--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিয়েলিটি শ্ব'ৰ জৰিয়তে অনুৰাগীসকলৰ হৃদয়ত সুকীয়া  স্থান গঢ়ি তুলিবলৈ সক্ষম হোৱা কৰণ কুন্দ্ৰাই প্ৰায়েই  তেওঁৰ  কেতবোৰ কামৰ জড়িয়তে সংবাদ শিৰোনাম দখল কৰি আহিছে। কৰণে দীৰ্ঘদিন ধৰি 'নাগিন' খ্যাত তেজস্বী প্ৰকাশৰ সৈতে ডেটিং কৰি আছে। কৰণৰ তেওঁৰ প্ৰেমিকাৰ প্ৰতি  থকা সন্মান দেখি, অনুৰাগীসকলে তেওঁক বহুত ভালপায়। এতিয়া আকৌ এবাৰ কৰণে সংবাদ মাধ্যমৰ সন্মুখত কিবা এটা কৰি  দেখুৱাইছে৷ যাৰ বাবে  তেওঁক  সামাজিক মাধ্যমত অনুৰাগীসকলে  প্ৰশংসা কৰা দেখা গৈছে৷ 

কৰণ শেহতীয়াকৈ  তেওঁৰ আহিবলগীয়া নতুন অনুষ্ঠানটোৰ প্ৰচাৰত ব্যস্ত হৈ আছে। কৰণৰ অনুষ্ঠানটোৰ নাম হৈছে 'ইশ্ক মে ঘায়েল', অনুষ্ঠানটো অতিপ্ৰাকৃতিক শক্তিৰ ওপৰত আধাৰিত। এই অনুষ্ঠানটোৰ প্ৰচাৰ কৰোঁতে এখন সংবাদমেলত তেওঁ আজানৰ ধ্বনি শুনিবলৈ পাইছিল৷  কৰণে সকলোকে মনে মনে  থাকিবলৈ অনুৰোধ জনাইছিল  আৰু সকলো  নীৰৱ হৈ পৰিছিল।

 কৰণে  কৈছিল , 'আমি অলপ ৰ'ব লাগে নেকি। আজান, আজানৰ বাবে? মাত্ৰ দুই মিনিট। 'মানুহে সামাজিক মাধ্যমত কৰণৰ এনে কাৰ্যক  প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে কৰণৰ প্ৰশংসা কৰি লিখিছে, 'যদি সকলোৱে আনৰ ধৰ্মক সন্মান কৰে, তেন্তে পৃথিৱীত কেতিয়াও অশান্তি নহয়। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'হিন্দু হিচাবে  মুছলমান সংস্কৃতিক সন্মান কৰাটো এটা ডাঙৰ কথা। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'কৰণ নিজেই  হৃদয়ৰ পৰাই সুন্দৰ ’।

নতুন অনুষ্ঠানটোৰ বিষয়ে  কৰণে কয়, "এই অনুষ্ঠানটোৰ কাহিনী আবেগ আৰু প্ৰেমৰ ওপৰত আধাৰিত। কৰণক তেওঁৰ আহিবলগীয়া অনুষ্ঠান ইশ্ক মে ঘায়ালত ৱেৰৱল্ফৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি কৰণে এই অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডৰ বাবে ১২ লাখ টকা লৈছে।  'শ্ব ইশ্ক মে ঘায়েল'ত কৰণক গাছমিৰ মহাজনী আৰু ৰীম শ্বেখৰ সৈতে  দেখা যাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু