--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন এতিয়া সকলো মানুহৰে জীৱন এৰাব নোৱা অংগ হৈ পৰিছে। মোবাইল ফোনে বহু কামেই সহজ কৰি তুলিছে, মানহৰ সময়-ধন আদি ৰাহি কৰিছে। মানুহৰ সৈতে মানুহৰ যোগাযোগ দ্ৰুত কৰি তুলিছে। কিন্তু মোবাইল ফোনৰ অপব্যৱহাৰৰ ফলত নানান বিপৰ্যয়ো ঘটিছে। সেয়ে ইয়াৰ ব্যৱহাৰত  সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় কথা। 

বহু লোকে  মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে বহু লোকে প্ৰায়ে তিনিটা ভুল কৰে। সেই ৩ টা গুৰুত্বপূৰ্ণ কথাই ক'বলৈ গৈছো।

যি কথা কেইটা আপুনি সদায় মনত ৰাখিলে কোনো দিনেই মোবাইল ফোনৰ ব্যৱহাৰে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব।
 
এই ৩ টা ভুল কৰা পৰিহাৰ কৰক ঃ

যদি আমি স্মাৰ্টফোনত কিবা বিচাৰিব লগা হয়, আমি গুগলৰ আশ্ৰয় লওঁ আৰু যদি আমি কিবা শ্বেয়াৰ কৰিব বিচাৰো, তেন্তে ছ'চিয়েল মিডিয়াৰ সহায়ত সেয়া কৰো। যদি আপুনি দুয়োটা প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে সেয়া ভাল কথা, যদি আপুনি এই দুয়োটা প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি ধৰা পৰে, তেন্তে হয়তো কাৰাগাৰলৈও যাবলগীয়া হ'ব পাৰে।  ম'বাইল ফোনটো ব্যৱহাৰ কৰোঁতে আপুনি এনেবোৰ কাম কেতিয়াও নকৰিব- 

১)অনুমতি নোলোৱাকৈ ছ'চিয়েল মিডিয়াত যিকোনো লোকৰে ব্যক্তিগত ছবি বা ভিডিঅ' শ্বেয়াৰ কৰাটো অপৰাধ হ'ব পাৰে। যদি আপুনি এনে কৰে, তেন্তে আহুকালৰ সন্মুখীন হ'ব পাৰে।কিয়নো ই এক অপৰাধ।

২)কৌতূহল থাকিলেও আপুনি আপোনাৰ স্মাৰ্টফোনত অস্ত্ৰ বা বোমা আদি  বনোৱাৰ সৈতে সম্পৰ্কিত একো বিষয় বিচাৰিব নালাগে। যদি আপুনি এনে কোনো কাম কৰি ধৰা পৰে, আপুনি কাৰাগাৰলৈ যাব লাগিব পাৰে।কাৰণ বিভিন্ন সংস্থাই অনবৰতে চাইবাৰ জগত খনত চকু ৰাখি আছে। আপুনি কৌতূহলবশতঃ কৰা কামটোক তেন্তে সুৰক্ষা সংস্থাসমূহে সহজভাবে নল'বও পাৰে। ইয়াৰ অৰ্থ হৈছে পোনে পোনে কাৰাগাৰ।

৩) আপুনি কাৰোৱাৰ জাতি বা ধৰ্মীয় অনুভূতিত আঘাত  কৰিব পৰা, সন্ত্ৰাসবাদীক সমৰ্থন কৰা আদি একো বিষয় বা পোষ্ট শ্বেয়াৰ নকৰিব বা নিজেও নিদিব। এনে কৰিলে আপুনি হিংসা বিয়পোৱাৰ অপৰাধৰ বাবে যাব লাগিব পাৰে।দেশত শেহতীয়াকৈ তেনে ঘটনা বহু ঘটিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস