--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভোটাধিকাৰ ভাৰতীয় নাগৰিকৰ এক সাংবিধানিক অধিকাৰ। নাগৰিকত্ব অৰ্জন কৰা প্ৰতিজন লোকেই ভোটদান কৰিব লাগে। জনসাধাৰণক ভোটদানৰ বাবে উদ্বুদ্ধ কৰিবলৈ সময়ে সময়ে আয়োজিত হৈ আহিছে সজাগতা অভিযান। নিৰ্বাচন আহিলেই প্ৰাৰ্থী উবুৰি খাই পৰে ভোটভিক্ষা কৰি। ভোটৰ বাবে চলে বিভিন্ন উপঢৌকনৰ ৰাজনীতি। এইবাৰ ভোটদান নকৰিলে বেঃক একাউণ্টৰ পৰা ৩৫০ টকা কাটিব বুলি ওলোৱা এক বাতৰিয়ে চকু কপালত তুলিছে সাধাৰণ জনতাৰ।

এখন হিন্দী সংবাদ পত্ৰিকাত 'ভোটদান নকৰিলে বেংক একাউণ্টৰ পৰা কাটিব ৩৫০ টকা' শীৰ্ষক বাতৰি প্ৰকাশ হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল খবৰটো। লগে লগে ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। বিষয়টো নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ হোৱাতহে ওলাই পৰে ওৰহি গছৰ ওৰ। ঘটনা সন্দৰ্ভত পঞ্জাবৰ ৰাজ্যিক নিৰ্বাচন আয়োগে এক স্পষ্টিকৰণ দিয়ে। প্ৰকৃততে হিন্দী সংবাদ পত্ৰিকাখনে প্ৰচাৰ কৰা বাতৰিটো ভুৱা। পঞ্জাবৰ মুখ্য ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে, তেওঁলোকে বিগত কিছুদিনৰ পৰা সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা বাতৰিটো সন্দৰ্ভত অনুসন্ধান চলায় আৰু বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন।

মুখপাত্ৰগৰাকীয়ে লগতে ৰাজ্যখনৰ জনসাধাৰণক ছ’চিয়েল মিডিয়াত এনেকুৱাধৰণৰ বিপথে পৰিচালিত কৰা কিবা খবৰ পালে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু পঞ্জাব নিৰ্বাচন আয়োগক অৱগত কৰিবলৈও আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন