--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী  অমিত শ্বাহে আজি শ্বিলঙত উত্তৰ-পূব পৰিষদ(এনইচি)ৰ ৭১ সংখ্যক পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰে।ভাষণত  অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰ ৭৫ বছৰীয়া  স্বাধীনোত্তৰ কালৰ  উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰ হিচাবে বিবেচিত হৈছে। তেওঁ কয় যে মোদীজীৰ নেতৃত্বত এই ১০টা বছৰত উত্তৰ-পূবৰ পৰা দিল্লী তথা  ভাৰতৰ বাকী অংশৰ মাজৰ   আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় দূৰত্ব হ্ৰাস পোৱাই নহয়, মনৰ দূৰত্বও বহু খিনি হ্ৰাস পাইছে। 

বিভিন্ন জাতি, ভাষা, সীমা বিষয়ক বিষয়ক আৰু উগ্ৰপন্থী  সমস্যাৰ সন্মুখীন হোৱাৰ অন্তত  উত্তৰ-পূবে এই ১০টা  বছৰত শান্তিৰ এক নতুন আৰু দীঘলীয়া যুগৰ পৰিবেশ লাভ কৰিছে। শ্ৰী শ্বাহে কয় যে যদি উত্তৰ-পূবৰ বাবে এই ১০টা  বছৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ সৈতে তুলনা কৰা হয়, তেন্তে এই দশকক নিশ্চিতভাৱে উত্তৰ-পূবৰ বাবে সোণালী কাল হিচাপে গণ্য কৰিব পাৰি। গৃহমন্ত্ৰীয়ে কয় যে আমি সদায় উত্তৰ-পূবক ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰি আহিছো, অটলজীৰ সময়ত উত্তৰ-পূবক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু আজি প্ৰধানমন্ত্ৰী মোদীজীৰ উদ্যোগত এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট নীতিক  আধাৰ কৰি উত্তৰ-পূবৰ বাবে এটা পৃথক মন্ত্ৰালয় গঠন কৰা হৈছে। এই ৩ টা মন্ত্ৰৰ সৈতে ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়ত উত্তৰ-পূবক অগ্ৰাধিকাৰ দিয়াৰ হকে  কাম কৰি অহা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিষ্ঠা হোৱাৰ ৫০ বছৰত উত্তৰ-পূব পৰিষদে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক এক কৌশলগত মঞ্চ প্ৰদান কৰি অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে  তেওঁলোকৰ সমস্যাৰ  সৰল সমাধান সূত্ৰ উলিওৱাত সহায় কৰি আহিছে। এই ৫০ বছৰত এই অঞ্চলত ১২০০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে, ৭০০ মেগাৱাট শক্তি প্ৰকল্প স্থাপন কৰা হৈছে আৰু এনইচিৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় প্ৰতিভা বিকাশৰ  বহু প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। শ্ৰী শ্বাহ  কয় যে মোদীজীৰ নেতৃত্বত এক্ট ইষ্ট নীতিৰ অধীনত এনইচিৰ ভূমিকা আৰু পৰিসৰ বৃদ্ধিৰ বাবে কাম কৰা হৈছে। তেওঁ কয় যে বিগত কেইটামান বছৰত মোদী চৰকাৰে এই অঞ্চলত আইন-শৃংখলা, উগ্ৰপন্থীৰ সমস্যা আৰু সীমান্তৰ সমস্যাসমূহ সমাধান  কৰাত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। ইয়াৰ লগতে উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এনইএছএচি) ব্যৱহাৰ কৰি প্ৰশাসনত প্ৰযুক্তিৰ ব্যৱহাৰৰ পথ সূচল  কৰা হৈছে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি, খাদ্য, পোছাক আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই অঞ্চলক এক বিশ্বব্যাপী পৰ্যটনৰ উল্লেখনীয় স্থান কৰি তুলিছে। 

 অমিত শ্বাহে কয় যে ২০১৬ চনত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৪০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনইচিৰ পূৰ্ণাংগ বৈঠকত অংশগ্ৰহণ কৰিছিল আৰু প্ৰধানমন্ত্ৰী হিচাবে উক্ত  বৈঠকত সভাপতিত্ব কৰিছিল। ইয়াৰ পিছত, মোদীজীয়ে যোৱা ১০  বছৰত ৫০বাৰতকৈও অধিক বাৰ ইয়ালৈ আহিছে আৰু সমগ্ৰ দেশৰ সন্মুখত এই অঞ্চলৰ ক্ষেত্ৰত চৰকাৰে দিয়া অগ্ৰাধিকাৰ বিষয়ে স্পষ্ট ধাৰণা দাঙি ধৰিছে আৰু সেইমতে কাম কৰি আহিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীসকলেও ইয়ালৈ ৫০০ বাৰতকৈও অধিকবাৰ আহিছে আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ, ভাষা, সংস্কৃতি, সাহিত্য, সংগীত, পোছাক আৰু খাদ্যক  চৰকাৰী দৃষ্টিভংগীৰে সমৃদ্ধ কৰাই নহয়, সমগ্ৰ ভাৰতক এইবোৰৰ বিষয়ে জানিবলৈ সুযোগ দিছে।
 
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে  যোৱা ১০ বছৰত উত্তৰ-পূবত শান্তি আৰু স্থিৰতা স্থাপনৰ বাবে কেইবাটাও উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে আজি এনইচিৰ ইয়াৰবুক-২০২৪ও মুকলি কৰা হৈছে।  শ্বাহে সকলো ৰাজ্যক মুঠ বিত্তীয় ঘাটি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় আৰু কয় যে মণিপুৰ, অসম, নাগালেণ্ড আৰু ত্ৰিপুৰাই এই দিশত ভাল ফলাফল  দেখুৱাইছে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলক ড্ৰাগছমুক্ত কৰি তুলিবলৈ আৰু এনইএছএচি ব্যৱহাৰ কৰি পানী ব্যৱস্থাপনাক শক্তিশালী কৰাৰ বাবে সকলোৱে গুৰুত্ব দিব লাগিব। ডাঙৰ হ্ৰদ নিৰ্মাণ কৰি আৰু সেইবোৰত বৰষুণৰ পানী সংৰক্ষণ  কৰি আমি পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে খোৱাপানী আৰু জলসিঞ্চনৰ বাবে প্ৰয়োজন হোৱা  পানীৰ চাহিদা পূৰণ কৰিব পাৰোঁ।
অমিত শ্বাহে কয় যে আমাৰ  ন্যায় ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ অৰ্থে  মোদীজীৰ নেতৃত্বত ৩ খন নতুন আইন অনা হৈছে আৰু চৰকাৰী  অধিসূচনাৰ পিছত আমাৰ অপৰাধী ন্যায় ব্যৱস্থা সমগ্ৰ বিশ্বৰ আটাইতকৈ আধুনিক তথা  বৈজ্ঞানিক অপৰাধী ন্যায় ব্যৱস্থা হিচাবে পৰিগণিত হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ উত্তৰ-পূবত ১১১২১ টা হিংসাত্মক ঘটনা সংঘটিত হৈছিল, ২০১৪ চনৰ পৰা ২০২৩ চনলৈ  সংঘটিত হিংসাত্মক ঘটনা   ৩১১৪ টালৈ হ্ৰাস পাইছে, যি  হ্ৰাসৰ পৰিমাণ   ৭৩ শতাংশ । শেহতীয়া সময়ছোৱাত নিৰাপত্তা বাহিনীৰ জোৱানৰ  মৃত্যুৰ সংখ্যাও ৪৫৮ ৰ পৰা ১৩২ লৈ, অৰ্থাৎ  ৭১ শতাংশ হ্ৰাস পাইছে, অসামৰিক লোকৰ মৃত্যু ৮৬ শতাংশ হ্ৰাস পাইছে। তেওঁ লগতে কয় যে এই এলেকাটোত বিদ্ৰোহৰ ঘটনাও হ্ৰাস পাইছে।  

 যোৱা ৫ বছৰত উগ্ৰপন্থী সংগঠনৰ  ৮৯০০ ৰো অধিক কেডাৰে আত্মসমৰ্পণ কৰিছে আৰু মূলসুঁতিলৈ উভতি আহিছে ।  তেওঁলোকে সমগ্ৰ দেশকে এটা বাৰ্তা দিছে যে শান্তি তথা সমৃদ্ধি একেলগে জড়িত হৈ থাকে আৰু সেইবোৰৰ অবিহনে ৰাজ্যসমূহৰ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে।  শ্বাহে কয় যে উত্তৰ-পূবত শান্তি আৰু স্থিৰতা ঘূৰাই  অনাৰ বাবে মোদী চৰকাৰে ৯ খন চুক্তি স্বাক্ষৰ কৰিছে আৰু আইন-শৃংখলা সম্পৰ্কীয়  বহু অমীমাংসিত সমস্যাৰ সমাধান কৰা হৈছে। তেওঁ কয় যে অসম আৰু মণিপুৰৰ কিছু অংশৰ বাহিৰে ২০১৮ চনত সামৰিক বাহিনী বিষেষ ক্ষমতা আইন(এএফএছপিএ)ৰ অধীনত থকা ৭৫ শতাংশ অঞ্চলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ উত্তৰ-পূবৰ বাবে ৪৮০০ কোটি টকা আৱণ্টন কৰিছে আৰু বাজেটত ধনৰ পৰিমাণ প্ৰায় ১৬২ শতাংশ বৃদ্ধি কৰিছে। ১০ শতাংশ মুঠ বাজেট সমৰ্থন আঁচনিয়ে উত্তৰ-পূবৰ উন্নয়নত যথেষ্ট লাভাৱান্বিত কৰিছে বুলিও তেওঁ কয় । উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগৰ ফলতে  ২০২২-২৩ বৰ্ষত ১৫০০ কোটি টকা আৰু ২০২৫-২৬ বৰ্ষৰ বাবে ৬৬০০ কোটি টকা আৱণ্টন দিয়া হৈছে। কৃষিৰ বাবে এটা আন্তঃমন্ত্ৰালয় টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে, ৰাষ্ট্ৰীয় ৰ'পৱে উন্নয়ন কাৰ্যসূচীৰ অধীনত ৮ টা ৰ'পৱেৰ কাম আৰম্ভ কৰা হৈছে, ৰাষ্ট্ৰীয় খোৱা তেল মিছনৰ অধীনত ড'নাৰ মন্ত্ৰালয়ৰ বাজেট ১৫৩ শতাংশ বৃদ্ধি কৰা হৈছে, পাম তেলক অগ্ৰাধিকাৰ দিবলৈ কেৱল উত্তৰ-পূবৰ বাবে  ২৩৪  কোটি টকা আৱণ্টন কৰা হৈছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ১৭১৩ কোটি টকাৰ ৩২ টা প্ৰকল্পত অনুমোদন জনোৱা হৈছে। 
 
 তেওঁ কয় যে উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ সাফল্যক গতি প্ৰদান কৰাৰ বাবে  ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ডিচেম্বৰ লৈকে ৫৪৯০ কোটি টকাৰ আঁচনি অনুমোদিত হৈছে। সম্ভাৱ আঁচনিৰ অধীনত ৮  খন ৰাজ্যৰ ৪২ খন জিলাৰ ৭৫ খন গাওঁ  পঞ্চায়ত আৰু পৰিষদক মৌলিক সুবিধাসমূহ  প্ৰদান কৰাৰ অৰ্থে কাম কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে  কয় যে আমি উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এনইএছএচি)ৰ ব্যৱহাৰ বৃদ্ধি কৰা উচিত আৰু ইয়াক দুৰ্যোগ, পানীৰ ব্যৱস্থাপনা আৰু প্ৰশাসনক জনমুখী তথা  আধুনিক কৰি তোলাত ইয়াক ব্যৱহাৰ কৰিব পাৰি। তেওঁ কয়  যে মোদী চৰকাৰে উত্তৰ-পূবত আন্তঃগাঁথনিৰো সম্প্ৰসাৰণ কৰিছে। উত্তৰ-পূবত যোৱা ১০ বছৰত মোদী চৰকাৰে ভাৰতমালা প্ৰকল্পৰ অধীনত ৰে'লৱেত ৮১,০০০ কোটি টকা, পথ সংযোগত ৪৮,০০০ কোটি টকা আৰু ৫,১৯৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে। উড়ান আঁচনিৰ অধীনত, ৮ টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে আৰু ৭১  টা নতুন বিমান পথ আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে যদি উত্তৰ-পূব জৈৱিক সামগ্ৰী, দুগ্ধ পালন, মৎস্য  আৰু কণী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হয়, তেন্তে কেৱল এই ৪ টা খণ্ডতে  ১৩ লাখ লোকে নিযুক্তি লাভ কৰিব পাৰিব। তেওঁ কয় যে কেৱল অঞ্চলটোৰ উন্নয়নেই যথেষ্ট নহয়, অঞ্চলটোৰ উন্নয়নৰ লগতে ব্যক্তিৰ উন্নয়নো হোৱাটো কাম্য। ইয়াৰ বাবে ঔদ্যোগিক উৎপাদন আৰু কৃষিয়েই একমাত্ৰ বিকল্প। শ্বাহে কয় যে যিটো সময়ত ভাৰতে  ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ'বলৈ গৈ আছে, তেতিয়া উত্তৰ-পূবেও এই প্ৰচেষ্টাত নিজৰ সিংহভাগ  অৰিহণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা উচিত। যেতিয়া ২০৪৭ চনত সমগ্ৰ ভাৰত সম্পূৰ্ণৰূপে বিকশিত আৰু স্বাৱলম্বী হয়, তেতিয়া আমাৰ উত্তৰ-পূবো সম্পূৰ্ণৰূপে বিকশিত আৰু আত্মনিৰ্ভৰশীল হৈ পৰিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে