--°C
Loading...
Listen to Article
2 min read
80%

ড়িজিটেল ডেস্কঃ ভাৰতবৰ্ষ এখন বিশাল সাৰ্বভৌম গণতন্ত্ৰ ৰাষ্ট্ৰ৷ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে বসবাস কৰে ভাৰতবৰ্ষত৷ প্ৰত্যেক জাতি, ধৰ্মৰে আছে নিজা পৰিচয়, কৃষ্টি-সংস্কৃতি৷ গতিকে এনেকুৱা এখন ৰাষ্টৰ বাবে সংবিধানত ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অৱলম্বন কৰাৰ বাদে গত্যন্তৰ নাই৷ ভাৰতীয় সংবিধানত ধৰ্ম নিৰপেক্ষ অধিকাৰ অন্তভূক্ত কৰাৰ বাবে সকলো ভাৰতীয়ই নিজ ইচ্ছামতে ধৰ্মীয় ৰীতি-নীতি পালন কৰাত কোনোৱেই বাধা দিব নোৱাৰে৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ আৰু ২৫ ত স্পষ্টভাৱে ধৰ্মীয় স্বাধীনতাক মৌলিক স্বাধীনতা হিচাপে অন্তভূক্ত কৰিছে৷


‘‘অনক্যৰ মাজত ঐক্য’’, ভাৰতীয় সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট৷ সকলো ভাষা-ভাষি, জাতি-ধৰ্মৰ মানুহে একেলগে উৎসৱ পাৰ্বণত ভাগ ল’য়৷ অৱশ্যে সাম্প্ৰতিক সময়ত সংবিধান প্ৰদত্ত ধৰ্ম নিৰপেক্ষ অধিকাৰ খৰ্ব হোৱাৰ বাতৰি আমি শুনিবলৈ পাওঁ যদিও ভাৰতৰ একতাৰ এনাজৰীডাল ইমানেই শক্তিশালী যে ইয়াক সহজে কোনেও খৰ্ব কৰিব নোৱাৰে৷ সাধাৰণতে আমি উৎসৱ পাৰ্বণৰ সময়তে সমন্বয়ৰ বাৰ্তা বিলাবলৈ বিচৰা এচাম মানুহ দেখিবলৈ পাওঁ৷


দেৱালীৰ আনন্দ উৎসৱৰ মাজতে সম্প্ৰীতিৰ আন এক নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে৷ যুৱকজনৰ নাম ইছলাম মিয়ান৷ ত্ৰিপুৰাৰ চিপাহিজোলাৰ যুৱকজনে কালী পূজাৰ বাবে মা মূৰ্তি ক্ৰয় কৰাৰ বাবে যুৱকজন এতিয়া চৰ্চিত হৈ পৰিছে৷ এজন মুছলমান ধৰ্মালম্বী লোক হৈও এনেদৰে মূৰ্তি পূজা কৰাৰ বাবে তেওঁ এতিয়া সামাজিক মাধ্যমত খুবেই চৰ্চিত৷ ইছলামে পুৱা সদায় বন্ধুৰ সৈতে এখন নিদিষ্ট চাহৰ দোকানত চাহ খাবলৈ যায়, আন দিনাৰ দৰে আজিও বন্ধুৰ সৈতে চাহ খায় আৰু তাৰ পাছতে তেওঁ মূৰ্তি ক্ৰয় কৰা দোকানখনলৈ যোৱাত সকলো হতবাক হৈ পৰে৷

দোকানখনৰ পৰা ইছলামে পিছ মুহুৰ্ততে কালী মা প্ৰতিমা ক্ৰয় কৰে৷ ইছলামে ক’য় যে, আজি কিছু দিনৰ পৰা তেওঁ কালী মা সৈতে কথা পতা সপোন দেখি আছে৷ সেইবাবে মই মা’ৰ সান্নিধ্য ল’ব বিচাৰো আৰু মই ভাবো এই কাম কৰাতো একো ভূল হ’ব নোৱাৰে৷’’ মিয়ানৰ এই কাৰ্যক প্ৰায় বিলাক মানুহে এনেদৰে ক’য় যে, মিয়ানৰ দৰে লোকৰ বৰ্তমান সমাজত খুবেই অভাৱ, তেওঁৰ দৰে আন হাজাৰ জন লোক উলাই আহিব লাগে আৰু আমি তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন