--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিয়েলিটি শ্ব'ৰ জৰিয়তে অনুৰাগীসকলৰ হৃদয়ত সুকীয়া  স্থান গঢ়ি তুলিবলৈ সক্ষম হোৱা কৰণ কুন্দ্ৰাই প্ৰায়েই  তেওঁৰ  কেতবোৰ কামৰ জড়িয়তে সংবাদ শিৰোনাম দখল কৰি আহিছে। কৰণে দীৰ্ঘদিন ধৰি 'নাগিন' খ্যাত তেজস্বী প্ৰকাশৰ সৈতে ডেটিং কৰি আছে। কৰণৰ তেওঁৰ প্ৰেমিকাৰ প্ৰতি  থকা সন্মান দেখি, অনুৰাগীসকলে তেওঁক বহুত ভালপায়। এতিয়া আকৌ এবাৰ কৰণে সংবাদ মাধ্যমৰ সন্মুখত কিবা এটা কৰি  দেখুৱাইছে৷ যাৰ বাবে  তেওঁক  সামাজিক মাধ্যমত অনুৰাগীসকলে  প্ৰশংসা কৰা দেখা গৈছে৷ 

কৰণ শেহতীয়াকৈ  তেওঁৰ আহিবলগীয়া নতুন অনুষ্ঠানটোৰ প্ৰচাৰত ব্যস্ত হৈ আছে। কৰণৰ অনুষ্ঠানটোৰ নাম হৈছে 'ইশ্ক মে ঘায়েল', অনুষ্ঠানটো অতিপ্ৰাকৃতিক শক্তিৰ ওপৰত আধাৰিত। এই অনুষ্ঠানটোৰ প্ৰচাৰ কৰোঁতে এখন সংবাদমেলত তেওঁ আজানৰ ধ্বনি শুনিবলৈ পাইছিল৷  কৰণে সকলোকে মনে মনে  থাকিবলৈ অনুৰোধ জনাইছিল  আৰু সকলো  নীৰৱ হৈ পৰিছিল।

 কৰণে  কৈছিল , 'আমি অলপ ৰ'ব লাগে নেকি। আজান, আজানৰ বাবে? মাত্ৰ দুই মিনিট। 'মানুহে সামাজিক মাধ্যমত কৰণৰ এনে কাৰ্যক  প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে কৰণৰ প্ৰশংসা কৰি লিখিছে, 'যদি সকলোৱে আনৰ ধৰ্মক সন্মান কৰে, তেন্তে পৃথিৱীত কেতিয়াও অশান্তি নহয়। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'হিন্দু হিচাবে  মুছলমান সংস্কৃতিক সন্মান কৰাটো এটা ডাঙৰ কথা। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'কৰণ নিজেই  হৃদয়ৰ পৰাই সুন্দৰ ’।

নতুন অনুষ্ঠানটোৰ বিষয়ে  কৰণে কয়, "এই অনুষ্ঠানটোৰ কাহিনী আবেগ আৰু প্ৰেমৰ ওপৰত আধাৰিত। কৰণক তেওঁৰ আহিবলগীয়া অনুষ্ঠান ইশ্ক মে ঘায়ালত ৱেৰৱল্ফৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি কৰণে এই অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডৰ বাবে ১২ লাখ টকা লৈছে।  'শ্ব ইশ্ক মে ঘায়েল'ত কৰণক গাছমিৰ মহাজনী আৰু ৰীম শ্বেখৰ সৈতে  দেখা যাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক