--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভিৰ প্ৰখ্যাত অভিনেতা মনীষ পলে এতিয়া  অ'টিটিত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ।মনীষ পলে শেহতীয়াকৈ তেওঁৰ এটা চৰিত্ৰৰ বাবে নিজৰ দেহৰেই অবয়ৱ পৰিৱৰ্তন কৰিছে। অভিনেতাগৰাকী বৰ্তমান তেওঁৰ ৱেব শৃংখলা 'ৰাফুচক্কাৰ'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। শেহতীয়াক, ৰাফুচক্কাৰৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে,  য'ত মনীষ পলক ৫ টা বিভিন্ন চৰিত্ৰত দেখা গৈছে। 

মনীষ পলে তেওঁৰ প্ৰথম ৱেব শৃংখলা ৰাফুচক্কাৰৰ বাবে নিজৰ দেহৰ এক আচৰিত পৰিৱৰ্তন কৰিছে। প্ৰতিবেদন অনুসৰি মনীষে প্ৰথমে তেওঁৰ চৰিত্ৰটোৰ বাবে প্ৰায় ১০ কিলোগ্ৰাম ওজন বৃদ্ধি কৰিছিল আৰু তাৰ পিছত আন এটা চৰিত্ৰৰ বাবে  ওজন হ্ৰাস কৰিছিল। তেওঁৰ পৰিৱৰ্তনৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিবোৰ ছবি চাই কথাবোৰ বহুতে যেন বিশ্বাস কৰিবলৈয়েই টান পাইছে।

অভিনেতাজনে  এজন ফিটমেনৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ বাবে মনীষ পলে কঠোৰ পৰিশ্ৰম কৰিছিল, প্ৰথমে তেওঁ ১০ কিলোগ্ৰাম ওজন বঢ়াইছিল আৰু ইয়াৰ বাবে যথেষ্ট খাইছিল । ইয়াৰ পিছত  তেওঁ আঢ়ৈ মাহত ১৫ কিলোগ্ৰাম ওজন হ্ৰাস কৰে আৰু সম্পূৰ্ণৰূপে ফিট হৈ পৰে।


মনীষ পলে এটা সাক্ষাৎকাৰত কয় , 'মই সদায় ফিটনেছ ফ্ৰিক হৈ আহিছো। যদিও মই জিমলৈ যাবলৈ ভাল নাপাওঁ, মই মোৰ ফিটনেছকলৈ সদা সচেতন। ইয়াত মই এজন ঠগৰ চৰিত্ৰত অভিনয় কৰিছো আৰু দৰ্শকে মোক পাঁচটা পৃথক অৱতাৰত দেখিব। ইয়াৰ বাবে মই কেতিয়াবা  ওজন ১০  কিলোগ্ৰাম বৃদ্ধি কৰিছিলো আৰু কেতিয়াবা ওজন  হ্ৰাস কৰিছিলো।’’

 'ৰাফুচক্কাৰ'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানতঅভিনেতগাকীয়ে কয় যে প্ৰতিটো চেহেৰা আয়ত্ত কৰিবলৈ তেওঁ  কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। চাৰি মাহত ওজন বৃদ্ধি আৰু হ্ৰাস কৰিবলৈ এক পৃথক আহাৰ অনুসৰণ কৰিবলগীয়া হৈছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান