--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাসকীয় বিজেপিৰ দৰেই ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী কংগ্ৰেছ। ভোটাৰৰ মন জিনিবৰ বাবে কংগ্ৰেছ নেতৃত্বই ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে নিৰ্বাচনী ঘোষণা পত্ৰ। দুই–এদিনৰ ভিতৰতে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ অনুমোদন লাভ কৰাৰ পাছত ৰাজহুৱা কৰা হ’ব কংগ্ৰেছৰ ঘোষণা পত্ৰ। এই সন্দৰ্ভত কংগ্ৰেছৰ এটা বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিজৰ ঘোষণা পত্ৰত নিয়োগ, মূল্যবৃদ্ধিৰ পৰা সকাহ তথা সামাজিক ন্যায়ৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে দেশৰ মূল বিৰোধী ৰাজনৈতিক দলটোৱে। পোহৰলৈ অহা তথ্য অনুসৰি ঘোষণা পত্ৰৰ জৰিয়তে যুৱ প্ৰজন্মৰ বাবে বিশেষ ঘোষণা আগবঢ়াবলৈ সাজু হৈছে কংগ্ৰেছ। 

কংগ্ৰেছৰ ঘোষণা পত্ৰ অনুযায়ী দেশত খালী থকা ৩০ লাখ পদ পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব দলটোৱে। একেদৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে কংগ্ৰেছে প্ৰস্তুত কৰিব বিশেষ জব কেলেণ্ডাৰ। চৰকাৰী নিযুক্তি পৰীক্ষাত কোনো মাচুল নোলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব নিজৰ ঘোষণা পত্ৰৰ জৰিয়তে। বিজেপি চৰকাৰৰ অগ্নিপথ যোজনা বন্ধ কৰাৰ বিপৰীতে প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ আইন প্ৰণয়নৰে দেশৰ যুৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ চেষ্টা চলাব কংগ্ৰেছে। 

আনহাতে মহিলা ভোটাৰৰ বাবেও ঘোষণা পত্ৰত বিশেষ উপহাৰ কংগ্ৰেছৰ। প্ৰতিগৰাকী মহিলালৈ প্ৰতিমাহে ৬ হাজাৰ টকাৰ ভাত্তা, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত মহিলালৈ ৩৩ শতাংশ সংৰক্ষণ, নিম্নমূল্যত গেছ চিলিণ্ডাৰ যোগান, আদালতত মহিলা ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ ঘোষণাৰ জৰিয়তে মহিলা ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাব কংগ্ৰেছে। জাতিৰ ভিত্তিত জনগণনা, অ’বিচিৰ বাবে সংৰক্ষণৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱেৰে পিছপৰা শ্ৰেণীক আকৰ্ষণৰ চেষ্টা চলাব বিৰোধী দলটোৱে। 

আনহাতে, আন্দোলনমুখী হৈ পৰা দেশৰ লক্ষ লক্ষ কৃষকক সন্তুষ্ট কৰি MSPক আইনী মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কংগ্ৰেছৰ ঘোষণা পত্ৰত। দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বছৰি ৭২ হাজাৰ টকা আৰু MG–NREGAৰ অধীনত ৪০০ টকালৈ দিনমজুৰি বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীৰ ভোটাৰক নিজৰ পক্ষলৈ অনাৰ চেষ্টা চলাব কংগ্ৰেছে। স্বাস্থ্য খণ্ডত নতুন স্বাস্থ্য বীমা আঁচনি, ক্ৰীড়া ক্ষেত্ৰৰে জড়িত গাঁৱৰ শিশুলৈ জলপানি তথা দেশত AIৰ বহুল প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদানৰে কংগ্ৰেছে প্ৰস্তুত কৰা লোকসভা নিৰ্বাচনৰ ঘোষণা পত্ৰই ভোটাৰক কিমানদূৰ আকৰ্ষিত কৰিব সেয়া সময়ত হৈ পৰিব স্পষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক