--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন এতিয়া সকলো মানুহৰে জীৱন এৰাব নোৱা অংগ হৈ পৰিছে। মোবাইল ফোনে বহু কামেই সহজ কৰি তুলিছে, মানহৰ সময়-ধন আদি ৰাহি কৰিছে। মানুহৰ সৈতে মানুহৰ যোগাযোগ দ্ৰুত কৰি তুলিছে। কিন্তু মোবাইল ফোনৰ অপব্যৱহাৰৰ ফলত নানান বিপৰ্যয়ো ঘটিছে। সেয়ে ইয়াৰ ব্যৱহাৰত  সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় কথা। 

বহু লোকে  মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে বহু লোকে প্ৰায়ে তিনিটা ভুল কৰে। সেই ৩ টা গুৰুত্বপূৰ্ণ কথাই ক'বলৈ গৈছো।

যি কথা কেইটা আপুনি সদায় মনত ৰাখিলে কোনো দিনেই মোবাইল ফোনৰ ব্যৱহাৰে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব।
 
এই ৩ টা ভুল কৰা পৰিহাৰ কৰক ঃ

যদি আমি স্মাৰ্টফোনত কিবা বিচাৰিব লগা হয়, আমি গুগলৰ আশ্ৰয় লওঁ আৰু যদি আমি কিবা শ্বেয়াৰ কৰিব বিচাৰো, তেন্তে ছ'চিয়েল মিডিয়াৰ সহায়ত সেয়া কৰো। যদি আপুনি দুয়োটা প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে সেয়া ভাল কথা, যদি আপুনি এই দুয়োটা প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি ধৰা পৰে, তেন্তে হয়তো কাৰাগাৰলৈও যাবলগীয়া হ'ব পাৰে।  ম'বাইল ফোনটো ব্যৱহাৰ কৰোঁতে আপুনি এনেবোৰ কাম কেতিয়াও নকৰিব- 

১)অনুমতি নোলোৱাকৈ ছ'চিয়েল মিডিয়াত যিকোনো লোকৰে ব্যক্তিগত ছবি বা ভিডিঅ' শ্বেয়াৰ কৰাটো অপৰাধ হ'ব পাৰে। যদি আপুনি এনে কৰে, তেন্তে আহুকালৰ সন্মুখীন হ'ব পাৰে।কিয়নো ই এক অপৰাধ।

২)কৌতূহল থাকিলেও আপুনি আপোনাৰ স্মাৰ্টফোনত অস্ত্ৰ বা বোমা আদি  বনোৱাৰ সৈতে সম্পৰ্কিত একো বিষয় বিচাৰিব নালাগে। যদি আপুনি এনে কোনো কাম কৰি ধৰা পৰে, আপুনি কাৰাগাৰলৈ যাব লাগিব পাৰে।কাৰণ বিভিন্ন সংস্থাই অনবৰতে চাইবাৰ জগত খনত চকু ৰাখি আছে। আপুনি কৌতূহলবশতঃ কৰা কামটোক তেন্তে সুৰক্ষা সংস্থাসমূহে সহজভাবে নল'বও পাৰে। ইয়াৰ অৰ্থ হৈছে পোনে পোনে কাৰাগাৰ।

৩) আপুনি কাৰোৱাৰ জাতি বা ধৰ্মীয় অনুভূতিত আঘাত  কৰিব পৰা, সন্ত্ৰাসবাদীক সমৰ্থন কৰা আদি একো বিষয় বা পোষ্ট শ্বেয়াৰ নকৰিব বা নিজেও নিদিব। এনে কৰিলে আপুনি হিংসা বিয়পোৱাৰ অপৰাধৰ বাবে যাব লাগিব পাৰে।দেশত শেহতীয়াকৈ তেনে ঘটনা বহু ঘটিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন