--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ত এক যুটীয়া অভিযানত সুৰক্ষা বাহিনীয়ে ২৯ জন মাওবাদীক হত্যা কৰাৰ ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওতেই মাওবাদীয়ে অতি নৃশংসভাবে হত্যা কৰিলে এজন বিজেপি নেতাক।  বহুতেই এয়া মওবাদীৰ  'প্ৰতিশোধ' বুলি ধাৰণা কৰিছে । মঙলবাৰে  বিএছএফ আৰু জিলা সংৰক্ষিত বাহিনীয়ে (ডিআৰএফ) যুটীয়াভাৱে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল। অভিযানত ২৯ জন মাওবাদী নিহত হৈছিল। 

মঙল বাৰে নিশা প্ৰায় ১১ বজাত মাওবাদীয়ে বাস্তাৰ অঞ্চলৰ নাৰায়ণপুৰত এজন বিজেপি নেতাৰ  ঘৰত প্ৰৱেশ কৰে আৰু তেওঁক  হত্যা কৰে।যুটীয়া অভিযানত নিহত ২৯ জন মাওবাদীৰ ভিতৰত শীৰ্ষ মাওবাদী নেতা শংকৰ ৰাৱো আছিল।  শংকৰ কাংকৰ জিলাৰ শীৰ্ষ মাওবাদী কমাণ্ডাৰ আছিল। তেওঁৰ মূৰৰ দাম  আছিল ২৫ লাখ টকা। 

কেইবাজনো শীৰ্ষ মাওবাদী নেতাও সেই অভিযানত  নিহত হৈছে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ গোলাবাৰুদ আৰু এটা একে-৪৭ উদ্ধাৰ কৰা হৈছে। অভিযানটো মুখ্যতঃ ছত্তীশগড়ৰ কাংকৰ জিলাৰ অৰণ্যত চলোৱা হৈছিল। আনহাতে এই ঘটনাৰ পিছতে মঙলবাৰে নিশা ১১ বজাত নাৰায়ণপুৰৰ বিজেপি নেতা পঞ্চম দাস মানিকপুৰী ওৰফে গোলুৰ ঘৰত মাওবাদীয়ে প্ৰৱেশ কৰে। তেওঁক তীক্ষ্ণ অস্ত্ৰৰে  আঘাত কৰি মাওবাদীয়ে হত্যা কৰে। তেওঁ নাৰায়ণপুৰৰ দণ্ডৱন গাঁৱৰ উপ পঞ্চায়ত প্ৰধান আৰু বিজেপিৰ  সহ-আহ্বায়ক আছিল। মাওবাদীয়ে বিজেপি নেতাজনৰ ঘৰৰ সন্মুখত এখন পোষ্টাৰো আঁৰে। পোষ্এটাৰ খনত এইবুলি  লিখা আছে যে গোলুক দুৰ্নীতিৰ বাবে হত্যা কৰা হৈছে  আৰু তেওঁ  গোপনে আৰক্ষীক মাওবাদীৰ  খবৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ