবাজী ফুটাই তেনেহ’লে দিল্লীৰ আকাশ চূড়ান্ত হাৰত প্ৰদূষিত হ’ব আৰু হয়তো চহৰখনৰ বায়ু একেবাৰে বিষাক্ত হৈ যাব পাৰে, যাৰ ফলত মানুহে উশাহ-নিশাহ লোৱাতো কষ্ট হ’ব পাৰে৷ দিল্লীত এতিয়া সৰ্বনিম্ন তাপমাত্ৰ ১৫ ডিগ্ৰী ছেলছিয়াছ আৰু দিপাৱলীত ইয়াৰ মাত্ৰ ১৩ ডিগ্ৰী ছেলছিয়াছলৈ হ্ৰাস পোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে আতচবাজী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ব্যাপক নিষেধাজ্ঞ জাৰি কৰিছে আৰু প্ৰশাসনৰ ফালৰ পৰা দিল্লীবাসীক যথেষ্ট সাৱধানতাৰে দেৱালী উদযাপন কৰিবলৈ আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক