--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পুৱা ১০:২০ বজাৰ পৰা দুপৰীয়া ১২:৪৫ বজাৰ ভিতৰত কোনো বিমান উৰা মাৰিবলৈ বা অৱতৰণ কৰিবলৈ অনুমতি দিয়া নহ'ব।

এটা বিবৃতিযোগে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে এই ঘোষণা আগবঢ়াইছে৷ একেসময়তে এয়াও কোৱা হৈছে যে ১৯-২৫ জানুৱাৰীৰ সময়ছোৱাত পুৱা ১০ বজাৰ পৰা নিশা ১.১৫ বজালৈ অনিৰ্ধাৰিত বিমান অৱতৰণ বা উৰণৰ অনুমতি দিয়া নহ'ব।

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানীত ইতিমধ্যে আখৰা আৰম্ভ হৈছে। দিল্লী আৰক্ষীয়ে দিল্লীত যান-বাহনৰ পাৰ্কিঙৰ বাবেও বিশেষ পৰামৰ্শ জাৰি কৰিছিল। 

আৰক্ষীয়ে কৈছিল যে বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে পুৱা ১০.১৫ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ কৰ্তব্য পথ-জনপথ ক্ৰছিং, কৰ্তব্য পথ-মানসিং ৰোড ক্ৰছিং আৰু কৰ্তব্য পথ-চি হেক্সাগনত যান-বাহনৰ চলাচল সীমিত কৰা হ'ব।

ইয়াৰ উপৰি ইণ্ডিয়া গেট আৰু বিজয় চ’কৰ মাজৰ কৰ্তব্য পথটো যিকোনো যান-বাহন চলাচলৰ বাবে বন্ধ থাকিব বুলি দিল্লী আৰক্ষীয়ে সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক