--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষ  জৰ্জৰিত মণিপুৰত এতিয়া বিৰাজ কৰিছে মৰিশালীৰ নিস্তব্ধতাই। ৰাজ্য খনৰ কেইবাখনো চহৰত এতিয়া সেনাই পিয়াপি দি ফুৰিছে। কালিলৈকে মণিপুৰত নিহত লোকৰ সংখ্যা চৰকাৰী পৰিসংখ্যা অনুসৰিয়েই ৫৪ গৰাকী হৈছিল। সংঘৰ্ষত আহত বহুলোকৰ চিকিৎসা চলি আছে। মণিপুৰ চৰকাৰে দেওবাৰে  চুৰাচান্দপুৰত তিনি ঘণ্টাৰ বাবে কাৰফিউ শষিথিল কৰি দিছে। , 

মানুহে এই তিনি ঘণ্টাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ  ঘৰৰ বাহিৰলৈ যাব পাৰিব।উত্তৰ-পূবৰ ৰাজ্যখন বুধবাৰৰ পৰা অস্থিৰ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বহু ঠাইত কাৰফিউ জাৰি কৰিছে। ৰাজ্যখনৰ কিছু অংশত ইণ্টাৰনেট সেৱাও কৰ্তন কৰি  ৰখা হৈছে।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰে নিশা এটা  টুইটত  কৈছিল যে সাধাৰণ মানুহে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় আৰু জৰুৰী কামৰ বাবে দেওবাৰে পুৱা ৭ বজাৰ পৰা ১০ বজালৈ চুৰাচান্দপুৰত কাৰফিউ উঠাই লোৱা হ'ব। অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে বুলিও তেওঁ কয়। 

বুধবাৰে নিশা চান্দপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ে অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে। মণিপুৰী ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰে (এটিএছইউএম) বুধবাৰে তেওঁলোকৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক সমদল উলিয়াইছিল। তাতেই বিবাদ আৰম্ভ হৈছিল। যি ক্ৰমান্বয়ে বাঢ়ি গৈছিল। এটা সময়ত, পৰিস্থিতি প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। ইম্ফলৰ এটা বৃহৎ এলেকাত বহু  ঘৰ জ্বলাই দিয়া হৈছিল।  গুলীবৰ্ষণৰ শব্দই চহৰখনৰ পৰিবেশ ভয়াৱহ কৰি তুলিছিল। বহুলোকে নিজৰ জীৱনৰ সুৰক্ষাৰ কথা চিন্তা কৰি  মণিপুৰ এৰিবলৈ বাধ্য হৈছিল।

চুৰাচান্দপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰা হৈছে । বুধবাৰৰ পৰাই তাত  কাৰফিউ জাৰি কৰা হৈছে। সাধাৰণ মানুহক সকাহ দিয়াৰ বাবে শনিবাৰে  চৰকাৰে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাৰফিউ উঠাই লৈছিল। তাৰ পিছত, চুৰাচান্দপুৰৰ বাসিন্দাসকলে দেওবাৰে পুৱা তিনি ঘণ্টাৰ সকাহ পায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল