--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাউথৰ বিখ্যাত অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ প্ৰবল ফেন ফ’ল’ৱাৰ। এনে পৰিস্থিতিত মানুহে তেওঁৰ সকলো কথা জানিব বিচাৰে। এনঅভিনেতাগৰাকীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে স্কুলীয়া দিনত এগৰাকী অভিনেত্ৰীক তেওঁ বহুত ভাল পাইছিল।

হয়, দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডাৰ সমগ্ৰ দেশতে অনুৰাগী আছে। শেহতীয়াকৈ বিজয়ে আগতে ভালপোৱা ছোৱালীজনীৰ নামটো প্ৰকাশ কৰিলে। এক সাক্ষাৎকাৰত বিজয়ে প্ৰকাশ কৰে যে তেওঁ কলেজীয়া দিনত সামান্থা ৰুথ প্ৰভুৰ প্ৰেমত পৰিছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ বিজয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে সামান্থাৰ আগন্তুক ছবি ‘যশোদা’ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে। এই ছবিখনত সামান্থাই এগৰাকী চেৰ’গেট মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।

নিজৰ টুইটাৰ একাউণ্টত ‘যশোদা’ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি বিজয় দেৱেৰাকোণ্ডাই লিখিছে- ‘মই তেওঁৰ প্ৰেমত পৰিলোঁ। কলেজত পঢ়ি থাকোঁতে প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত তেওঁক দেখাৰ দিনটো মনত পৰে। আজি মই সকলোৰে বাবে তেওঁক প্ৰশংসা কৰো। গতিকে @Samanthaprabhu2 ৰ নতুন ছবি #YashodaTrailer খন আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ পাই মই সুখী।'

চিনেমা ৰিলিজ হোৱাৰ তাৰিখ উল্লেখ কৰি। বিজয়ে সমগ্ৰ দলটোলৈ  শুভেচ্ছা আৰু মোৰ মৰম প্ৰেৰণ কৰিছে।



হৰি আৰু হৰিশে পৰিচালনা কৰিছে সামান্থা ৰুথ প্ৰভুৰ নতুন ছবি যশোদা। এগৰাকী চেৰ’গেট মাতৃ যশোদাৰ জীৱনক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে। তামিল আৰু তেলেগু ভাষাত শ্বুটিং কৰা ছবি যশোদাক হিন্দী, কানাড়া আৰু মালয়ালম ভাষাতো ডাব কৰি মুক্তি দিয়া হ’ব উল্লেখযোগ্য যে যশোদাৰ ট্ৰেইলাৰক বৰ্তমান বহুতে আকোঁৱালি লৈছে। ছবিখনত সামান্থাৰ কামক মানুহে তীব্ৰ প্ৰশংসা কৰিছে। অহা ১১ নৱেম্বৰত বিশ্বজুৰি ৫টা ভাষাত মুক্তি পাব ছবিখন। ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত বিজয় দেৱেৰাকোণ্ডাৰ সৈতে শিৱ নিৰ্বাণৰ ৰোমান্টিক কমেডী ‘খুশী’ত দেখা যাব সামান্থাক। কাশ্মীৰত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে। ২৩ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক