--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিন৷ সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগত তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টালিনৰ পুত্ৰ উদয়ানিধিৰ বিৰুদ্ধে মাদ্ৰাজ হাইকোৰ্টে বৰ্তমানেও লোৱা নাই কোনো ব্যৱস্থা৷তদুপৰি বুধবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ডি এম কেৰ আন দুজন নেতা শেখৰ বাবু আৰু আন্দিমুথু ৰাজাক সাংবিধানিক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবীও নাকচ কৰে।

উদয়ানিধি আৰু শেখৰক তামিলনাডুৰ মন্ত্ৰীসভাৰ পৰা আৰু ৰাজাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ বাবে হিন্দুত্ববাদীয়ে দাখিল কৰা ৰিট আবেদনক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। হিন্দু মুন্নানী নামৰ এটা সংগঠনৰ সদস্য টি মনোহৰ আৰু তেওঁৰ দুই সহযোগীয়ে ন্যায়ালয়ে ডিএমকেৰ তিনিজন নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে চেন্নাইত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত ডিএমকেৰ যুৱ নেতা উদয়ানিধিয়ে কয় যে সনাতন ধৰ্মৰ মতাদৰ্শ মচি পেলাবলৈ মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আয়োজকসকলক ধন্যবাদ জনাইছোঁ। সনাতন ধৰ্মৰ মতাদৰ্শৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে মচি পেলাব লাগে বুলি কোৱাৰ বাবে অনুষ্ঠানৰ আয়োজকসকলক অভিনন্দন জনাইছোঁ।এই পৰম্পৰা সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী।সেই বৈঠকত উদয়নিধিয়ে কয়, কিছুমান কথা আছে, যাৰ বিৰোধিতা যথেষ্ট নহয়, সেইবোৰ মচি পেলোৱাৰ প্ৰয়োজন আছে। ক’ৰোনা, মেলেৰিয়া, ডেংগুৰ যেনেকৈ বিৰোধিতা কৰা নহয়,সেইবোৰ নিৰ্মূল কৰাটোৰহে প্ৰয়োজন, ঠিক একেদৰে পৰম্পৰাগত আদৰ্শবোৰো নিৰ্মূল কৰাটো প্ৰয়োজন। উদয়ানিধিৰ এই মন্তব্যৰ পাছতে বিতৰ্কৰ সৃষ্টি হয়। উদয়নিধিৰ এই মন্তব্যৰ বিৰোধিতা কৰে ডিএমকেৰ মিত্ৰ দল কংগ্ৰেছৰ কেইবাজনো নেতাই। তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়েও ষ্টালিন পুত্ৰৰ মন্তব্যক সমৰ্থন নকৰে বুলি উল্লেখ কৰে।

আনহাতে, সোমবাৰে এখন সভাত ডিএমকেৰ সাংসদ ৰাজাই গুজৰাটৰ গোষ্ঠীগত সংঘৰ্ষত ভুক্তভোগী বিলকিছ বানোৰ কথা উল্লেখ কৰি কয় যে, “যেতিয়া মহিলাগৰাকীৰ নিৰ্যাতনকাৰীসকলক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল, তেতিয়া সমৰ্থকসকলে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিছিল 'ভাৰতমতা কী জয়'ৰ ধ্বনি দিছিল।" ৰাজাৰ ভাষাত, "ইয়াৰ বাবে যদি ভাৰতমাতা আৰু ৰামৰ নাম ধ্বনি দিয়া হয়, তেন্তে আমি কোনো ধৰণে মানি নলওঁ।তামিলনাডুৱে কোনো ধৰণে মানি নলয়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক