--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্য মুক্তিপ্ৰাপ্ত আদিপুৰুষ ছবিখনৰ আৰম্ভণিৰে পৰাই বিতৰ্ক অব্যাহত হৈ আহিছে। ইয়াৰ পাছতো প্ৰথম তিনিদিনতে আৰ্থিকভাৱে ‘আদিপুৰুষ’-এ ভাল সফলতা লাভ কৰে। কিন্তু দিনবোৰ আগবাঢ়ি যোৱাৰ লগে লগে বিতৰ্ক বাঢ়ি আহিল। ইতিমধ্যে এই ছবিখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ। ‘আদিপুৰুষ’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবীত খোদ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখা হৈছে। 

কিন্তু দক্ষিণৰ তেলেগু ভাষী অঞ্চলত আৰম্ভণিৰে পৰাই এই ছবিখনক কেন্দ্ৰ কৰি যথেষ্ট উন্মাদনা দেখা গৈছে। অনুৰাগীসকলে গোট খাই ফূৰ্তি কৰা দেখা গৈছে, ছবিখনত ৰাম ৰূপে প্ৰভাসৰ ৰাজকীয় প্ৰৱেশৰ কাৰণে অনুৰাগীসকলে এই উদযাপনৰ কৰা দেখা গৈছে৷অন্যহাতেদি ভ্ৰাম্যমাণ থিয়েটাৰত হনুমানৰ বাবে সংৰক্ষিত আসন সন্দৰ্ভতো ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চা চলিছে। আনহাতে, হিন্দী মহলত এই ছবিখনক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। এই অনুশীলনৰ কেন্দ্ৰবিন্দুত আছে হনুমানৰ কথিত ভাষা। সংলাপ লেখক মনোজ মুন্টাশ্বিৰে নিয়মিতভাৱে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। বৰ্তমানৰ অশালীন ভাষাটো শুধৰণি কৰি উপযুক্ত সংলাপেৰে ছবিখন পুনৰ মুক্তি দিয়া হ’ব বুলিও কৈছে নিৰ্মাতাসকলে। 


প্ৰথমে বহু টিকট বুকিং লাভ কৰিছিল যদিও তিনিদিনৰ পাছত দৰ্শনী তললৈ নামি আহিছিল। দেওবাৰে য’ত আয় আছিল ৬০ কোটি, সপ্তাহৰ আৰম্ভণিতে এক জোকাৰণিৰ দৰে আয় প্ৰায় ৭৭ শতাংশ হ্ৰাস পাব বুলি সকলোৱে আশংকাত কৰিছে। সকলোৱে আশা কৰিছে বক্স অফিচত ২০ কোটি টকাৰ সংগ্ৰহ কৰিব৷

ওম ৰাৱটৰ দ্বাৰা পৰিচালিত ছবিখনে মুক্তিৰ দিনটোত বিশ্বজুৰি ১৪০ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ পিছৰ দুদিন শনিবাৰ আৰু দেওবাৰে প্ৰায় ১০০ কোটি টকা উপাৰ্জন কৰিছিল। তিনিদিনত আয় হ’ল ৩৪০ কোটি। সূত্ৰ অনুসৰি সোমবাৰে এই ছবিখনৰ আয় আছিল ৮.৫ কোটি। এটা আঘাতত এই ছবিখনৰ প্ৰায় ৭৭ শতাংশ আয় হ্ৰাস পাইছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু