--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে। মঙলবাৰে পুৱা ৮ বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো। উত্তৰপ্ৰদেশৰ গাজিপুৰত সংঘটিত হৈছে এই ভয়ংককৰ দুৰ্ঘটনা। তীব্ৰ গতিৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা চাহৰ দোকানত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলতে ৬জনকৈ লোক থিতাতে নিহত হয়।

পুৱাৰ চাহৰ জুতি লবলৈ চাহৰ দোকানখনত সোমাইছিল কেইজনমান লোক। হঠাতে ভৰাউলীৰ দিশৰ পৰা অহা এখন অনিয়ন্ত্ৰিত ট্ৰাকে চাহৰ দোকানখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। উমাশংকৰ যাদৱ(৫০),গুলু যাদৱ(১৫),বীৰেন্দ্ৰ ৰাম(৪৫),সতীন্দ ঠাকুৰ(২৮)ট্ৰাকৰ দ্বাৰা পিষ্ট হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

আনহাতে চন্দ্ৰমোহন ৰায় (৪৫) আৰু শ্যাম বিহাৰী কুশৱাহা(৩৫) নামৰ লোক দুজনৰ চিকিৎসালয়ত মৃত্যু হয়।দুৰ্ঘটনাটোৰ পিছতে উত্তেজিত জনতাই ট্ৰাক চালকক আৱদ্ধ কৰি ৰাখি বেয়াকৈ মাৰপিট কৰে। আৰক্ষীয়ে উপস্থিত হৈ উত্তেজিত জনতাৰ হাতৰ পৰা কোনোমতে চালকজনক উদ্ধাৰ কৰি থানালৈ আনে।

দুৰ্ঘটনাস্থলীত উত্তেজিত জনতাৰ ভিৰ

আৰু পঢ়কঃ চমৎকাৰী ফল খেজুৰ! খাই যদি ভাল কথা,যদি নাখায় সোনকালে খোৱা আৰম্ভ কৰক

উত্তেজিত ৰাইজে মৃতদেহকেইটা লৈ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদত বহে। মৃত লোককেইজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায় উত্তেজিত জনতাই। বহু প্ৰচেষ্টাৰ অন্ততহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চসজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক