--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানী দেউল আৰু পূজা দেউলৰ বৰ পুত্ৰ কৰণ দেওলে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা দ্ৰীষা আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বিষয়টোৱে দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। কৰণ দেউলৰ বিয়া খনলৈ কোন গ’ল, কোন নগ’ল তাকেলৈয়ো এতিয়া আলোচনা হৈছে। 

যোৱা কেইদিনমানৰ পৰা তেওঁলোকৰ বিবাহকলৈ চৰ্চা চলি থকাৰ মাজতে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিয় সেই বিয়ালৈ নগ’ল তাকেলৈয়ো এতিয়া বহুতৰে মাজত আলোচনা হ’বলৈ ধৰিছে।  কৰণ দেউলৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ বহু চেলিব্ৰিটি উপস্থিত আছিল। চলমান খান, অনুপম খেৰ, আমিৰ খান, সুনীল ছেট্টী আদি বহুতেই তাত উপস্থিত আছিল। 


কিন্তু নাছিল শ্বাহৰুখ খান। কিন্তু কিয় উপস্থিত নাছিল শ্বাহৰুখ খান? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক  প্ৰতিবেদনে অনুসৰি শ্বাহৰুখ খান আৰু ছানী দেওলৰ মাজৰ সম্পৰ্ক কেইবা দশক জুৰি বেয়া।  ডৰ ছবি খনৰ ক্লাইমেক্স দৃশ্য এটাকলৈ ছানিৰ সৈতে শ্বাহৰুখ খানৰ মতভেদ হৈছিল। তেতিয়াৰে পৰা, ছানীয়ে যশ চোপ্ৰা আৰু শ্বাহৰুখ খানৰ পৰা দূৰত্বও বজাই ৰাখি আহিছে ।  আপ কি আদালত অনুষ্ঠানতো  ছানী দেউলে ডৰ ছবি খনৰ  পিছত প্ৰায় ১৬  বছৰ  ধৰি শ্বাহৰুখ খানৰ সম্পৰ্ক নৰখাৰ কথা উল্লেখ কৰিছিল। অৱশ্যে শ্বাহৰুখ খানে আজিলৈকে এই বিষয়ত মুখ খোলা নাই। 

ইপিনে অভিনেতা ধৰ্মেন্দ্ৰ নাতি তথা ছানি দেউলৰ পুত্ৰ কৰণ দেউলৰ বিয়া মহা ধুম-ধামেৰে আয়োজন কৰা হ’ল যদিও  সেই বিয়াত উপস্থিত  থকা নাছিল ছানি দেউলৰ সতীয়া মাতৃ হেমা মালিনীও। কেৱল হেমা মালিনীয়েই নহয়, হেমাৰ নিজৰ কন্যাদ্বয় ঈশা-আহানাও সেই বিয়াত উপস্থিত থকা নাছিল। ১৬ জুনত কৰণ দেউল আৰু দ্ৰিষা আচাৰ্য বিবাহপাশত আৱদ্ধ হৈছে। ১৮ জুনত আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। কিন্তু কোনো এটা অনুষ্ঠানতে দেখা নগ’ল হেমা মালিনী আৰু তেওঁৰ দুই কন্যাক।  

সেই বিয়ালৈ  আমন্ত্ৰণ জনোৱা স্বত্বেও হেমা মালিনী আৰু  ঈশা-আহানা অনুপস্থিত থাকিল। কৰণ দেউলৰ বিয়াৰ খবৰে সংবাদমাধ্যমৰ  শিৰোনাম দখল কৰিছিল। মেহেন্দিৰ পৰা বিয়ালৈ, দেউল পৰিয়ালৰ  বহুতো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে।বিয়া খনত ধৰ্মেন্দ্ৰৰ গোটেই পৰিয়ালটোৱে যথেষ্ট আনন্দ কৰিছে। কিন্তু সকলো ক্ষেত্ৰতে হেমা মালিনী অনুপস্থিত। উল্লেখ্য ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰৰ বাবে হেমা মালিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এনে পৰিস্থিতিত,ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে হেমাই  আৰম্ভনিৰে পৰাই দূৰত্ব বজাই ৰাখিছে। অৱশ্যে, কোনেও ভবা নাছিল যে এই দূৰত্ব ৪২  বছৰৰ পাছতো শেষ নহ'ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু