--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছু বছৰৰ পৰা হাঁওফাঁওৰ কৰ্কট ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে।ধূমপান, প্ৰদূষিত পৰিবেশ আদিয়েই ইয়াৰ মুখ্য কাৰণ বুলি ভবা হৈছে। সচৰাচৰ হোৱা কৰ্কট ৰোগবোৰৰ ভিতৰত ইয়ো এটাআন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগে প্ৰতিবছৰে অধিক লোকৰ প্ৰাণহানি ঘটাই  আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি হাঁওফাঁও কৰ্কট ৰোগত আক্ৰান্ত হোৱা পাঁচজনৰ ভিতৰত প্ৰায় এজনৰ মৃত্যু হয় । ২০১২ চনত বিশ্বত হাঁওফাঁওৰ কৰ্কট ৰোগী সংখ্যা আছিল ১.৮ নিযুত আছিল।২০১৮ চনত এই সংখ্যা আছিল ২.০৯ নিযুত। তদুপৰি, কেৱল ২০১৮ চনত হাঁওফাঁওৰ কৰ্কট ৰোগত ১.৭৬ নিযুত লোকে প্ৰাণ হেৰুৱাইছিল। বিশ্বত আন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১৭.৮ শতাংশ।

হাঁওফাঁওৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ হৈছে:- শ্লেষ্মাৰ পৰিৱৰ্তন , কাহিলে তেজ ওলোৱা, বুকু বা পিঠিৰ বিষ, বস্তু গিলাত অসুবিধা পোৱা  ইত্যাদি। ৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি মাৰ্কিন গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

 ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে হাঁওফাঁও, স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেয়ে ধূমপানৰ পৰা বিৰত থাকি এটা সুস্থ জীৱন যাপন কৰিবলৈ ধূম্ৰপায়ীসকলে আজিৰেই পৰাই অংগীকাৰবদ্ধ হওঁক।

ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে এনে কৰ্কট ৰোগ হোৱা দেখা যায়। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ