--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেঠি  আৰু ৰায়বৰেলী  এসময়ত গান্ধী পৰিয়ালৰ  নিশ্চিত আসন আছিল। গান্ধী পৰিয়ালে এই দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সহজে জয়ীও হব পাৰিছিল। কিন্তু বিগত কিছু বছৰত ছবি সলনি হৈছে। এইবাৰো স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেঠিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ৰাহুল গান্ধীয়ে?  উত্তৰ প্ৰদেশৰ ৰাজনীতিত এয়া এক লাখটকীয়া প্ৰশ্ন। ৰাহুল গান্ধীয়ে অৱশেষত এই প্ৰশ্ন সন্দৰ্ভত মুখ খুলিছে।তেওঁ আমেঠিত প্ৰাৰ্থী হ'বনে?

 সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, "এয়া বিজেপিৰ প্ৰশ্ন। এয়া  ভাল যে আপুনি আৰম্ভণিতে বিজেপিৰ প্ৰশ্নটো লৈ আহিছে। এই সন্দৰ্ভত মোক যি নিৰ্দেশনা দিয়া হয় মই মানি চলিম। "প্ৰাৰ্থিত্বৰ প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত কংগ্ৰেছ নিৰ্বাচন  সমিতিৰ  বৈঠকত লোৱা হয় । কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ইংগিত দিছে যে দলটোৱে বিচাৰিলে আমেঠিৰ পৰাও  প্ৰতিদ্বন্দ্বিতা কৰাত তেওঁৰ কোনো আপত্তি নাই। এসময়ৰ  কংগ্ৰেছৰ ৰাণ্টিযুক্ত আসনখন এতিয়া বিপদাশংকাৰ মাজত আছে। এসময়ৰ কংগ্ৰেছৰ  "দুৰ্গ" এতিয়া নিৰাপত্তাহীন। ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে আমেঠিত স্মৃতি ইৰাণীৰ হাতত ৫৫,০০০ ভোটত পৰাজিত হৈছিল।

 অনুমান কৰা হৈছিল যে ৰাহুলে এইবাৰো আমেঠিলৈ উভতি আহিব পাৰে । কিন্তু দলটোৱে এতিয়াও আসনখনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। আনহাতে, ৰাহুলে কেৰালাৰ ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু আমেঠি সমষ্টিত তেওঁৰ নামক লৈ এতিয়াও জল্পনা-কল্পনা চলিয়েই আছে। ২৬ এপ্ৰিলত  ৰাহুলে আমেঠিৰ পৰা মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি চৰ্চা  চলিছে।অৱশ্যে, কংগ্ৰেছে আনুষ্ঠানিকভাৱে এই অনুমান নিশ্চিত কৰা নাই। ৰাহুলৰ বক্তব্যও ৰহস্যৰ আৱৰণৰ মাজতে আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু