--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া বহুতে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বা পাকঘৰৰ সামগ্ৰী সোনকালে লাভ কৰিবলৈ Blinkit এপৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এজন ব্যক্তিৰ সেই ই-কমাৰ্চ চাইটত ব্ৰেড অৰ্ডাৰ দিয়াৰ ভয়ংকৰ অভিজ্ঞতা হৈছিল। ৰুটিৰ পেকেটত ঘূৰি ফুৰিছিল এটা নিগনি।

নীতিন অৰোৰা নামৰ গ্ৰাহকজনে সমগ্ৰ বিষয়টো টুইটাৰত উত্থাপন কৰে। লগতে এটা ভিডিঅ' পোষ্ট কৰিলে। তাত দেখা যায়, ৰুটিৰ পেকেটত এটা নিগনি লৰচৰ কৰি আছে। তেওঁ কেপচনত লিখিছে, “ব্লিংকিটৰ পৰা অৰ্ডাৰ দিয়াৰ বহুত বেয়া অভিজ্ঞতা। ৰুটিৰ পেকেট এটাৰ ভিতৰত নিগনি এটা পাইছিলোঁ। যোৱা ১ ফেব্ৰুৱাৰীত অৰ্ডাৰ দিছিলো। এইটো আমাৰ সকলোৰে বাবে অতি চিন্তনীয়। যদি ১০ মিনিটৰ ভিতৰত ডেলিভাৰীৰ নামত এনেকুৱা হয়, তেন্তে ভাল বস্তুবোৰ পাবলৈ আৰু কেইঘণ্টামান অপেক্ষা কৰাই ভাল ।” ব্লিংকিটৰ লগতে তেওঁ জমেটো হেচটেগো দিছিল।ইয়াৰ লগতে অৰোৰাই পেকেটটোত এন্দুৰৰ ছবিও পোষ্ট কৰিছে।


নিতিনৰ পোষ্টটো নিমিষতে ভাইৰেল হৈ পৰিল। এই দৃশ্য দেখি স্তম্ভিত হৈ পৰিছে নেটিজেনসকল। অনলাইন ডেলিভাৰী কোম্পানীৰ বিৰুদ্ধে বহু লোকে ক্ষোভ প্ৰকাশ কৰে। জমাটো আৰু ব্লিংকিৰ ‘দুধ মাংগোগে, দুধ ডেংগে’ প্ৰচাৰৰ প্ৰতি সঁহাৰি জনাই কিছুমানে লিখিছিল, ‘ব্ৰেড মেংগোগে টু চুহা মিলেগা’ ( অৰ্থাৎ ব্ৰেড বিচাৰিলে নিগনি পাব)। বিতৰ্কৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে কোম্পানীটোৱে ক্ষতি নিয়ন্ত্ৰণৰ দিশত আগবাঢ়িল। তেওঁলোকে ক’লে, “আপোনাৰ ইমান বেয়া অভিজ্ঞতা হোৱাটো আমি বিচৰা নাছিলো। আমালৈ আপোনাৰ ফোন নম্বৰ বা অৰ্ডাৰ আইডি প্ৰেৰণ কৰক। আমি বিষয়টো চাম।”

ইয়াৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী কৰিছে নেটিজেনৰ এটা অংশই। মুঠতে ব্লিংকিটৰ  সামাজিক জগতৰ উজ্জ্বল স্থান আছিল । আজিকালি বহুতো এপ আহিছে, যাৰ বাবে এতিয়া বাৰে বাৰে বজাৰলৈ গৈ সামগ্ৰী কিনাৰ উত্তেজনা শেষ হৈ গৈছে। ব্লিকিট, ছুইগি, জ'মাট' আদি বহুতো এপ আছে, মাত্ৰ আপোনাৰ ফোনত ডাউনলোড কৰি ঘৰতে বহি আপোনাৰ সামগ্ৰী অৰ্ডাৰ কৰক। ৰেডি মেড খাদ্য হওক বা পাকঘৰৰ সামগ্ৰী। কিন্তু এইবাৰ যিটো কথাই চৰ্চালৈ আহিছে সেয়া আপোনাক আচৰিত কৰাই নহয়, অনলাইন অৰ্ডাৰ দিয়াৰ আগতে কমেও দুবাৰ চিন্তা কৰিবলৈও বাধ্য কৰাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু