--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেঠি  আৰু ৰায়বৰেলী  এসময়ত গান্ধী পৰিয়ালৰ  নিশ্চিত আসন আছিল। গান্ধী পৰিয়ালে এই দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সহজে জয়ীও হব পাৰিছিল। কিন্তু বিগত কিছু বছৰত ছবি সলনি হৈছে। এইবাৰো স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেঠিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ৰাহুল গান্ধীয়ে?  উত্তৰ প্ৰদেশৰ ৰাজনীতিত এয়া এক লাখটকীয়া প্ৰশ্ন। ৰাহুল গান্ধীয়ে অৱশেষত এই প্ৰশ্ন সন্দৰ্ভত মুখ খুলিছে।তেওঁ আমেঠিত প্ৰাৰ্থী হ'বনে?

 সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, "এয়া বিজেপিৰ প্ৰশ্ন। এয়া  ভাল যে আপুনি আৰম্ভণিতে বিজেপিৰ প্ৰশ্নটো লৈ আহিছে। এই সন্দৰ্ভত মোক যি নিৰ্দেশনা দিয়া হয় মই মানি চলিম। "প্ৰাৰ্থিত্বৰ প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত কংগ্ৰেছ নিৰ্বাচন  সমিতিৰ  বৈঠকত লোৱা হয় । কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ইংগিত দিছে যে দলটোৱে বিচাৰিলে আমেঠিৰ পৰাও  প্ৰতিদ্বন্দ্বিতা কৰাত তেওঁৰ কোনো আপত্তি নাই। এসময়ৰ  কংগ্ৰেছৰ ৰাণ্টিযুক্ত আসনখন এতিয়া বিপদাশংকাৰ মাজত আছে। এসময়ৰ কংগ্ৰেছৰ  "দুৰ্গ" এতিয়া নিৰাপত্তাহীন। ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে আমেঠিত স্মৃতি ইৰাণীৰ হাতত ৫৫,০০০ ভোটত পৰাজিত হৈছিল।

 অনুমান কৰা হৈছিল যে ৰাহুলে এইবাৰো আমেঠিলৈ উভতি আহিব পাৰে । কিন্তু দলটোৱে এতিয়াও আসনখনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। আনহাতে, ৰাহুলে কেৰালাৰ ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু আমেঠি সমষ্টিত তেওঁৰ নামক লৈ এতিয়াও জল্পনা-কল্পনা চলিয়েই আছে। ২৬ এপ্ৰিলত  ৰাহুলে আমেঠিৰ পৰা মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি চৰ্চা  চলিছে।অৱশ্যে, কংগ্ৰেছে আনুষ্ঠানিকভাৱে এই অনুমান নিশ্চিত কৰা নাই। ৰাহুলৰ বক্তব্যও ৰহস্যৰ আৱৰণৰ মাজতে আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ