--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে আভ্যন্তৰীণ সংঘাতে বিধ্বস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক৷ বিজেপিক প্ৰতিহত কৰাৰ সামূহিক যুঁজ এখনৰ বিপৰীতে একাংশ কংগ্ৰেছ নেতাৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজে অসমৰ ৰাজনীতিৰ পৰা বহুযোজন নিলগলৈ ঠেলি দিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিক৷ 

কংগ্ৰেছৰ ভিতৰত থাকিয়েই দলটোৰ বিধায়কে মুকলিকৈ সমৰ্থন ব্যক্ত কৰিছে বিজেপি চৰকাৰৰ কামকাজ তথা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি৷ তাৰপাছতো তেনে বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব৷ ভূপেন বৰাৰ নেতৃত্বত ইতিমধ্যে ভাঙি থানবান হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক পৰিকাঠামো৷ সভাপতি ভূপেন বৰা বিফল দলীয় সংঘাত নিৰাময়ত৷ 

দলীয় টিকটক লৈ বাদ-বিসম্বাদত জুৰুলা হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ৷ মূলতঃ নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ জটিলতা বৃদ্ধি পাইছে কংগ্ৰেছৰ ভিতৰচ’ৰাত৷ নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পুনৰ এবাৰ প্ৰাৰ্থিত্ব বিচাৰিছিল নগাঁৱৰ পৰা৷ কিন্তু, প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত বাধা হৈ থিয় দিছিল কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ৷ সংখ্যালঘুৰ ভোটবেংকৰ সমীকৰণেৰে জয়লাভৰ সহজ পথ বাছি লোৱা গৌৰৱ গগৈয়ে আউল লগালে প্ৰদ্যুৎ বৰদলৈৰ সমীকৰণত৷

নগাঁও সমষ্টিক লৈ গৌৰৱ গগৈ আঁকোৰগোঁজ হৈ পৰাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছিল- মইতো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই৷ দলে নিশ্চয় বিবেচনা কৰিব৷ কিন্তু, মই যিহেতু নগাঁৱৰ সাংসদ, মই নগাঁৱতে প্ৰাৰ্থিত্ব বিচৰাটো স্বাভাৱিক৷ 

তাৰ পূৰ্বেও সাংসদ বৰদলৈক বৰপেটাৰ প্ৰাৰ্থিত্ব দিব বুলি খবৰ ওলোৱাত সেই সম্ভাৱনীয়তাৰ পোনছাটেই নাকচ কৰিছিল সাংসদগৰাকীয়ে৷ বৰদলৈয়ে নিজকে ফুটবল নহয় বুলি কৈ তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰিছিল৷ 

আৰু শেহতীয়াকৈ ৰকিবুল হুছেইনে ধুবুৰী এৰি নগাঁৱৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছতেই সলনি হৈ পৰিল পৰিবেশ৷ ধুবুৰীৰ পৰিৱৰ্তে নগাঁৱতে প্ৰাৰ্থিত্ব বিচৰা বুলি ৰকিবুল হুছেইনে আৰু অধিক জটিল কৰি তুলিলে দলীয় সংঘাত৷

নগাঁৱৰ স্থানীয় প্ৰাৰ্থী বুলি দাবী কৰি ৰকিবুলেও অৱশেষত আউল লগালে প্ৰদ্যুতৰ অংকত৷ আৰু সেয়ে দলীয় ষড়যন্ত্ৰত অতীষ্ঠ হৈ এতিয়া দলত্যাগৰ প্ৰস্তুতি চলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ বিশ্বস্ত সূত্ৰৰ খবৰ অনুসৰি, অহা সপ্তাহতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈয়ে৷ আৰু সেয়াই হ’বলৈ হ’লে নগাঁৱৰ আসনক লৈ কংগ্ৰেছত হোৱা মনোমালনিন্য হ’ব হ’ব দলটোৰ বাবে ছুইচাইড গ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ