--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পুৱা ১০:২০ বজাৰ পৰা দুপৰীয়া ১২:৪৫ বজাৰ ভিতৰত কোনো বিমান উৰা মাৰিবলৈ বা অৱতৰণ কৰিবলৈ অনুমতি দিয়া নহ'ব।

এটা বিবৃতিযোগে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে এই ঘোষণা আগবঢ়াইছে৷ একেসময়তে এয়াও কোৱা হৈছে যে ১৯-২৫ জানুৱাৰীৰ সময়ছোৱাত পুৱা ১০ বজাৰ পৰা নিশা ১.১৫ বজালৈ অনিৰ্ধাৰিত বিমান অৱতৰণ বা উৰণৰ অনুমতি দিয়া নহ'ব।

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানীত ইতিমধ্যে আখৰা আৰম্ভ হৈছে। দিল্লী আৰক্ষীয়ে দিল্লীত যান-বাহনৰ পাৰ্কিঙৰ বাবেও বিশেষ পৰামৰ্শ জাৰি কৰিছিল। 

আৰক্ষীয়ে কৈছিল যে বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে পুৱা ১০.১৫ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ কৰ্তব্য পথ-জনপথ ক্ৰছিং, কৰ্তব্য পথ-মানসিং ৰোড ক্ৰছিং আৰু কৰ্তব্য পথ-চি হেক্সাগনত যান-বাহনৰ চলাচল সীমিত কৰা হ'ব।

ইয়াৰ উপৰি ইণ্ডিয়া গেট আৰু বিজয় চ’কৰ মাজৰ কৰ্তব্য পথটো যিকোনো যান-বাহন চলাচলৰ বাবে বন্ধ থাকিব বুলি দিল্লী আৰক্ষীয়ে সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা