--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মণ্ডনা। অনুৰাগীৰ অন্যতম প্ৰিয় যুটি। এইবাৰ যুটিটোৰ বিচ্ছেদ হৈছে নেকি? শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজত ৰশ্মিকাই কৰা পোষ্টটো দেখি এই দম্পতীহালৰ অনুৰাগীসকলৰো একেই ধাৰণা হৈছে।

শেহতীয়াকৈ ৰশ্মিকাই নিজৰ ইনষ্টাগ্ৰাম পেজত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত এনএফএলৰ প্ৰাক্তন খেলুৱৈ ট্ৰেণ্ট শ্বেলটনে কয়, “কেতিয়াবা এটা সম্পৰ্ক শেষ নোহোৱালৈকে নতুন সম্পৰ্ক আৰম্ভ নহয়। কেতিয়াবা কোনো যোগ্য ব্যক্তিক জীৱনলৈ আনিবলৈ অযোগ্যক এৰি দিবলগীয়া হয়। কঠিন পথেৰে খোজ কাঢ়িলেই এটা সুন্দৰ গন্তব্যস্থান পাব পাৰি। ধুমুহাৰ সময়ত থিয় হৈ থকাটো কঠিন, কিন্তু ধুমুহা বন্ধ হ'লেই গম পাব পাৰি যে ধুমুহা আঁতৰি যোৱাটো কিমান প্ৰয়োজন আছিল। মই আপুনি বুজি পোৱাটো বিচাৰো যে আজি আপুনি যি পৰিস্থিতিত আছে সেয়া আপোনাৰ চূড়ান্ত গন্তব্যস্থান নহয়। আপুনি যি কষ্টৰ মাজেৰে পাৰ হৈ যায় — সেইটোৱে কাইলৈ ​​আপোনাক ভাল সময়লৈ লৈ যাব।

ৰশ্মিকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল যদিও অভিনেত্ৰীগৰাকীয়ে নিজেই একো যোগ কৰা নাছিল। সেইটোৱে অনুৰাগীৰ কৌতুহল বৃদ্ধি কৰিছে। কিন্তু ৰশ্মিকাই এই কথাবোৰ পৰোক্ষভাৱে বিজয়ক উদ্দেশ্যিয়েই ক’ব বিচাৰেছে নেকি? এতিয়া ইয়াৰ ওপৰত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক