--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ড্ৰাগছ গোচৰটোত মনোৰঞ্জন জগতৰ সৈতে জড়িত বহু বিখ্যাত অভিনেতাৰ নাম চৰ্চালৈ আহিছিল। কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষো ইয়াৰ লগত জড়িত আছিল। এতিয়া এই গোচৰৰ শেহতীয়াকৈ চৰ্চালৈ আহিছে বিশেষ খবৰ। যে এনচিবিয়ে দুয়োৰে বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে আৰু অতি সোনকালে আদালতত দুয়োৰে বিৰুদ্ধে গোচৰ আৰম্ভ হ’ব। উল্লেখযোগ্য যে যে বৰ্তমান দুয়োজনেই জামিনত ওলাই আছে।

২০২০ চনৰ ২১ নৱেম্বৰত এনচিবিয়ে ভাৰতী সিং আৰু তেওঁৰ স্বামীৰ প্ৰডাকচন-হাউছ কাৰ্যালয় আৰু বাসগৃহত অভিযান চলাই ৮৬.৫ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ইয়াৰ পাছতে দম্পতীহালক গ্ৰেপ্তাৰ কৰা হয়। পাছত দুয়োকে দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়, যিয়ে ৪ ডিচেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কিন্তু যোৱা ২৩ নৱেম্বৰত দম্পতীহালক ১৫ হাজাৰ টকাকৈ নিৰাপত্তা জমা কৰি জামিন মঞ্জুৰ কৰিছিল অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ আদালতে।

এতিয়া এনচিবিয়ে এই গোচৰত ২০০ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰিছে। বৰ্তমান সময়ত সংস্থাটোৰ তদন্তত কি কি তথ্য পোহৰলৈ আহিছে সেয়া প্ৰকাশ কৰা হোৱা নাই। কিন্তু আকৌ এবাৰ ভাৰতী সিং আৰু হৰ্ষৰ বিপদ নিশ্চিতভাৱে বাঢ়িছে। ইয়াৰ লগে লগে আকৌ এবাৰ গ্ৰেপ্তাৰৰ  হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে ২০২০ চনৰ ১৪ জুনত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে নিজৰ ফ্লেটতে আত্মহত্যা কৰিছিল। ইয়াৰ পাছতে উন্মোচিত হ’ল মনোৰঞ্জন উদ্যোগত নিজৰ শিপা শক্তিশালী কৰা ড্ৰাগছ ৰেকেটটো। এই গোচৰত এনচিবি ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ শোভিককো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও চাৰা আলী খান, শ্ৰদ্ধা কাপুৰৰ দৰে বহু বিখ্যাত তাৰকাকো জেৰা কৰা হৈছিল। এই ক্ৰমত ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষৰ নামো পোহৰলৈ আহিছিল আৰু তেওঁলোকৰ ঘৰত অভিযান চলোৱাৰ সময়ত তেওঁলোকৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement