--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে। মঙলবাৰে পুৱা ৮ বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো। উত্তৰপ্ৰদেশৰ গাজিপুৰত সংঘটিত হৈছে এই ভয়ংককৰ দুৰ্ঘটনা। তীব্ৰ গতিৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা চাহৰ দোকানত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলতে ৬জনকৈ লোক থিতাতে নিহত হয়।

পুৱাৰ চাহৰ জুতি লবলৈ চাহৰ দোকানখনত সোমাইছিল কেইজনমান লোক। হঠাতে ভৰাউলীৰ দিশৰ পৰা অহা এখন অনিয়ন্ত্ৰিত ট্ৰাকে চাহৰ দোকানখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। উমাশংকৰ যাদৱ(৫০),গুলু যাদৱ(১৫),বীৰেন্দ্ৰ ৰাম(৪৫),সতীন্দ ঠাকুৰ(২৮)ট্ৰাকৰ দ্বাৰা পিষ্ট হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

আনহাতে চন্দ্ৰমোহন ৰায় (৪৫) আৰু শ্যাম বিহাৰী কুশৱাহা(৩৫) নামৰ লোক দুজনৰ চিকিৎসালয়ত মৃত্যু হয়।দুৰ্ঘটনাটোৰ পিছতে উত্তেজিত জনতাই ট্ৰাক চালকক আৱদ্ধ কৰি ৰাখি বেয়াকৈ মাৰপিট কৰে। আৰক্ষীয়ে উপস্থিত হৈ উত্তেজিত জনতাৰ হাতৰ পৰা কোনোমতে চালকজনক উদ্ধাৰ কৰি থানালৈ আনে।

দুৰ্ঘটনাস্থলীত উত্তেজিত জনতাৰ ভিৰ

আৰু পঢ়কঃ চমৎকাৰী ফল খেজুৰ! খাই যদি ভাল কথা,যদি নাখায় সোনকালে খোৱা আৰম্ভ কৰক

উত্তেজিত ৰাইজে মৃতদেহকেইটা লৈ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদত বহে। মৃত লোককেইজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায় উত্তেজিত জনতাই। বহু প্ৰচেষ্টাৰ অন্ততহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চসজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে