--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰন্ত গতিৰে স্থলভূমিলৈ আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ 'মোকা' ।অহা সপ্তাহৰ প্ৰথমভাগতে  পশ্চিম বংগ বা  ওড়িশাত 'মোকা'ই আঘাত হনাৰ পূৰ্ণ সম্ভাৱনা আছে।  'মোকা'ৰ সম্ভাৱ্য ধ্বংসলীলাৰ বিষয়ে এতিয়া  যথেষ্ট অনুমান, আলোচনা আদি চলি আছে। অৱশ্যে, 'মোকা'ই  ক'ত আঘাত কৰিব আৰু কেনে ৰূপত আঘাত কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে 'মোকা'ই অন্ধ্ৰ প্ৰদেশত প্ৰৱেশ কৰাৰ সম্ভাৱনা ক্ষীণ বুলি ধাৰণা কৰা হৈছে। তামিলনাডু, ওড়িশা আৰু পশ্চিমবংগৰ কোনোবা এখনত 'মোকা'ই আঘাত হনাৰ সম্ভাৱনা থকা বুলি বহুতে ধাৰণা কৰিছে। এই তিনিখন ৰাজ্যৰ মাজত ই ক'ত আঘাত কৰিব তাকে লৈ ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।

অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পশ্চিম বংগ বা  ওড়িশাতেই 'মোকা'ই আঘাত হনাৰ সম্ভাৱনা যথেষ্ট।  'মোকা'ৰ প্ৰভাৱ আন কেইবাখনো ৰাজ্যত পৰিব।   এই ঘূৰ্ণীবতাহৰ প্ৰভাৱত অন্ধ্ৰ প্ৰদেশ, কেৰালা আৰু তামিলনাডুত ধাৰাসাৰ বৰষুণ হ'ব।

বতৰ বিজ্ঞান বিভাগৰ মতে পৰৱৰ্তী পাঁচ দিনৰ বাবে পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, লাডাখ, কাশ্মীৰ, ছিকিম, মহাৰাষ্ট্ৰ, অৰুণাচল প্ৰদেশ, মেঘালয়, অসম আৰু তেলেংগানাত প্ৰতি ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগেৰে বোৱা বতাহৰ সৈতে বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহৰ বাবে সেয়ে  সতৰ্কবাণী জাৰি কৰা হৈছে।

'মোকা'ৰ  গতিপথত  ওড়িশাৰ পৰা ম্যানমাৰ লৈকে অন্তৰ্ভুক্ত  হৈ আছে।  পশ্চিম বংগ আৰু বাংলাদেশৰ মাজেৰেও এই ধুমুহাই গতি কৰিব। বতৰ বিজ্ঞানীসকলে এতিয়া এই বিশাল অঞ্চলটোত 'মোকা'ই ক'ত অধিক  ধ্বংসযজ্ঞ চলাব পাৰে সেই বিষয়ত অনুসন্ধান কৰি আছে।  উল্লেখ্য  কলকাতাৰ পৰা ১,৫০০  কিলোমিটাৰ দূৰৰ বংগোপসাগৰত নিম্নচাপৰ ফলত মোকা ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে।  ঘূৰ্ণীবতাহ জাকে দক্ষিণ ম্যানমাৰৰ ফালে আগবাঢ়ি গৈ থাকিলে, পশ্চিম বংগ বা  ওড়িশাত প্ৰৱেশ কৰিবলৈ বেছি সময় নালাগিব। 

ফলস্বৰূপে, 'মোকা'ই অধিক শক্তি সঞ্চয় কৰাৰ সুযোগ পাব। অৱশ্যে যদি যাত্ৰা পথটো দীঘল হয়, তেন্তে ইয়াৰ শক্তি কিছু পৰিমাণেহ্ৰাস পাব পাৰে। কেৱল সেয়াই নহয়, যদি সাগৰৰ পৃষ্ঠৰ তাপমাত্ৰা ধুমুহাৰ শক্তিৰ অনুকূল নহয়, তেন্তে ভূমিত উপনীত হোৱাৰ আগতে ধুমুহাৰ গতি হ্ৰাস হ'ব পাৰে। বংগোপসাগৰৰ পৃষ্ঠৰ তাপমাত্ৰা এতিয়া ৩০-৩২ ডিগ্ৰী চেলচিয়াছ। যি তাপমাত্ৰা মোকাক শক্তিশালী কৰাৰ বাবে অনুকূল হিচাবে বিবেচিত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে