--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন শংকিত হৈ পৰিছে শাসকীয় বিৰোধী৷মধ্যপ্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যত বিজেপিৰ চৰকাৰ   আছে যদিও আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে৷এই সংক্ৰান্তত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ বাবে ‘মধ্যপ্ৰদেশ কে মন মেইন মোদী’ শীৰ্ষক এখন পত্ৰ লিখি ৰাজ্যখনৰ জনসাধাৰণে বিজেপিৰ ওপৰত যি আত্মবিশ্বাস দেখুৱাইছিল, সেই আস্থাই ৰাজ্যখনক দেশৰ শীৰ্ষ দহখন প্ৰদৰ্শনকাৰী ৰাজ্যিক অৰ্থনীতিৰ ভিতৰত স্থান দখল কৰাত সহায় কৰিছে বুলি প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মধ্যপ্ৰদেশৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ  সদায় বিশেষ সম্পৰ্ক আছিল যাৰ বাবে ইয়াৰ ৰাইজে ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল৷প্ৰধানমন্ত্ৰীয়ে লিখিছে-“আগন্তুক বিধানসভা নিৰ্বাচনতো ৰাইজে মোৰ লগতে বিজেপিক পুনৰবাৰ সমৰ্থন আগবঢ়াব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷”মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা কামক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ২০ বছৰত ৰাজ্যখনৰ বাবে তেখেতে অক্লান্তভাৱে শ্ৰম কৰি আছে।

তদুপৰি মোদীয়ে বিগত ২০ বছৰত ৰাজ্যত ৫ লাখ কিলোমিটাৰ পথ নিৰ্মাণ, ১৬ শতাংশ হাৰত অৰ্থনৈতিক বিকাশ, ৬৫ লাখ ঘৰলৈ পানী যোগান আৰু ২৮ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হোৱা বুলি পত্ৰযোগে উল্লেখ কৰিছে।

মধ্যপ্ৰদেশৰ উন্নয়নৰ আৰ্হিটোৱে দৰিদ্ৰৰ কল্যাণ আৰু মহিলা সবলীকৰণৰ বাবে কেনেকৈ কাম কৰিব পাৰি তাৰ প্ৰেৰণা হৈ পৰিছে।বিজেপি চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ বাবে কাম কৰিছে যাৰ বাবে ১.৩৬ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে পত্ৰযোগে উল্লেখ কৰিছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ