--°C
Loading...
Listen to Article
2 min read
80%

ড়িজিটেল ডেস্কঃ ভাৰতবৰ্ষ এখন বিশাল সাৰ্বভৌম গণতন্ত্ৰ ৰাষ্ট্ৰ৷ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে বসবাস কৰে ভাৰতবৰ্ষত৷ প্ৰত্যেক জাতি, ধৰ্মৰে আছে নিজা পৰিচয়, কৃষ্টি-সংস্কৃতি৷ গতিকে এনেকুৱা এখন ৰাষ্টৰ বাবে সংবিধানত ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অৱলম্বন কৰাৰ বাদে গত্যন্তৰ নাই৷ ভাৰতীয় সংবিধানত ধৰ্ম নিৰপেক্ষ অধিকাৰ অন্তভূক্ত কৰাৰ বাবে সকলো ভাৰতীয়ই নিজ ইচ্ছামতে ধৰ্মীয় ৰীতি-নীতি পালন কৰাত কোনোৱেই বাধা দিব নোৱাৰে৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ আৰু ২৫ ত স্পষ্টভাৱে ধৰ্মীয় স্বাধীনতাক মৌলিক স্বাধীনতা হিচাপে অন্তভূক্ত কৰিছে৷


‘‘অনক্যৰ মাজত ঐক্য’’, ভাৰতীয় সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট৷ সকলো ভাষা-ভাষি, জাতি-ধৰ্মৰ মানুহে একেলগে উৎসৱ পাৰ্বণত ভাগ ল’য়৷ অৱশ্যে সাম্প্ৰতিক সময়ত সংবিধান প্ৰদত্ত ধৰ্ম নিৰপেক্ষ অধিকাৰ খৰ্ব হোৱাৰ বাতৰি আমি শুনিবলৈ পাওঁ যদিও ভাৰতৰ একতাৰ এনাজৰীডাল ইমানেই শক্তিশালী যে ইয়াক সহজে কোনেও খৰ্ব কৰিব নোৱাৰে৷ সাধাৰণতে আমি উৎসৱ পাৰ্বণৰ সময়তে সমন্বয়ৰ বাৰ্তা বিলাবলৈ বিচৰা এচাম মানুহ দেখিবলৈ পাওঁ৷


দেৱালীৰ আনন্দ উৎসৱৰ মাজতে সম্প্ৰীতিৰ আন এক নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে৷ যুৱকজনৰ নাম ইছলাম মিয়ান৷ ত্ৰিপুৰাৰ চিপাহিজোলাৰ যুৱকজনে কালী পূজাৰ বাবে মা মূৰ্তি ক্ৰয় কৰাৰ বাবে যুৱকজন এতিয়া চৰ্চিত হৈ পৰিছে৷ এজন মুছলমান ধৰ্মালম্বী লোক হৈও এনেদৰে মূৰ্তি পূজা কৰাৰ বাবে তেওঁ এতিয়া সামাজিক মাধ্যমত খুবেই চৰ্চিত৷ ইছলামে পুৱা সদায় বন্ধুৰ সৈতে এখন নিদিষ্ট চাহৰ দোকানত চাহ খাবলৈ যায়, আন দিনাৰ দৰে আজিও বন্ধুৰ সৈতে চাহ খায় আৰু তাৰ পাছতে তেওঁ মূৰ্তি ক্ৰয় কৰা দোকানখনলৈ যোৱাত সকলো হতবাক হৈ পৰে৷

দোকানখনৰ পৰা ইছলামে পিছ মুহুৰ্ততে কালী মা প্ৰতিমা ক্ৰয় কৰে৷ ইছলামে ক’য় যে, আজি কিছু দিনৰ পৰা তেওঁ কালী মা সৈতে কথা পতা সপোন দেখি আছে৷ সেইবাবে মই মা’ৰ সান্নিধ্য ল’ব বিচাৰো আৰু মই ভাবো এই কাম কৰাতো একো ভূল হ’ব নোৱাৰে৷’’ মিয়ানৰ এই কাৰ্যক প্ৰায় বিলাক মানুহে এনেদৰে ক’য় যে, মিয়ানৰ দৰে লোকৰ বৰ্তমান সমাজত খুবেই অভাৱ, তেওঁৰ দৰে আন হাজাৰ জন লোক উলাই আহিব লাগে আৰু আমি তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক