--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া বহুতে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বা পাকঘৰৰ সামগ্ৰী সোনকালে লাভ কৰিবলৈ Blinkit এপৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এজন ব্যক্তিৰ সেই ই-কমাৰ্চ চাইটত ব্ৰেড অৰ্ডাৰ দিয়াৰ ভয়ংকৰ অভিজ্ঞতা হৈছিল। ৰুটিৰ পেকেটত ঘূৰি ফুৰিছিল এটা নিগনি।

নীতিন অৰোৰা নামৰ গ্ৰাহকজনে সমগ্ৰ বিষয়টো টুইটাৰত উত্থাপন কৰে। লগতে এটা ভিডিঅ' পোষ্ট কৰিলে। তাত দেখা যায়, ৰুটিৰ পেকেটত এটা নিগনি লৰচৰ কৰি আছে। তেওঁ কেপচনত লিখিছে, “ব্লিংকিটৰ পৰা অৰ্ডাৰ দিয়াৰ বহুত বেয়া অভিজ্ঞতা। ৰুটিৰ পেকেট এটাৰ ভিতৰত নিগনি এটা পাইছিলোঁ। যোৱা ১ ফেব্ৰুৱাৰীত অৰ্ডাৰ দিছিলো। এইটো আমাৰ সকলোৰে বাবে অতি চিন্তনীয়। যদি ১০ মিনিটৰ ভিতৰত ডেলিভাৰীৰ নামত এনেকুৱা হয়, তেন্তে ভাল বস্তুবোৰ পাবলৈ আৰু কেইঘণ্টামান অপেক্ষা কৰাই ভাল ।” ব্লিংকিটৰ লগতে তেওঁ জমেটো হেচটেগো দিছিল।ইয়াৰ লগতে অৰোৰাই পেকেটটোত এন্দুৰৰ ছবিও পোষ্ট কৰিছে।


নিতিনৰ পোষ্টটো নিমিষতে ভাইৰেল হৈ পৰিল। এই দৃশ্য দেখি স্তম্ভিত হৈ পৰিছে নেটিজেনসকল। অনলাইন ডেলিভাৰী কোম্পানীৰ বিৰুদ্ধে বহু লোকে ক্ষোভ প্ৰকাশ কৰে। জমাটো আৰু ব্লিংকিৰ ‘দুধ মাংগোগে, দুধ ডেংগে’ প্ৰচাৰৰ প্ৰতি সঁহাৰি জনাই কিছুমানে লিখিছিল, ‘ব্ৰেড মেংগোগে টু চুহা মিলেগা’ ( অৰ্থাৎ ব্ৰেড বিচাৰিলে নিগনি পাব)। বিতৰ্কৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে কোম্পানীটোৱে ক্ষতি নিয়ন্ত্ৰণৰ দিশত আগবাঢ়িল। তেওঁলোকে ক’লে, “আপোনাৰ ইমান বেয়া অভিজ্ঞতা হোৱাটো আমি বিচৰা নাছিলো। আমালৈ আপোনাৰ ফোন নম্বৰ বা অৰ্ডাৰ আইডি প্ৰেৰণ কৰক। আমি বিষয়টো চাম।”

ইয়াৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী কৰিছে নেটিজেনৰ এটা অংশই। মুঠতে ব্লিংকিটৰ  সামাজিক জগতৰ উজ্জ্বল স্থান আছিল । আজিকালি বহুতো এপ আহিছে, যাৰ বাবে এতিয়া বাৰে বাৰে বজাৰলৈ গৈ সামগ্ৰী কিনাৰ উত্তেজনা শেষ হৈ গৈছে। ব্লিকিট, ছুইগি, জ'মাট' আদি বহুতো এপ আছে, মাত্ৰ আপোনাৰ ফোনত ডাউনলোড কৰি ঘৰতে বহি আপোনাৰ সামগ্ৰী অৰ্ডাৰ কৰক। ৰেডি মেড খাদ্য হওক বা পাকঘৰৰ সামগ্ৰী। কিন্তু এইবাৰ যিটো কথাই চৰ্চালৈ আহিছে সেয়া আপোনাক আচৰিত কৰাই নহয়, অনলাইন অৰ্ডাৰ দিয়াৰ আগতে কমেও দুবাৰ চিন্তা কৰিবলৈও বাধ্য কৰাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক