--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ড্ৰাগছ গোচৰটোত মনোৰঞ্জন জগতৰ সৈতে জড়িত বহু বিখ্যাত অভিনেতাৰ নাম চৰ্চালৈ আহিছিল। কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষো ইয়াৰ লগত জড়িত আছিল। এতিয়া এই গোচৰৰ শেহতীয়াকৈ চৰ্চালৈ আহিছে বিশেষ খবৰ। যে এনচিবিয়ে দুয়োৰে বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে আৰু অতি সোনকালে আদালতত দুয়োৰে বিৰুদ্ধে গোচৰ আৰম্ভ হ’ব। উল্লেখযোগ্য যে যে বৰ্তমান দুয়োজনেই জামিনত ওলাই আছে।

২০২০ চনৰ ২১ নৱেম্বৰত এনচিবিয়ে ভাৰতী সিং আৰু তেওঁৰ স্বামীৰ প্ৰডাকচন-হাউছ কাৰ্যালয় আৰু বাসগৃহত অভিযান চলাই ৮৬.৫ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ইয়াৰ পাছতে দম্পতীহালক গ্ৰেপ্তাৰ কৰা হয়। পাছত দুয়োকে দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়, যিয়ে ৪ ডিচেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কিন্তু যোৱা ২৩ নৱেম্বৰত দম্পতীহালক ১৫ হাজাৰ টকাকৈ নিৰাপত্তা জমা কৰি জামিন মঞ্জুৰ কৰিছিল অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ আদালতে।

এতিয়া এনচিবিয়ে এই গোচৰত ২০০ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰিছে। বৰ্তমান সময়ত সংস্থাটোৰ তদন্তত কি কি তথ্য পোহৰলৈ আহিছে সেয়া প্ৰকাশ কৰা হোৱা নাই। কিন্তু আকৌ এবাৰ ভাৰতী সিং আৰু হৰ্ষৰ বিপদ নিশ্চিতভাৱে বাঢ়িছে। ইয়াৰ লগে লগে আকৌ এবাৰ গ্ৰেপ্তাৰৰ  হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে ২০২০ চনৰ ১৪ জুনত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে নিজৰ ফ্লেটতে আত্মহত্যা কৰিছিল। ইয়াৰ পাছতে উন্মোচিত হ’ল মনোৰঞ্জন উদ্যোগত নিজৰ শিপা শক্তিশালী কৰা ড্ৰাগছ ৰেকেটটো। এই গোচৰত এনচিবি ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ শোভিককো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও চাৰা আলী খান, শ্ৰদ্ধা কাপুৰৰ দৰে বহু বিখ্যাত তাৰকাকো জেৰা কৰা হৈছিল। এই ক্ৰমত ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষৰ নামো পোহৰলৈ আহিছিল আৰু তেওঁলোকৰ ঘৰত অভিযান চলোৱাৰ সময়ত তেওঁলোকৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু