--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানী দেউল আৰু পূজা দেউলৰ বৰ পুত্ৰ কৰণ দেওলে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা দ্ৰীষা আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বিষয়টোৱে দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। কৰণ দেউলৰ বিয়া খনলৈ কোন গ’ল, কোন নগ’ল তাকেলৈয়ো এতিয়া আলোচনা হৈছে। 

যোৱা কেইদিনমানৰ পৰা তেওঁলোকৰ বিবাহকলৈ চৰ্চা চলি থকাৰ মাজতে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিয় সেই বিয়ালৈ নগ’ল তাকেলৈয়ো এতিয়া বহুতৰে মাজত আলোচনা হ’বলৈ ধৰিছে।  কৰণ দেউলৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ বহু চেলিব্ৰিটি উপস্থিত আছিল। চলমান খান, অনুপম খেৰ, আমিৰ খান, সুনীল ছেট্টী আদি বহুতেই তাত উপস্থিত আছিল। 


কিন্তু নাছিল শ্বাহৰুখ খান। কিন্তু কিয় উপস্থিত নাছিল শ্বাহৰুখ খান? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক  প্ৰতিবেদনে অনুসৰি শ্বাহৰুখ খান আৰু ছানী দেওলৰ মাজৰ সম্পৰ্ক কেইবা দশক জুৰি বেয়া।  ডৰ ছবি খনৰ ক্লাইমেক্স দৃশ্য এটাকলৈ ছানিৰ সৈতে শ্বাহৰুখ খানৰ মতভেদ হৈছিল। তেতিয়াৰে পৰা, ছানীয়ে যশ চোপ্ৰা আৰু শ্বাহৰুখ খানৰ পৰা দূৰত্বও বজাই ৰাখি আহিছে ।  আপ কি আদালত অনুষ্ঠানতো  ছানী দেউলে ডৰ ছবি খনৰ  পিছত প্ৰায় ১৬  বছৰ  ধৰি শ্বাহৰুখ খানৰ সম্পৰ্ক নৰখাৰ কথা উল্লেখ কৰিছিল। অৱশ্যে শ্বাহৰুখ খানে আজিলৈকে এই বিষয়ত মুখ খোলা নাই। 

ইপিনে অভিনেতা ধৰ্মেন্দ্ৰ নাতি তথা ছানি দেউলৰ পুত্ৰ কৰণ দেউলৰ বিয়া মহা ধুম-ধামেৰে আয়োজন কৰা হ’ল যদিও  সেই বিয়াত উপস্থিত  থকা নাছিল ছানি দেউলৰ সতীয়া মাতৃ হেমা মালিনীও। কেৱল হেমা মালিনীয়েই নহয়, হেমাৰ নিজৰ কন্যাদ্বয় ঈশা-আহানাও সেই বিয়াত উপস্থিত থকা নাছিল। ১৬ জুনত কৰণ দেউল আৰু দ্ৰিষা আচাৰ্য বিবাহপাশত আৱদ্ধ হৈছে। ১৮ জুনত আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। কিন্তু কোনো এটা অনুষ্ঠানতে দেখা নগ’ল হেমা মালিনী আৰু তেওঁৰ দুই কন্যাক।  

সেই বিয়ালৈ  আমন্ত্ৰণ জনোৱা স্বত্বেও হেমা মালিনী আৰু  ঈশা-আহানা অনুপস্থিত থাকিল। কৰণ দেউলৰ বিয়াৰ খবৰে সংবাদমাধ্যমৰ  শিৰোনাম দখল কৰিছিল। মেহেন্দিৰ পৰা বিয়ালৈ, দেউল পৰিয়ালৰ  বহুতো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে।বিয়া খনত ধৰ্মেন্দ্ৰৰ গোটেই পৰিয়ালটোৱে যথেষ্ট আনন্দ কৰিছে। কিন্তু সকলো ক্ষেত্ৰতে হেমা মালিনী অনুপস্থিত। উল্লেখ্য ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰৰ বাবে হেমা মালিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এনে পৰিস্থিতিত,ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে হেমাই  আৰম্ভনিৰে পৰাই দূৰত্ব বজাই ৰাখিছে। অৱশ্যে, কোনেও ভবা নাছিল যে এই দূৰত্ব ৪২  বছৰৰ পাছতো শেষ নহ'ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক