--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন শংকিত হৈ পৰিছে শাসকীয় বিৰোধী৷মধ্যপ্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যত বিজেপিৰ চৰকাৰ   আছে যদিও আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে৷এই সংক্ৰান্তত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ বাবে ‘মধ্যপ্ৰদেশ কে মন মেইন মোদী’ শীৰ্ষক এখন পত্ৰ লিখি ৰাজ্যখনৰ জনসাধাৰণে বিজেপিৰ ওপৰত যি আত্মবিশ্বাস দেখুৱাইছিল, সেই আস্থাই ৰাজ্যখনক দেশৰ শীৰ্ষ দহখন প্ৰদৰ্শনকাৰী ৰাজ্যিক অৰ্থনীতিৰ ভিতৰত স্থান দখল কৰাত সহায় কৰিছে বুলি প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মধ্যপ্ৰদেশৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ  সদায় বিশেষ সম্পৰ্ক আছিল যাৰ বাবে ইয়াৰ ৰাইজে ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল৷প্ৰধানমন্ত্ৰীয়ে লিখিছে-“আগন্তুক বিধানসভা নিৰ্বাচনতো ৰাইজে মোৰ লগতে বিজেপিক পুনৰবাৰ সমৰ্থন আগবঢ়াব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷”মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা কামক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ২০ বছৰত ৰাজ্যখনৰ বাবে তেখেতে অক্লান্তভাৱে শ্ৰম কৰি আছে।

তদুপৰি মোদীয়ে বিগত ২০ বছৰত ৰাজ্যত ৫ লাখ কিলোমিটাৰ পথ নিৰ্মাণ, ১৬ শতাংশ হাৰত অৰ্থনৈতিক বিকাশ, ৬৫ লাখ ঘৰলৈ পানী যোগান আৰু ২৮ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হোৱা বুলি পত্ৰযোগে উল্লেখ কৰিছে।

মধ্যপ্ৰদেশৰ উন্নয়নৰ আৰ্হিটোৱে দৰিদ্ৰৰ কল্যাণ আৰু মহিলা সবলীকৰণৰ বাবে কেনেকৈ কাম কৰিব পাৰি তাৰ প্ৰেৰণা হৈ পৰিছে।বিজেপি চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ বাবে কাম কৰিছে যাৰ বাবে ১.৩৬ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে পত্ৰযোগে উল্লেখ কৰিছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক