--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচনী ৰাজনীতিৰ পৰৱৰ্তী পৰ্যায় এতিয়া '২৪ৰ লোকসভা নিৰ্বাচন, য’ত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ইণ্ডিয়া মিত্ৰজোঁট। বৰ্তমান সময়ত বিজেপিৰ সন্মুখত যেন এখন মুকলি খেলপথাৰ। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধীয়েও কৰিছে বিশেষ প্ৰস্তুতি। ইতিমধ্যে তিনিখন ৰাজ্যৰ নিৰ্বাচনী বিজয়ত উৎসাহিত হৈ বিজেপিয়ে মোদীৰ জনপ্ৰিয়তাকে মূলধন হিচাপে লৈ আগবাঢ়িছে, আনহাতে বিৰোধী মিত্ৰজোঁট আসন ভাগ-বটোৱাৰাৰ জৰিয়তে হৈছে ঐক্যবদ্ধ। 

নিৰ্বাচনী বিশ্লেষকসকলৰ মতে বিৰোধী মিত্ৰজোঁটৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ সমস্যাটোয়েই হ’ল , নিজৰ মাজতে আসনৰ ভাগ-বটোৱাৰা কৰাটো আৰু নিৰ্বাচনৰ সময়ত দলৰ মাজত ইজনে সিজনক সহায়ৰ হাত আগবঢ়োৱা। পিছে সকলো‌ অভিযোগ ওফৰাই, মতানৈক্য একাষৰীয়া কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট। আসনৰ ভাগ-বটোৱাৰাত প্ৰায় সফল হৈছে INDIA মিত্ৰজোঁট। এৰা-ধৰাৰ মাজেৰে সম্পূৰ্ণ হোৱাৰ দিশে আসনৰ ভাগ-বটোৱাৰা।‌

ইতিমধ্যে দেশৰ সুপৰিচিত নিৰ্বাচনী বিশ্লেষকসকলেই কয় যে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰতিখন আসনত বিজেপিৰ বিৰুদ্ধে এজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত সকলো দলে একমতত উপনীত হ’লেহে বিজেপিৰ বিৰোধী বিৰোধী মিত্ৰজোঁট সফল হ'ব। আৰু সেই সমীকৰণেৰেই এতিয়া ইণ্ডিয়া মিত্ৰজোঁট নিৰ্বাচনলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। 

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত শেষ হোৱাৰ পৰ্যায়ত চুক্তি। দেশৰ চাৰিখন ৰাজ্যত আসন বিতৰণ সন্দৰ্ভত বিৰোধী দলৰ মিত্ৰতাত জড়িত দুয়োটা দলৰ মাজত আসন বিতৰণ সন্দৰ্ভত হোৱা জটিলতা এতিয়া দূৰ হৈছে। উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত আছে দিল্লী, হাৰিয়ানা, গোৱা আৰু গুজৰাট। এই চাৰিখন ৰাজ্যত মুঠ ৪৫খন লোকসভা আসন আছে।

ইফালে অতি শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি দিল্লীৰ লোকসভাৰ সাতখন আসনৰ ভিতৰত চাৰিখন আসনত আপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। 

আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ যোৱা চাৰিখন আসনৰ ভিতৰত নতুন দিল্লী, পূব দিল্লী, দক্ষিণ দিল্লী আৰু পশ্চিম দিল্লী।

বাকী তিনিখন আসনত কংগ্ৰেছে নিজৰ প্ৰাৰ্থীক টিকট দিব পাৰে। 

কংগ্ৰেছৰ তিনিখন আসনৰ ভিতৰত আছে চান্দনী চক, উত্তৰ-পূব দিল্লী, উত্তৰ-পশ্চিম দিল্লী

হাৰিয়ানাত ১০খন লোকসভাৰ আসনত কংগ্ৰেছে ৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে আম আদমী পাৰ্টিয়ে এখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ ওলাইছে

যদিও হাৰিয়ানাত প্ৰতিদ্বন্দ্বিতা হ'ব মূলতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত।‌

গুজৰাটত ২৬ খন লোকসভাৰ আসন আছে। যোৱা নিৰ্বাচনত বিজেপিয়ে ইয়াত ক্লিন ছুইপ কৰি সকলো আসন লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যত আম আদমী পাৰ্টিৰো উত্থান ঘটিছে, যাৰ বাবে কংগ্ৰেছ লোকচানৰ সন্মুখীন হৈছে। এই কাৰণেই এইবাৰ কংগ্ৰেছে ২৪খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আৰু আপক ভৰুচ আৰু ভৱনগৰ ৰূপত দুখন আসন এৰিছে।

গোৱাৰ দুখন আসন আপক দি কংগ্ৰেছে চণ্ডীগড়ৰ আসনত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা