--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত মহাদেশৰ উপৰিও পৃথিৱীত এখন সুকীয়া মহাদেশ আছিল। নাম জিলেণ্ডিয়া। কিন্তু অষ্টম ‘মহাদেশ’ বহু পূৰ্বেই পানীত ডুবে। অৱশেষত বিজ্ঞানীসকলে তেওঁক বিচাৰি পালে। অনুমান কৰিছে বিশ্বৰ অষ্টম মহাদেশৰ প্ৰথমখন মানচিত্ৰ। এই অষ্টম ‘মহাদেশে’ পৃথিৱীখনক কিমান আৱৰি ধৰিছে সেয়া জনা গৈছে।

৮৩ নিযুত বছৰ আগতে এই পৃথিৱীত এখন ছুপাৰকন্টিনেণ্ট আছিল। এটা সময়ত সেই বিশাল ভূখণ্ড ভাঙি গ’ল। টুকুৰা টুকুৰকৈ নতুন মহাদেশ গঠন হয়। সেই সময়ত জিলেণ্ডিয়াৰ সৃষ্টি হৈছিল। এই অষ্টম মহাদেশৰ বয়স ১ বিলিয়ন বছৰৰ কম বুলি বিজ্ঞানীসকলে পৰীক্ষা কৰিছে। কিন্তু প্ৰাকৃতিক কাৰণত এই মহাদেশখন কোনো এটা সময়ত পানীৰ তললৈ গৈছিল। মাত্ৰ কেইটামান দ্বীপহে থাকি যায়। ইয়াৰে এটা হ’ল নিউজিলেণ্ড। চাৰিওফালে একে আকৃতিৰ আন কিছুমান দ্বীপ আছে। কিন্তু সেয়া সেইয়া মহাদেশখনৰ মাত্ৰ ৬ শতাংশহে। বাকী ৯৪ শতাংশ পানীৰ তলত ডুব গৈ আছে।

৩৭৫ বছৰ আগতে এজন ডাচ নাৱিকে এই মহাদেশৰ বিষয়ে কৈছিল। ১৬৪২ খ্ৰীষ্টাব্দৰ কথা সেয়া। ইয়াৰ পিছত ২০১৭ চনত ভূতত্ত্ববিদসকলে জিলেণ্ডিয়া আৱিষ্কাৰ কৰে। তাৰ পিছত আৰু ছয় বছৰ পাৰ হৈ গ’ল। অৱশেষত বিজ্ঞানীসকলে জিলেণ্ডিয়াৰ সীমা আঁকিবলৈ সক্ষম হ’ল। সংবাদ সংস্থা বিবিচিৰ তথ্য অনুসৰি এই মহাদেশখন প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত। যাৰ আন এটা নাম হৈছে টে ৰেউয়া মাউই।

Phys.org নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি জিলেণ্ডৰ নতুন মানচিত্ৰখনৰ সবিশেষ টেকটনিকছ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। এতিয়াৰ বাবে বিজ্ঞানীসকলে সাগৰৰ তলত ডুব যোৱা জিলেণ্ডিয়াৰ প্ৰাচীন ইতিহাস জানিবলৈ চেষ্টা চলাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন