--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ প্ৰথম দিনটোত অধিনায়ক ৰোহিত শৰ্মাই  ৰাজকোটত অৰ্ধশতক অৰ্জন কৰে।অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো ঘৰুৱা দলটোৰ তৃতীয়খন টেষ্টত আৰম্ভণি স্থিৰ হোৱা নাছিল। ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোট টেষ্টৰ প্ৰথম ঘণ্টাত ভাৰতীয় বেটিং লাইনআপক ব্যাপক আতংকিত কৰা হৈছিল। ইংৰাজ বলাৰ, মাৰ্ক উডে ফৰ্মত থকা খেলুৱৈ যশস্বী জয়ছোৱাল আৰু শুভমন গীলৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। টম হাৰ্টলিয়ে ৰজত পাটিদাৰক আউট কৰাৰ পাছত ভাৰতীয় দলৰ অৱস্থা শোচনীয় হৈ পৰে।

কিন্তু ইংলেণ্ডৰ প্ৰতিহত কৰি ৰোহিত শৰ্মাই বিশেষকৈ জেমছ এণ্ডাৰছনৰ বিৰুদ্ধে কঠিন সময়ছোৱাত যুঁজি অৱশেষত বেটিং পক্ষত বৃদ্ধি পোৱা চাপ লাঘৱ কৰে। 

আনহাতে, জয়ছোৱাল, গীল, আৰু পাটিদাৰৰ পতনৰ পাছত ৰবীন্দ্ৰ জাদেজাই ৫ নম্বৰত বেটিঙৰ বাবে আহিছিল আৰু এতিয়ালৈকে ৰোহিতক সমৰ্থন দি আহিছে। বৰ্তমানলৈকে ৰোহিতে ১০০টা বলত ৬২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে,জাদেজাই ৭২টা বলত ৪০ ৰাণ সংগ্ৰহ কৰিছে৷১২১ ৰাণত তিনিটা উইকেট হেৰুৱাই ভাৰতৰ বৰ্তমানৰ স্থিতি সুদৃঢ়৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে