--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষ  জৰ্জৰিত মণিপুৰত এতিয়া বিৰাজ কৰিছে মৰিশালীৰ নিস্তব্ধতাই। ৰাজ্য খনৰ কেইবাখনো চহৰত এতিয়া সেনাই পিয়াপি দি ফুৰিছে। কালিলৈকে মণিপুৰত নিহত লোকৰ সংখ্যা চৰকাৰী পৰিসংখ্যা অনুসৰিয়েই ৫৪ গৰাকী হৈছিল। সংঘৰ্ষত আহত বহুলোকৰ চিকিৎসা চলি আছে। মণিপুৰ চৰকাৰে দেওবাৰে  চুৰাচান্দপুৰত তিনি ঘণ্টাৰ বাবে কাৰফিউ শষিথিল কৰি দিছে। , 

মানুহে এই তিনি ঘণ্টাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ  ঘৰৰ বাহিৰলৈ যাব পাৰিব।উত্তৰ-পূবৰ ৰাজ্যখন বুধবাৰৰ পৰা অস্থিৰ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বহু ঠাইত কাৰফিউ জাৰি কৰিছে। ৰাজ্যখনৰ কিছু অংশত ইণ্টাৰনেট সেৱাও কৰ্তন কৰি  ৰখা হৈছে।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰে নিশা এটা  টুইটত  কৈছিল যে সাধাৰণ মানুহে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় আৰু জৰুৰী কামৰ বাবে দেওবাৰে পুৱা ৭ বজাৰ পৰা ১০ বজালৈ চুৰাচান্দপুৰত কাৰফিউ উঠাই লোৱা হ'ব। অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে বুলিও তেওঁ কয়। 

বুধবাৰে নিশা চান্দপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ে অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে। মণিপুৰী ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰে (এটিএছইউএম) বুধবাৰে তেওঁলোকৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক সমদল উলিয়াইছিল। তাতেই বিবাদ আৰম্ভ হৈছিল। যি ক্ৰমান্বয়ে বাঢ়ি গৈছিল। এটা সময়ত, পৰিস্থিতি প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। ইম্ফলৰ এটা বৃহৎ এলেকাত বহু  ঘৰ জ্বলাই দিয়া হৈছিল।  গুলীবৰ্ষণৰ শব্দই চহৰখনৰ পৰিবেশ ভয়াৱহ কৰি তুলিছিল। বহুলোকে নিজৰ জীৱনৰ সুৰক্ষাৰ কথা চিন্তা কৰি  মণিপুৰ এৰিবলৈ বাধ্য হৈছিল।

চুৰাচান্দপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰা হৈছে । বুধবাৰৰ পৰাই তাত  কাৰফিউ জাৰি কৰা হৈছে। সাধাৰণ মানুহক সকাহ দিয়াৰ বাবে শনিবাৰে  চৰকাৰে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাৰফিউ উঠাই লৈছিল। তাৰ পিছত, চুৰাচান্দপুৰৰ বাসিন্দাসকলে দেওবাৰে পুৱা তিনি ঘণ্টাৰ সকাহ পায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে