--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিন৷ সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগত তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টালিনৰ পুত্ৰ উদয়ানিধিৰ বিৰুদ্ধে মাদ্ৰাজ হাইকোৰ্টে বৰ্তমানেও লোৱা নাই কোনো ব্যৱস্থা৷তদুপৰি বুধবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ডি এম কেৰ আন দুজন নেতা শেখৰ বাবু আৰু আন্দিমুথু ৰাজাক সাংবিধানিক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবীও নাকচ কৰে।

উদয়ানিধি আৰু শেখৰক তামিলনাডুৰ মন্ত্ৰীসভাৰ পৰা আৰু ৰাজাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ বাবে হিন্দুত্ববাদীয়ে দাখিল কৰা ৰিট আবেদনক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। হিন্দু মুন্নানী নামৰ এটা সংগঠনৰ সদস্য টি মনোহৰ আৰু তেওঁৰ দুই সহযোগীয়ে ন্যায়ালয়ে ডিএমকেৰ তিনিজন নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে চেন্নাইত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত ডিএমকেৰ যুৱ নেতা উদয়ানিধিয়ে কয় যে সনাতন ধৰ্মৰ মতাদৰ্শ মচি পেলাবলৈ মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আয়োজকসকলক ধন্যবাদ জনাইছোঁ। সনাতন ধৰ্মৰ মতাদৰ্শৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে মচি পেলাব লাগে বুলি কোৱাৰ বাবে অনুষ্ঠানৰ আয়োজকসকলক অভিনন্দন জনাইছোঁ।এই পৰম্পৰা সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী।সেই বৈঠকত উদয়নিধিয়ে কয়, কিছুমান কথা আছে, যাৰ বিৰোধিতা যথেষ্ট নহয়, সেইবোৰ মচি পেলোৱাৰ প্ৰয়োজন আছে। ক’ৰোনা, মেলেৰিয়া, ডেংগুৰ যেনেকৈ বিৰোধিতা কৰা নহয়,সেইবোৰ নিৰ্মূল কৰাটোৰহে প্ৰয়োজন, ঠিক একেদৰে পৰম্পৰাগত আদৰ্শবোৰো নিৰ্মূল কৰাটো প্ৰয়োজন। উদয়ানিধিৰ এই মন্তব্যৰ পাছতে বিতৰ্কৰ সৃষ্টি হয়। উদয়নিধিৰ এই মন্তব্যৰ বিৰোধিতা কৰে ডিএমকেৰ মিত্ৰ দল কংগ্ৰেছৰ কেইবাজনো নেতাই। তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়েও ষ্টালিন পুত্ৰৰ মন্তব্যক সমৰ্থন নকৰে বুলি উল্লেখ কৰে।

আনহাতে, সোমবাৰে এখন সভাত ডিএমকেৰ সাংসদ ৰাজাই গুজৰাটৰ গোষ্ঠীগত সংঘৰ্ষত ভুক্তভোগী বিলকিছ বানোৰ কথা উল্লেখ কৰি কয় যে, “যেতিয়া মহিলাগৰাকীৰ নিৰ্যাতনকাৰীসকলক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল, তেতিয়া সমৰ্থকসকলে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিছিল 'ভাৰতমতা কী জয়'ৰ ধ্বনি দিছিল।" ৰাজাৰ ভাষাত, "ইয়াৰ বাবে যদি ভাৰতমাতা আৰু ৰামৰ নাম ধ্বনি দিয়া হয়, তেন্তে আমি কোনো ধৰণে মানি নলওঁ।তামিলনাডুৱে কোনো ধৰণে মানি নলয়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু